প্ৰস্ৰাৱ কৰোঁতে অধিক ফেন উঠিছে নেকি? সাৱধান, হ’ব পাৰে এনে বিপদৰ ইংগিত….

বহু লোকে প্ৰস্ৰাৱ কৰি অহাৰ পিছত প্ৰস্ৰাৱত ফেন উঠা পৰিলক্ষিত হয়। প্ৰায় সময়ত এনে দৃশ্যক সাধাৰণ যেন অনুভৱ কৰি গুৰুত্ব নিদিয়াকৈ থকা দেখা যায়। আনহাতে কোনো ধৰণৰ জটিল ৰোগে দেহত থিতাপি লোৱাৰ আশংকাত ভীতিগ্ৰস্ত হৈ পৰে আন বহু লোক। পিছে প্ৰস্ৰাৱত হোৱা এনে ফেন দেখা পালে কি কৰিব লাগে, সেয়া জনাটোও উচিত।

প্ৰস্ৰাৱ কৰোঁতে অধিক ফেন উঠিছে নেকি? সাৱধান, হ’ব পাৰে এনে বিপদৰ ইংগিত….

প্ৰস্ৰাৱ কৰোঁতে অধিক ফেন উঠিছে নেকি?

Published: 

17 Feb 2025 | 04:42 PM

বহু লোকে প্ৰস্ৰাৱ কৰি অহাৰ পিছত প্ৰস্ৰাৱত ফেন উঠা পৰিলক্ষিত হয়। প্ৰায় সময়ত এনে দৃশ্যক সাধাৰণ যেন অনুভৱ কৰি গুৰুত্ব নিদিয়াকৈ থকা দেখা যায়। আনহাতে বহু লোকে এনে কথাত চিন্তিত হৈ পৰাও দেখা যায়। কোনো ধৰণৰ জটিল ৰোগে দেহত থিতাপি লোৱাৰ আশংকাত ভীতিগ্ৰস্ত হৈ পৰে এনে লোকসকল। পিছে প্ৰস্ৰাৱত হোৱা এনে ফেন দেখা পালে কি কৰিব লাগে, সেয়া জনাটোও উচিত। এই সন্দৰ্ভত চিকিৎসক প্ৰতিম সেনগুপ্তাই নিজা ইউটিউব চেনেলত বিতংভাৱে বাখ্যা দাঙি ধৰিছে।

প্ৰতিম সেনগুপ্তাই কয় যে প্ৰস্ৰাৱ আমাৰ শৰীৰৰ এক স্বাভাৱিক জৈৱিক উৎপাদন। ইয়াৰ জৰিয়তে শৰীৰৰ বহুতো বিপাকীয় আৱৰ্জনা নিষ্কাশন হয়। এই অপ্ৰয়োজনীয় দ্ৰৱ্যসমূহত বিভিন্ন ধৰণৰ সামগ্ৰী যেনে – ইলেক্ট্ৰ’লাইট, প্ৰ’টিন ইত্যাদি থাকে। চিকিৎসকগৰাকীয়ে লগতে উল্লেখ কৰা মতে প্ৰস্ৰাৱত নিৰ্দিষ্ট পৰিমাণৰ প্ৰ’টিন নিৰ্গত হয়।

“কিন্তু যদি আপুনি প্ৰস্ৰাৱ কৰাৰ সময়ত বহু ফেন দেখা পায় আৰু এনে অৱস্থা বহুদিনলৈকে থাকে, তেতিয়া আপুনি বুজিব লাগে যে প্ৰস্ৰাৱৰ গুণগত মান আৰু জোখৰ সমস্যা আছে।”- প্ৰতিম সেনগুপ্তাই কয়। প্ৰস্ৰাৱত থকা বিভিন্ন পদাৰ্থই এই ফেন উৎপন্ন কৰে। সেই উপাদানসমূহৰ ভিতৰত প্ৰটিন, ফছফেট, ইউৰেট আদি অন্তৰ্ভুক্ত।

