ডায়েবেটিছ ৰোগীয়ে নিশাৰ আহাৰ ত্যাগ কৰা উচিত হয় নে! বিশেষজ্ঞই কি কয়, চাওঁ আহক

ঔষধৰ সমান্তৰালকৈ ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে ৰোগীসকলে নানা পন্থা অৱলম্বন কৰে। এফালে শাৰীৰিক কাৰ্যকলাপৰ লগতে খাদ্যাভ্যাসো ডায়েবেটিছ নিয়ন্ত্ৰণৰ অন্যতম প্ৰধান উপায়। কিন্তু ডায়েবেটিছ ৰোগীয়ে নিশাৰ আহাৰ ত্যাগ কৰাটো উচিত হয় নে নহয়, সেয়া আলোচনাৰ বিষয়। এই বিষয়ে বিশেষজ্ঞসকলে কি কয়, জানো আহক।

ডায়েবেটিছ ৰোগীয়ে নিশাৰ আহাৰ ত্যাগ কৰা উচিত হয় নে! বিশেষজ্ঞই কি কয়, চাওঁ আহক

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

06 Feb 2025 | 05:01 PM

বৰ্তমান সময়ত ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা অত্যন্ত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। বয়সস্থ লোকসকলৰ লগতে যুৱক-যুৱতীও ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। ঔষধৰ সমান্তৰালকৈ ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে ৰোগীসকলে নানা পন্থা অৱলম্বন কৰে। এফালে শাৰীৰিক কাৰ্যকলাপৰ লগতে খাদ্যাভ্যাসো ডায়েবেটিছ নিয়ন্ত্ৰণৰ অন্যতম প্ৰধান উপায়। বহু লোকে ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে ভাত খাবলৈ বাদ দিয়ে আৰু ভাতৰ পৰিৱৰ্তে ৰুটি খাবলৈ আৰম্ভ কৰে। ইয়াৰ উপৰিও ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে বহু লোকে নিশাৰ আহাৰো বাদ দিয়া দেখা যায়।

ডায়েবেটিছ ৰোগত সঠিক সময়ত খাদ্য গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। তেনে অৱস্থাত ডায়েবেটিছ ৰোগীয়ে নিশাৰ আহাৰ ত্যাগ কৰাটো উচিত হয় নে নহয়, সেয়া আলোচনাৰ বিষয়। নিশা আহাৰ নাখালে শৰীৰত চেনিৰ মাত্ৰা উঠা-নমা কৰিব পাৰে। কেতিয়াবা খাদ্য নাখালে চেনিৰ মাত্ৰা কমি যায়, যাৰ ফলত মূৰ ঘূৰোৱা, শৰীৰৰ দুৰ্বলতা আদি সমস্যা হ’ব পাৰে। আনহাতে কিছুমান ক্ষেত্ৰত শৰীৰে অধিক গ্লুক’জ উৎপাদন কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে।

গতিকে ডায়েবেটিছ ৰোগীসকলে খাদ্যৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো নিতান্তই আৱশ্যকীয়। টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে কেতিয়াবা উপবাসৰ অভ্যাস ফলপ্ৰসূ বুলি ধৰা হয়। ইয়াৰ ফলত শৰীৰত ইনচুলিনে সঠিকভাৱে কাম কৰে যদিও সকলো ডায়েবেটিছ ৰোগীৰ ইনচুলিন সঠিকভাৱে কাম কৰাটো প্ৰয়োজনীয় নহয়। প্ৰতিজন ব্যক্তিৰ শাৰীৰিক গঠন বেলেগ বেলেগ। এনে পৰিস্থিতিত যদি কোনো ৰোগী ভোকত থাকে, তেতিয়া তেওঁৰ চেনিৰ মাত্ৰা বৃদ্ধি বা হ্ৰাস হ’ব পাৰে।

ডায়েবেটিছ ৰোগীয়ে বেছি সময় ভোকত থাকিব নালাগে। দুৰ্বলতা, ভাগৰুৱা অনুভৱ আৰু মূৰ ঘূৰোৱাৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে। যদি শৰীৰে সময়মতে খাদ্য লাভ নকৰে তেতিয়া হঠাতে চেনিৰ মাত্ৰা অতি কম হৈ পৰে, এনে অৱস্থা অত্যন্ত বিপদজনক হৈ পৰিব পাৰে। খালী পেটত শুই থাকিলে সঘনাই সাৰ পোৱাৰ সম্ভাৱনা থাকে। খালী পেট থাকিলে বদহজমো হ’ব পাৰে। লগতে এনে অভ্যাসে পাচনতন্ত্ৰতো প্ৰভাৱ পৰিব পাৰে।

দিল্লীৰ জ্যেষ্ঠ চিকিৎসক সুভাষ গিৰীয়ে জানিবলৈ দিয়া মতে ডায়েবেটিছ ৰোগীয়ে নিশাৰ আহাৰ এৰিব নালাগে। অৱশ্যে তেওঁলোকে আহাৰ কিছু আগতীয়াকৈ খাব লাগে। নিশা ৮ বজাৰ ভিতৰত ডায়েবেটিছ ৰোগীয়ে আহাৰ খাব লাগে আৰু লঘু আহাৰ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী বুলি তেওঁ লগতে মত প্ৰকাশ কৰে। নিশাৰ আহাৰত দাইল, শাক-পাচলি, ৰুটি আৰু চালাড আদি খাদ্যবস্তু গ্ৰহণ কৰিব লাগে বুলি বিশেষজ্ঞসকলে জানিবলৈ দিয়ে।

ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
শীতকালত কোনসকল লোকে দৈ খোৱাটো অনুচিত, খোৱাৰ পূৰ্বে জানি লওক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