জীৱনশৈলীত ঘটাওক মাত্ৰ এই ৫টা পৰিৱৰ্তন; কিডনীক লৈ আপোনাৰ চিন্তা হ’ব দূৰ, হৈ থাকিব সুস্থ

বিভিন্ন অভ্যাসে সময়ৰ লগে লগে দেহৰ এই গুৰুত্বপূৰ্ণ অংগৰ ক্ষতিসাধন কৰে। বৃক্কৰ সমস্যা আজিৰ সময়ত অত্যন্ত চিন্তাৰ কাৰণ হৈ পৰিছে। আমাৰ দৈনন্দিন জীৱনত কিছুমান অভ্যাসৰ পৰিৱৰ্তন ঘটাই এনে সমস্যাৰ পৰা ৰক্ষা পৰিব পাৰি। জানো আহক এই বিষয়ে।

জীৱনশৈলীত ঘটাওক মাত্ৰ এই ৫টা পৰিৱৰ্তন; কিডনীক লৈ আপোনাৰ চিন্তা হ’ব দূৰ, হৈ থাকিব সুস্থ

বৃক্কৰ স্বাস্থ্য

Updated On: 

27 Oct 2025 10:06 AM

আমাৰ দেহৰ সামগ্ৰিক স্বাস্থ্যৰ ক্ষেত্ৰত বৃক্কৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ বৃক্ক হৈছে শৰীৰৰ প্ৰাকৃতিক পৰিশোধন ব্যৱস্থা, ই তেজৰ পৰা আৱৰ্জনা আৰু অতিৰিক্ত তৰল পদাৰ্থ আঁতৰাই পেলায়। শৰীৰৰ সামগ্ৰিক ভাৰসাম্য ৰক্ষাৰ দায়িত্ব থাকে এই অংগৰ ওপৰত বিভিন্ন অভ্যাসে সময়ৰ লগে লগে দেহৰ এই গুৰুত্বপূৰ্ণ অংগৰ ক্ষতিসাধন কৰে অৱশ্যে জীৱনশৈলীৰ কিছুমান সৰু সৰু পৰিৱৰ্তনে বৃক্কৰ স্বাস্থ্যত ডাঙৰ ইতিবাচক পৰিৱৰ্তন আনিব পাৰে

বৃক্কৰ সমস্যা আজিৰ সময়ত অত্যন্ত চিন্তাৰ কাৰণ হৈ পৰিছে। আমাৰ দৈনন্দিন জীৱনত কিছুমান অভ্যাসৰ পৰিৱৰ্তন ঘটাই এনে সমস্যাৰ পৰা ৰক্ষা পৰিব পাৰি। জানো আহক এই বিষয়ে-

দেহ হাইড্ৰেটেড কৰি ৰাখক

দেহ হাইড্ৰেটেড হৈ থকাটো বৃক্কৰ স্বাস্থ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণনিয়মিত পানী সেৱনৰ অভ্যাসে বৃক্কই ছডিয়াম আৰু বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলোৱাত সহায় কৰে এইদৰে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা কম হয়দৈনিক কমেও ১.৫-২ লিটাৰ পানী আৰু গ্ৰীষ্মকালত অধিক খাব লাগে

স্বাস্থ্যকৰ খাদ্য খাওক

সুস্থ বৃক্কৰ বাবে স্বাস্থ্যসন্মত খাদ্য গুৰুত্বপূৰ্ণনেশ্যনেল কিডনী ফাউণ্ডেশ্যনৰ মতে জামুক, আপেল, ছাইট্ৰাছ ফল, চেৰী, ডালিম, ষ্ট্ৰবেৰী, এভোকেডো আদি ফল বৃক্কৰ বাবে যথেষ্ট উপকাৰী। শাক-পাচলিৰ ক্ষেত্ৰত বীন, ব্ৰকলি, সেউজীয়া শাকপাচলি, বাদাম, চিয়া আৰু ফ্লেক্স বীজ আদি উপকাৰী বিবেচিত হয় প্ৰচেছড খাদ্য, অতিৰিক্ত নিমখ আৰু চেনি আদিৰ ব্যৱহাৰ কম কৰাৰ পৰামৰ্শ দিয়ে বিশেষজ্ঞসকলে।

ৰক্তচাপ, ডায়েবেটিছ, ওজন নিয়ন্ত্ৰণ

ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ বৃক্কৰ ৰোগৰ প্ৰধান কাৰণ বুলি জনা যায় তেজত চেনিৰ মাত্ৰা অধিক লে বৃক্কৰ ক্ষতি কৰিব পাৰে সময়ৰ লগে লগে হাই ডায়েবেটিছৰ ফলত বৃক্কৰ ৰক্তবাহী নলী সংকুচিত হৈ বন্ধ হৈ যায়, ফলত স্বাভাৱিক কাম-কাজত ব্যাঘাত জন্মে। এইদৰে চেনিৰ মাত্ৰা বৃদ্ধি কৰা খাদ্য খোৱাৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ।

লগতে দেহৰ উপযুক্ত ওজন বজাই ৰাখিবলৈ দিনটোৰ ভিতৰত কমেও এঘণ্টা শাৰীৰিক কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰক। অতিৰিক্ত ওজনে বৃক্কত হেঁচা প্ৰয়োগ কৰে আৰু অতিৰিক্ত সময় কাম কৰিবলৈ বাধ্য কৰে, ইয়াৰ ফলত বৃক্কৰ ক্ষতি হয়

ধূমপান আৰু মদ্যপান পৰিহাৰ কৰক

ধূমপান ত্যাগ কৰাটো কেৱল বৃক্কৰ স্বাস্থ্যৰ বাবেই নহয়, সামগ্ৰিক জীৱনৰ বাবেও অত্যন্ত প্ৰয়োজনীয়। এই অভ্যাসে শৰীৰৰ প্ৰতিটো অংগত ৰোগৰ সৃষ্টি কৰিব পাৰে একেদৰে অতিমাত্ৰা মদ্যপান কৰিলে উচ্চ ৰক্তচাপ, ডিহাইড্ৰেচন আৰু ওজন বৃদ্ধিৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে এই সকলোবোৰ বৃক্কৰ বাবে অতি ক্ষতিকাৰক।

পৰ্যাপ্ত টোপনি আৰু মানসিক চাপ মুক্ত

ব্যায়াম, ধ্যান আৰু অন্যান্য শাৰীৰিক কাৰ্যকলাপৰ লগতে নিয়মীয়াকৈ পৰ্যাপ্ত পৰিমাণৰ টোপনি ( ঘণ্টা) আৰু মানসিক চাপ ব্যৱস্থাপনাই আপোনাৰ বৃক্ক সুস্থ কৰি তুলিব পাৰে আৰু প্ৰদাহ হ্ৰাস কৰিব পাৰে। এই অভ্যাস আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবেও অতি প্ৰয়োজনীয়

ঘৰত এইসমূহ চৰাইৰ প্ৰৱেশ অত্যন্ত শুভ! জানক সকলো...
দিনটোত ঘনে ঘনে লাল চাহ বা ৰঙা চাহ খাই নেকি ? ইয়াৰ ফলত স্বাস্থ্যত কি প্ৰভাৱ পৰে?জানক
চিকিৎসালয়ৰ ICUত শ্ৰেয়স আয়াৰ! শংকিত অনুৰাগী, আছে নেকি চিন্তাৰ কাৰণ?
পুৱা উঠিয়ে এই ৪টা বস্তু দেখা মানেই জীৱনলৈ নামিব দুৰ্যোগ! আজিয়েই হওক সাৱধান