তেওঁ কয়, “যেতিয়া এনেদৰে ফেন ওলোৱা দেখা যায়, তেতিয়া হয়তো বৃক্কই ফিল্টাৰ কৰিবলগীয়াতকৈ অধিক প্ৰটিন ফিল্টাৰ কৰি আছে। যিমান বেছি ফেন থাকে সিমানেই প্ৰটিন নিৰ্গত হৈ আছে।”- তেওঁ লগতে কয়। প্ৰস্ৰাৱত হোৱা এনে ফেন বৃক্কই ভালদৰে কাম নকৰাৰ আগতীয়া লক্ষণ বুলিও তেওঁ দোহাৰে। ক্ৰিয়েটিনিন বৃদ্ধি হোৱাৰ বহু আগতেই আমাৰ শৰীৰত প্ৰটিন লিকেজ আৰম্ভ হয় বুলি তেওঁ লগতে কয়।

এনে অৱস্থাত প্ৰথমে নেফ্ৰ’লজিষ্টৰ পৰামৰ্শ লোৱা প্ৰয়োজন হয়। প্ৰথমতে প্ৰস্ৰাৱত হোৱা ফেনৰ প্ৰকৃত কাৰণ জানিব লাগে আৰু চিকিৎসকৰ পৰামৰ্শ লৈ প্ৰথমে কিছুমান পৰীক্ষা কৰা প্ৰয়োজন। চিকিৎসক প্ৰতিম সেনগুপ্তাই লগতে যদি প্ৰস্ৰাৱত প্ৰটিনৰ পৰিমাণ ঠিকেই থাকে, তেতিয়া ফেন থাকিলেও চিন্তা কৰাৰ কোনো কাৰণ নাই বুলি জানিবলৈ দিয়ে।

কিন্তু পৰীক্ষাৰ প্ৰতিবেদনত যদি অত্যধিক প্ৰটিন নিৰ্গত হোৱা দেখা যায়, তেতিয়া এই বিষয়ে চিন্তা কৰাটো প্ৰয়োজন হৈ পৰিব পাৰে বুলি তেওঁ দোহাৰে। প্ৰস্ৰাৱত প্ৰটিন নিৰ্গমনৰ বহু কাৰণ থাকিব পাৰে। এই বিষয়ে জানো আহক-

১/ গ্ল’মেৰুলাৰ ৰোগঃ গ্ল’মেৰুলাইটিছ হ’লে গ্ল’মেৰুলাছ বা বৃক্কৰ পৰ্দাত প্ৰভাৱ পৰে। তেতিয়া স্বাভাৱিকতে সঠিক পৰিশোধন কঠিন হৈ পৰে।

২/ উচ্চ ৰক্তচাপৰ ফলত প্ৰটিন লিকেজ হ’ব পাৰে।

৩/ ডায়েবেটিছত আক্ৰান্ত হ’লেও এই সমস্যা দেখা যায়। তেনে ক্ষেত্ৰত চেনি কমোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

এনে সমস্যাৰ পৰা সকাহ পাবলৈ কেৱল ঔষধ খালেই যথেষ্ট নহ’ব। তাৰ লগতে জীৱনশৈলীৰ প্ৰতিও গুৰুত্ব দিব লাগিব-

১/ পৰ্যাপ্ত টোপনি নাথাকিলে চিম্পেথেটিক আৰু পেৰাচিম্পেথেটিক স্নায়ুতন্ত্ৰৰ মাজত ভাৰসাম্য ৰক্ষাৰ সমস্যা হয়। ইয়াৰ ফলত বৃক্কৰ আৱৰণত অতিৰিক্ত চাপৰ সৃষ্টি হয়, যাৰ ফলত প্ৰটিনৰ লিকেজ বৃদ্ধি পায়।

২/ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব লাগিব। অন্যথা প্ৰটিন লিকেজ বন্ধ নহয়।

৩/ যদি আপুনি বেছিকৈ নিমখ খায় তেতিয়া ই গ্ল’মেৰুলাৰ টক্সিক প্ৰ’টিন লিকেজ বৃদ্ধি কৰে। এই অভ্যাসে শৰীৰত পানী শোষণ বৃদ্ধি কৰে, যাৰ ফলত হাত-ভৰি ফুলাৰ পৰা আৰম্ভ কৰি বৃক্কৰ ক্ষতিলৈকে সকলো বস্তুৱেই দেখা দিয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব