মহিলাৰ বগা স্ৰাৱ হোৱাটো কোনো ৰোগ নেকি? চিকিৎসকৰ পৰা জানি লওক

আপুনি সঘনাই বগা স্ৰাৱৰ সমস্যাৰ সন্মুখীন হৈছে নেকি? ই স্বাভাৱিক নে কোনো ৰোগৰ লক্ষণ সেইটো বুজিব পৰাটো টান। এই বিষয়ে সময়মতে সঠিক তথ্য আৰু চিকিৎসা লাভ কৰাটো জৰুৰী, নহ’লে ই এক ডাঙৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। বগা স্ৰাৱৰ আঁৰৰ প্ৰকৃত কাৰণ বিশেষজ্ঞসকলৰ পৰা জানো আহক...

মহিলাৰ বগা স্ৰাৱ হোৱাটো কোনো ৰোগ নেকি? চিকিৎসকৰ পৰা জানি লওক

মহিলাৰ বগা স্ৰাৱ হোৱাটো কোনো ৰোগ নেকি?

Published: 

20 Jul 2025 08:20 AM

White Discharge in Women: মহিলাৰ বগা স্ৰাৱ হোৱাটো অতি সাধাৰণ শাৰীৰিক প্ৰক্ৰিয়া। যেতিয়া প্ৰয়োজনতকৈ বেছিকৈ বগা স্ৰাৱ হয় বা গোন্ধ ওলাই তেতিয়া ই চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। মেডিকেল ৰিপোৰ্ট অনুসৰি ৭০%তকৈ অধিক মহিলাই জীৱনৰ কোনোবা এটা সময়ত বগা স্ৰাৱৰ সমস্যাত ভুগিবলগীয়া হয়। এই স্ৰাৱ হৰম’নৰ পৰিৱৰ্তনৰ বাবে, মাহেকীয়া চক্ৰৰ আগতে বা কেতিয়াবা সংক্ৰমণৰ বাবেও হ’ব পাৰে। কোনটো স্ৰাৱ স্বাভাৱিক আৰু কেতিয়া ৰোগৰ লক্ষণ হ’ব পাৰে সেই বিষয়ে বুজিব লওক।

এই সমস্যা মহিলাৰ ক্ষেত্ৰত সাধাৰণ যদিও ই গুৰুতৰ। মহিলাৰ যোনিৰ পৰা ওলোৱা বগা বা আঠাযুক্ত তৰল পদাৰ্থ, যাক সাধাৰণতে বগা স্ৰাৱ বা বগা পানী বুলি কোৱা হয়। ই প্ৰায়ে চিন্তাৰ কাৰণ হৈ পৰে। বহু মহিলাই ইয়াক ৰোগ বা সংক্ৰমণ বুলি ভাবি ভয় খায়। বিশেষজ্ঞসকলৰ মতে, কম আৰু গন্ধহীন বগা স্ৰাৱ মহিলাৰ শৰীৰৰ এক স্বাভাৱিক প্ৰক্ৰিয়া, যিয়ে যোনি পৰিষ্কাৰ আৰু সংক্ৰমণমুক্ত কৰি ৰখাত সহায় কৰে।

স্বাভাৱিক বগা স্ৰাৱ কি?

ছফদাৰজং হাস্পতালৰ স্ত্ৰীৰোগ বিভাগৰ ডাঃ ছালনী চদ্ধাই বুজাই দিয়ে যে মহিলাৰ ঋতুচক্ৰৰ বিভিন্ন পৰ্যায়ত পাতল বা স্বচ্ছ স্ৰাৱ হ’ব পাৰে, যিটো সম্পূৰ্ণ স্বাভাৱিক। শৰীৰৰ হৰম’নৰ পৰিৱৰ্তনৰ ফলত এই স্ৰাৱ হয় আৰু ডিম্বাণু নিঃসৰণ, গৰ্ভাৱস্থা বা যৌন কাৰ্য্যকলাপৰ সময়ত সামান্য বৃদ্ধি পাব পাৰে। যদি এই ধৰণৰ স্ৰাৱ পাতল, গন্ধহীন আৰু খজুৱতি নাথাকে, তেন্তে ইয়াক ৰোগ বুলি গণ্য কৰা নহয়।

এয়া কেতিয়া ৰোগৰ লক্ষণ হ’ব পাৰে?

যদি বগা স্ৰাৱৰ লগত প্ৰচণ্ড গোন্ধ, খজুৱতি, জ্বলা-পোৰা, প্ৰস্ৰাৱ হালধীয়া হয়, তেন্তে ই ভেঁকুৰ বা বেক্টেৰিয়াৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। কিছুমান ক্ষেত্ৰত ই যৌন সংক্ৰামক ৰোগ (STD), কেন্সাৰ বা জৰায়ুৰ মুখৰ সমস্যাৰ লক্ষণো হ’ব পাৰে। সঘনাই আৰু অত্যধিক বগা স্ৰাৱ হোৱাটোও চিন্তাৰ কাৰণ হ’ব পাৰে।

বগা স্ৰাৱ বৃদ্ধি হোৱাৰ কাৰণ

  •  হৰম’নৰ ভাৰসাম্যহীনতা
  • হাই চুগাৰ লেবেল বা ডায়েবেটিছ
  • এন্টিবায়টিক সঘনাই ব্যৱহাৰ কৰা
  • লেতেৰা বা কৃত্ৰিম আণ্ডাৰগাৰ্মেণ্ট ব্যৱহাৰ কৰা
  • মানসিক চাপ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল
  • অসুৰক্ষিত যৌন সম্পৰ্ক

ইয়াৰ চিকিৎসা কি?

চিকিৎসা সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে স্ৰাৱৰ কাৰণৰ ওপৰত। যদি স্বাভাৱিক হৰম’নৰ কাৰণত এনেকুৱা হৈছে, তেন্তে বিশেষ চিকিৎসাৰ প্ৰয়োজন নাই। যদি সংক্ৰমণৰ বাবে হয় তেন্তে চিকিৎসকে এন্টিবায়টিক, এন্টিফাংগেল বা এন্টিচেপ্টিক ঔষধ প্ৰেছক্ৰিপচন কৰে। লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, কপাহী আণ্ডাৰৱেৰ পিন্ধা আৰু প্ৰচুৰ পৰিমাণে পানী খোৱাই এই সমস্যাৰ পৰা সকাহ দিব পাৰে। প্ৰতিটো বগা স্ৰাৱ ৰোগৰ লক্ষণ নহয়, কিন্তু যদি ইয়াৰ লগত গোন্ধ, ৰং পৰিৱৰ্তন বা জ্বলা-পোৰাৰ দৰে সমস্যা যোগ হয়, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক। মহিলাৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা আৰু সময়মতে চিকিৎসা গ্ৰহণ কৰাটোৱেই দীৰ্ঘদিনলৈ সুস্থ হৈ থকাৰ একমাত্ৰ উপায়।

 

ৰাহু-কেতুৰ নক্ষত্ৰ পৰিবৰ্তন! ৫০ দিন সাৱধান হৈ থাকিব লাগিব এই ৰাশিৰ লোক...
নিশা ঘাম ওলোৱাটো কি ৰোগৰ লক্ষণ? জানক
মহিলাৰ ক্ষেত্ৰত ওজন বৃদ্ধিৰ প্ৰধান কাৰণসমূহ কি কি? জানক...
শৰীৰত ভেঁকুৰৰ সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক...