কেঁচা হালধি খালে দেহত কেনে প্ৰভাৱ পৰে জানেনে আপুনি?

24 July 2025

TV9 ASSAM

কেঁচা হালধি দেহৰ কাৰণে অত্যন্ত উপকাৰী বুলি হয়তো আপুনি প্ৰায়ে শুনিছে। ইয়াৰ উপকাৰিতাসমূহৰ বিষয়ে জানিলে আপুনি আচৰিত হ’ব।

কেঁচা হালধি

কেঁচা হালধিত থকা কাৰকুমিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। লগতে পাচনতন্ত্ৰ শক্তিশালী কৰি তোলাৰ বাবে হজম শক্তি উন্নত হয়।

ৰোগ প্ৰতিৰোধ ক্ষমতা

কেঁচা হালধিয়ে হজম শক্তি উন্নত কৰিব পাৰে। পাচনতন্ত্ৰৰ সমস্যা যেনে বদহজম, গেছ, এচিডিটি ইত্যাদি হ্ৰাস কৰাত ই অত্যন্ত উপকাৰী।

পাচনতন্ত্ৰ

কেঁচা হালধি ছালৰ বাবেও অতি উপকাৰী। ই দেহৰ ছাল উজ্জ্বল কৰি তোলে। লঘতে ব্ৰণ আৰু অন্যান্য ছালৰ ৰোগ হ্ৰাস কৰাত সহায় কৰে।

ছাল

কেঁচা হালধিয়ে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। ইয়াৰ এণ্টিঅক্সিডেণ্টৰ পৰিমাণে হৃদৰোগ সৃষ্টি কৰিব পৰা কিছুমান বস্তুৰ বিৰুদ্ধে যুঁজ দিব পাৰে।

হৃদযন্ত্ৰ

কেঁচা হালধিয়ে এণ্টিচেপ্টিক হিচাপেও কাম কৰে। যিকোনো ধৰণৰ ছালৰ সমস্যাৰ বাবে ই অতি উপযোগী।

এণ্টিচেপ্টিক

কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে কেঁচা হালধিত থকা কাৰকুমিনে কেঞ্চাৰ কোষৰ বৃদ্ধি ৰোধ কৰিব পাৰে।

কেঞ্চাৰ

তদুপৰি ডায়েবেটিছ ৰোগীৰ বাবেও কেঁচা হালধি অতি উপকাৰী। কেঁচা হালধিয়ে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

ডায়েবেটিছ

পঢ়িবলৈ ক্লিক কৰক 

বহুসময় ফোনত কথা পাতিলে কিয় ডিঙি বিষায়!