খাদ্য খোৱাৰ পিছত লগে লগে পানী খোৱা উচিত নে অনুচিত? জানো আহক এই বিষয়ে…

খাদ্য খোৱাৰ সময়ত বা খাদ্যৰ খোৱাৰ আগত তথা পিছত পানী খাব লাগে নে নালাগে, সেই লৈ যথেষ্ট বাদ-বিবাদ দেখা যায়। বহু লোকে খাদ্যৰ লগতে পানী খোৱা দেখা যায়। এই অভ্যাসে পাচন প্ৰক্ৰিয়াত সহায় কৰে বুলি কোৱা হয়। কিন্তু অধিকাংশ পুষ্টিবিদে এই ধাৰণাটোক উলাই কৰিছে।

খাদ্য খোৱাৰ পিছত লগে লগে পানী খোৱা উচিত নে অনুচিত? জানো আহক এই বিষয়ে…

প্ৰতিনিধিত্বমূলক ছবি

Published: 

01 Jun 2025 17:37 PM

পানী প্ৰাণীৰ প্ৰাণ। এয়া আমাৰ সকলোৰে মুখে মুখে। পিছে খাদ্য খোৱাৰ সময়ত বা খাদ্যৰ খোৱাৰ আগত তথা পিছত পানী খাব লাগে নে নালাগে, সেই লৈ যথেষ্ট বাদ-বিবাদ দেখা যায়। বহু লোকে খাদ্যৰ লগতে পানী খোৱা দেখা যায়। এই অভ্যাসে পাচন প্ৰক্ৰিয়াত সহায় কৰে বুলি কোৱা হয়। কিন্তু অধিকাংশ পুষ্টিবিদে এই ধাৰণাটোক উলাই কৰিছে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে এই অভ্যাসে প্ৰয়োজনীয় গ্ৰেষ্ট্ৰিক ৰস পাতল কৰি পাচনত গুৰুতৰভাৱে বাধাৰ সৃষ্টি কৰে আৰু ইনচুলিনৰ মাত্ৰা বৃদ্ধি কৰে। গতিকে এই বিষয়ে সঠিককৈ জানো আহক।

বিশেষজ্ঞৰ মতে আমি খোৱা খাদ্য হজম হ’বলৈ প্ৰায় দুঘণ্টা সময় লাগে। আমাৰ গেষ্ট্ৰিকত এটা নিৰ্দিষ্ট তৰল-কঠিন প্ৰপ’ৰ্টন আছে, খাদ্য খোৱাৰ পূৰ্বে পানী খালে খাদ্যবস্তুটো পাতল কৰি এই তৰল উপাদান বিঘ্নিত কৰাৰ লগতে হজম প্ৰক্ৰিয়াতো বাধাৰ সৃষ্টি কৰে। সেয়ে খাদ্য খোৱাৰ পূৰ্বে পানী খোৱাটো উচিত নহয়। খাদ্যৰ সমান্তৰালভাৱে পানী খোৱাৰ ক্ষেত্ৰতো এনে সমস্যাই দেখা দিব পাৰে।

ইফালে খাদ্য খোৱাৰ ঠিক পিছতেই পানী খোৱাটোও স্বাস্থ্যৰ বাবে উপকাৰী নহয় বুলি বিশেষজ্ঞসকলে কয়। খাদ্য খোৱাৰ ঠিক পিছতেই পানী খালে খাদ্য হজম হ’বলৈ লোৱা প্ৰাকৃতিক সময়ৰ ক্ষেত্ৰত বাধাগ্ৰস্ত হয়। সেয়ে খাদ্য খোৱাৰ আগতে আৰু পিছত, দুয়োক্ষেত্ৰত ৩০ মিনিটৰ ব্যৱধান থাকিব লাগে বুলি বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে।

অধ্যয়নত দেখা গৈছে যে খাদ্য খোৱাৰ পিছত কিছু ব্যৱধান বজাই ৰখাটো অতি প্ৰয়োজনীয় কাৰণ ই প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহো শোষণ কৰাত সহায় কৰে। খাদ্য খোৱাৰ ঠিক পিছতেই পানী সেৱন কৰিলে গেষ্ট্ৰিক ৰস পাতল হোৱাৰ সম্ভাৱনা থাকে। খাদ্য খোৱাৰ পিছত অতিৰিক্ত পানী গ্ৰহণ কৰিলে হজমৰ বাবে অপৰিহাৰ্য এনজাইমবোৰ পাতল হৈ পৰে। ইয়াৰ ফলত পাচন এনজাইমৰ নিঃসৰণ কম হয়, যি পাছলৈ হৃদস্পন্দন আৰু এচিডিটিৰ সৃষ্টি কৰিব পাৰে।

পাচন প্ৰক্ৰিয়া বাধাগ্ৰস্ত হ’লে দেহত বহু খাদ্য হজম নোহোৱাকৈ ৰৈ যায়। এনে হজম নোহোৱা খাদ্যৰ পৰা গ্লুক’জ চৰ্বিলৈ ৰূপান্তৰিত হয় আৰু শৰীৰত জমা হৈ থাকে। এই প্ৰক্ৰিয়াৰ ফলত ইনচুলিনৰ উত্থান ঘটে, যাৰ ফলত শৰীৰৰ তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি পায়, আৰু ডায়েবেটিছ আৰু মেদবহুলতাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে নিজকে হাইড্ৰেটেড কৰি ৰখা আৰু প্ৰতিদিনে নূন্যতম দুই লিটাৰ পানী খোৱাটো গুৰুত্বপূৰ্ণ যদিও সঠিক সময় মানি চলিব লাগে।

কেৱল সুস্থ জীৱন লাভ কৰাই নহয়, সফলতাৰ শীৰ্ষত উপনীত হোৱাত সহায় কৰিব এই ৫ টা অভ্যাসে...
বুদ্ধিমান মানুহে কেতিয়াও প্ৰকাশ নকৰা ৫টা কথা...জানক
IPL ট্ৰফীত সংস্কৃতত কি লিখা আছে? ইয়াৰ অৰ্থ কি জানক...
ভিটামিন A ৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...