Coffee: ৰাতিপুৱা খালী পেটত কফি খালে কি হয়? জানি আচৰিত হ’ব…

বহুতে একাপ গৰম কফি খাই দিনটো আৰম্ভ কৰে। কিন্তু আপুনি জানেনে যে এই অভ্যাসত চিকিৎসকে অনুমোদন নিদিয়ে? হয়, তেওঁলোকে সদায় খালী পেটত কফিৰ আগতে পানী খোৱাৰ পৰামৰ্শ দিয়ে। এই বিষয়ে ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতালৰ আভ্যন্তৰীণ চিকিৎসাৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ সুৰঞ্জিত চেটাৰ্জীৰ পৰা জানো আহক।

Coffee: ৰাতিপুৱা খালী পেটত কফি খালে কি হয়? জানি আচৰিত হব...

কফি

Published: 

05 Nov 2025 09:47 AM

পুৱা একাপ গৰম কফি (Coffee on an Empty Stomach) খোৱাটো বহুতৰে প্ৰিয় অভ্যাস। সাৰ পোৱাৰ লগে লগে কফিৰ চুমুকে টোপনীৰ পৰা জগাই দিয়া যেন লাগে আৰু শক্তিৰ অনুভৱ হয়। কিন্তু এই অভ্যাসে আপোনাৰ পেট আৰু শৰীৰত কি প্ৰভাৱ পেলায় সেই বিষয়ে আপুনি কেতিয়াবা বিবেচনা কৰিছেনে? যদি নাই তেন্তে এই কথা ড° সুৰঞ্জিত চেটাৰ্জীৰ পৰা বুজি লওঁ আহক।

পেটৰ এচিড জমা হয়

ডাক্তৰে কয় যে খালী পেটত কফি খালে আমি ভবাৰ দৰে লাভজনক নহয়। দৰাচলতে যেতিয়া আপুনি একো নোখোৱাকৈ কফি খায় তেতিয়া ই আপোনাৰ পেটত এচিডৰ মাত্ৰা বৃদ্ধি কৰে। যেতিয়া পেটত খাবলৈ একো নাথাকে, তেতিয়া এই অতিৰিক্ত এচিডে পেটৰ আৱৰণত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়, যাৰ ফলত হাৰ্টবাৰ্ণ, গেছ, পেট ফুলা, বদহজমৰ দৰে সমস্যাৰ সৃষ্টি হয়।

ষ্ট্ৰেছ হৰম’ন বৃদ্ধি কৰে

কফিত থকা কেফেইনে শৰীৰত সাধাৰণতে “ষ্ট্ৰেছ হৰম’ন” নামেৰে জনাজাত হৰম’ন কৰ্টিছল বৃদ্ধি কৰে। অৰ্থাৎ ৰাতিপুৱা শক্তিশালী অনুভৱ কৰাৰ পৰিৱৰ্তে আপুনি অস্থিৰ, খিংখিঙীয়া বা নাৰ্ভাছ অনুভৱ কৰিব পাৰে। অৰ্থাৎ কফিয়ে আপোনাক সতেজ কৰাৰ পৰিৱৰ্তে মানসিক চাপত পেলাব পাৰে।

আপোনাৰ ৰাতিপুৱা কেনেকৈ আৰম্ভ কৰিব?

সাৰ পোৱাৰ পিছত আটাইতকৈ ভাল পদক্ষেপটো হ’ল এগিলাচ সাধাৰণ পানী খাব লাগে (কফিৰ আগতে পানী কিয় খাব লাগে)। এৰাতি টোপনিৰ পিছত শৰীৰত সামান্য পানীৰ প্ৰয়োজন হয়। পানীয়ে আৰ্দ্ৰতা পুনৰুদ্ধাৰ কৰে, বিপাকীয় ক্ৰিয়া সক্ৰিয় কৰে আৰু দিনটোৰ বাবে পাচনতন্ত্ৰ প্ৰস্তুত কৰে।

যদি আপুনি পিছত কফি খাব বিচাৰে তেন্তে লঘু ব্ৰেকফাষ্ট বা ফলৰ পিছত খাব লাগে। বিশেষজ্ঞসকলে কফি খোৱাৰ আগতে কমেও ৩০ মিনিট অপেক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ ফলত পেটৰ এচিডৰ প্ৰভাৱ হ্ৰাস পায় আৰু কফিৰ উপকাৰিতাৰ বিষয়ে ভালদৰে উপলব্ধি কৰিব পৰা যায়—যেনে ফ’কাচ আৰু শক্তি।

সৰু সৰু সাৱধানতা, ডাঙৰ পাৰ্থক্য

কফি সম্পূৰ্ণৰূপে ক্ষতিকাৰক নহয়। সঠিক সময়ত আৰু সঠিকভাৱে সেৱন কৰিলে ই একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে, ভাগৰ দূৰ কৰিব পাৰে আৰু মেজাজ উন্নত কৰিব পাৰে। খালী পেটত সেৱন নকৰিব আৰু শৰীৰৰ প্ৰয়োজনীয়তা বুজিব লাগে। অলপ সাধাৰণ জ্ঞানে আপোনাৰ ৰাতিপুৱাৰ উন্নতি কৰাই নহয় দীৰ্ঘম্যাদী পাচন স্বাস্থ্য আৰু মানসিক ভাৰসাম্য ৰক্ষা কৰিব পাৰে।

ৰাতিপুৱা শুই উঠি নাচাব এইকেইটা বস্তু, বেয়া হ'ব দিনটো!
১৬ নৱেম্বৰৰ পিছত ফুলিব ২ ৰাশিৰ কপাল, জানক...
বিনিয়োগ কৰি ৫ বছৰত লাভ কৰিব ১৭ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে ?
শীতকালত ছালৰ যত্নৰ বাবে অধিক গুৰুত্বপূৰ্ণ কি? জানো আহক টিপচ