আপোনাৰ কন্যাৰ কম বয়সতে মাহেকীয়া হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক ইয়াৰ আঁৰৰ কাৰণ

আজিকালি সৰু সৰু ছোৱালীৰ মাজত ঋতুস্ৰাৱৰ সমস্যা বাঢ়িছে। আগতে ছোৱালীবিলাকৰ ১২-১৪ বছৰ বয়সত মাহেকীয়া হৈছিল যদিও, এতিয়া ৯-১০ বছৰ বয়সত মাহেকীয়া হ’বলৈ আৰম্ভ কৰিছে। এনে ক্ষেত্ৰত মাক-দেউতাকৰ মনতো চিন্তাৰ সৃষ্টি হৈছে যে, এয়া বেমাৰ নেকি?

আপোনাৰ কন্যাৰ কম বয়সতে মাহেকীয়া হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক ইয়াৰ আঁৰৰ কাৰণ
Published: 

28 Jan 2026 | 04:02 PM

আজিকালি শিশুৱে পঢ়া-শুনা আৰু অন্যান্য কামৰ ক্ষেত্ৰত অত্যধিক মানসিক চাপ ল’বলৈ আৰম্ভ কৰিছে। মানসিক চাপে শৰীৰৰ হৰম’নত প্ৰভাৱ পেলাব পাৰে। প্লাষ্টিক আৰু ৰাসায়নিক পদাৰ্থৰ অত্যধিক ব্যৱহাৰে আমাৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলায়। ইয়াৰ ফলত হৰম’নৰ ভাৰসাম্যহীনতা হ’ব পাৰে, যাৰ বাবে মাহেকীয়া সোনকালে আৰম্ভ হ’ব পাৰে।

প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞা ডাঃ ইলা গুপ্তাই কয় যে, আজিকালি সকলোৱে ঘৰতে ৰন্ধা খাদ্যৰ পৰিৱৰ্তে বাহিৰৰ খাদ্য খোৱাটো বেছি পছন্দ কৰে। এইবোৰত ৰাসায়নিক পদাৰ্থ থাকে যিয়ে শৰীৰৰ হৰম’নবোৰক প্ৰভাৱিত কৰিব পাৰে, যাৰ ফলত মাহেকীয়া সোনকালে হ’ব পাৰে। মেদবহুলতাও এটা ডাঙৰ সমস্যা হৈ পৰিছে। আজিকালি মেদবহুলতাৰ বাবে বহুতো ৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে। অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু বেয়া জীৱনশৈলীৰ বাবে কম বয়সতে বিভিন্ন ৰোগৰ সন্মুখীন হৈছে।

যদি মাক বা আইতাকৰ মাহেকীয়া সোনকালে হৈছিল, তেন্তে কন্যাৰো সোনকালে মাহেকীয়া হ’ব পাৰে। জিনীয় সমস্যা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে কণমানি ছোৱালীয়ে মাহেকীয়াৰ সমস্যাৰ সন্মুখীন হৈছে।

এইটো ৰোগ নেকি?

কম বয়সতে মাহেকীয়া হোৱাটো কোনো ৰোগ নহয়, কিন্তু যদি ৭-৮ বছৰ বয়সত হয় তেন্তে ই Precocious Puberty নামৰ চিকিৎসাজনিত কাৰণ হ’ব পাৰে। ইয়াত শিশুটিক সোনকালে ডাঙৰ হোৱা যেন দেখাবলৈ আৰম্ভ কৰে, যাৰ ফলত ভৱিষ্যতে হাড় আৰু শৰীৰৰ বিকাশত প্ৰভাৱ পৰিব পাৰে। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।

এই সমস্যাৰ পৰা এনেকৈ হাত সাৰিব পাৰিব,

এই সমস্যাৰ পৰা হাত সাৰিবলৈ উপযুক্ত খাদ্যাভ্যাস আৰু ভাল জীৱনশৈলী গ্ৰহণ কৰিব লাগিব। শিশুৰ উপযুক্ত খাদ্যাভ্যাস বজাই ৰখাটো প্ৰয়োজনীয়। পিতৃ-মাতৃয়ে সন্তানক ঘৰতে বনোৱা পুষ্টিকৰ খাদ্য খুৱাব লাগে, য’ত সেউজীয়া শাক-পাচলি, দাইল, ফলমূল আদিক অন্তৰ্ভুক্ত কৰিব লাগে। একে সময়তে জাংক ফুড, বাহিৰৰ ভজা খাদ্য আৰু প্লাষ্টিক পেকেটত থকা খাদ্য পৰিহাৰ কৰিব লাগে। ইয়াৰ বাহিৰেও মানসিক চাপ লোৱাৰ প্ৰয়োজন নাই। পঢ়া-শুনা বা আন কোনো কথাৰ সন্দৰ্ভত শিশুৰ ওপৰত বেছি হেঁচা নিদিব।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...