চাহৰ সৈতে চেনিৰ পৰিৱৰ্তে গুড় খায় নেকি? এনে অভ্যাসৰ বাবে দেহত কি ঘটিব পাৰে জানেনে?

পুৱাৰ চাহকাপত চেনি দিয়াৰ পৰিৱৰ্তে এতিয়া বহুলোকে চাহকাপৰ সৈতে গুড় খায়। গুড় শৰীৰৰ বাবে উপকাৰী বুলিও এক ধাৰণা প্ৰচলিত হৈ আহিছে। পিছে গুড় সঁচাকৈয়ে দেহৰ বাবে ভাল হয় নে? চাওঁ আহক এই বিষয়ে।

চাহৰ সৈতে চেনিৰ পৰিৱৰ্তে গুড় খায় নেকি? এনে অভ্যাসৰ বাবে দেহত কি ঘটিব পাৰে জানেনে?

চাহৰ সৈতে গুড় খালে কি হয়?

Updated On: 

05 Oct 2025 | 05:43 PM

পুৱা একাপ চাহ প্ৰায় প্ৰতিজন লোকৰ দৈনিন্দিন জীৱনৰ অভ্যাস। কেৱল পুৱা বুলিয়েই নহয়, বহু লোকৰে দিনটোত কেইবাকাপো চাহ খোৱাৰ অভ্যাস থাকে। চাহ কাপ সোৱাদযুক্ত কৰি তুলিবলৈ সততে চেনি ব্যৱহাৰ কৰা হয়। কিন্তু নিয়মীয়াকৈ চেনিযুক্ত চাহ খালে শৰীৰৰ যথেষ্ট ক্ষতি হ’ব পাৰে। অত্যধিক চেনি সেৱনে মেদবহুলতা আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। পুৱাৰ চাহকাপত চেনি দিয়াৰ পৰিৱৰ্তে এতিয়া বহুলোকে চাহকাপৰ সৈতে গুড় খায়। গুড় শৰীৰৰ বাবে উপকাৰী বুলিও এক ধাৰণা প্ৰচলিত হৈ আহিছে।

পিছে গুড় সঁচাকৈয়ে দেহৰ বাবে ভাল হয় নে? বিশেষজ্ঞসকলে কয় যে গুড় চেনিতকৈ অলপ স্বাস্থ্যকৰ যদিও ইয়াৰো কিছু সীমাবদ্ধতা আছে। অৱশ্যে নিৰ্দিষ্ট পৰিমাণৰ গুড় খালে দেহে কিছুমান উপকাৰিতাও লাভ কৰে। গুড়ৰ এনে উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে জানো আহক-

১) আইৰণৰ উৎস

গুড়ত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যি শৰীৰৰ ৰক্তহীনতা দূৰ কৰাত সহায় কৰে।

২) পেট পৰিষ্কাৰ কৰে

গুড়ে হজম শক্তি বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে।

৩) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ গুড়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৪) বিষমুক্তকৰণ

গুড়ে যকৃত পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰায়।

৫) শক্তিৰ উৎস

গুড়ে দেহত শক্তি প্ৰদান কৰে। সেয়েহে মাজে মাজে গুড় খোৱাটো শৰীৰৰ বাবে উপকাৰী।

৬) বিভিন্ন ঋতুভিত্তিক ৰোগত সকাহ

গুড়ে শীতকালত শৰীৰক গৰম কৰি ৰাখে। এইদৰে গুড়ে বতৰৰ সৈতে জড়িত ৰোগৰ পৰা ৰক্ষা কৰে।

৬) ডায়েবেটিছ ৰোগী সাৱধান

ডায়েবেটিছ ৰোগীৰ বাবে গুড় বিপজ্জনক হ’ব পাৰে। গতিকে ডায়েবেটিছ ৰোগীয়ে গুড় পৰিহাৰ কৰাটো ভাল।

৭) ওজন নিয়ন্ত্ৰণত সমস্যা

গুড়ত কেলৰি থাকে। গতিকে বেছিকৈ খাদ্য খোৱাৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে। সেয়ে যিসকল লোকে ওজন কমাব বিচাৰে, তেওঁলোকে অধিক গুড় খাব নালাগে।

চেনিৰ পৰিৱৰ্তে সোৱাদৰ বাবে গুড় তুলনামূলকভাৱে ভাল বিকল্প, কিন্তু সীমিত পৰিমাণতহে গুড় খাব লাগে। নিয়মিতভাৱে গুড় খালে শৰীৰে অতিৰিক্ত খনিজ আৰু ভিটামিনৰ সুফল লাভ কৰে, কিন্তু বেছিকৈ খোৱাটো ক্ষতিকাৰক হ’ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...