কেঁচা নহৰু খায় নেকি আপুনি? জানেনে ইয়াৰ ফলত আপোনাৰ দেহত কি ঘটিব পাৰে!

বহু লোকে সোৱাদৰ বাবে বা অভ্যাস অনুসৰি কেঁচা নহৰু খায় যদিও এয়া দেহৰ বাবে ভাল নে বেয়া সেই বিষয়ে প্ৰায়ে জ্ঞাত নহয়। কিন্তু দৈনিক এইদৰে কেঁচা নহৰু খালে নিশ্চিতভাৱে দেহৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে।

কেঁচা নহৰু খায় নেকি আপুনি? জানেনে ইয়াৰ ফলত আপোনাৰ দেহত কি ঘটিব পাৰে!

কেঁচা নহৰু খোৱা উচিত নে?

Published: 

11 Aug 2025 14:15 PM

আমাৰ পাকঘৰত সততে উপলব্ধ এবিধ সামগ্ৰী হৈছে নহৰু খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে আমি নহৰু মছলা হিচাপে ব্যৱহাৰ কৰোঁ স্বাভাৱিকতেই নহৰুৰ ব্যৱহাৰে আমাৰ জিভাত অনন্য ৰুচি প্ৰদান কৰে কেৱল খাদ্যৰ সোৱাদ বৃদ্ধিয়েই নহয়, নহৰুৰ আন বহু স্বাস্থ্য উপকাৰী গুণো আছে আয়ুৰ্বেদতো নহৰুৰ এনে গুণৰ কথা কোৱা হৈছে বহুসময়ত দেখা যায়, কিছু লোকে আহাৰ খোৱাৰ সময়তে হওক বা আন সময়তেই হওক কেঁচা নহৰু খায় পিছে এইদৰে কেঁচা নহৰু খোৱাটো দেহৰ বাবে উপকাৰী হয়নে?

বহু লোকে সোৱাদৰ বাবে বা অভ্যাস অনুসৰি কেঁচা নহৰু খায় যদিও এয়া দেহৰ বাবে ভাল নে বেয়া সেই বিষয়ে প্ৰায়ে জ্ঞাত নহয় কিন্তু দৈনিক এইদৰে কেঁচা নহৰু খালে নিশ্চিতভাৱে দেহৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে পিছে এই প্ৰভাৱ কেনেধৰণৰ পাৰে, জানো আহক এই বিষয়ে

১) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ নহৰুত এলিচিনৰ দৰে উপাদান থাকে, এই এলিচিনৰ এণ্টিমাইক্ৰ’বিয়াল, এণ্টিভাইৰেল আৰু এণ্টিফাংগেল গুণ আছে। নিয়মিত নহৰু খালে দেহ চৰ্দি, জ্বৰ আৰু সংক্ৰমণজনিত ৰোগৰ পৰা ৰক্ষা কৰে।

২) হৃদযন্ত্ৰ সুস্থ কৰি ৰাখেঃ নহৰুৱে বেয়া কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰে আৰু ভাল কলেষ্টেৰল সামান্য বৃদ্ধি কৰে। ই ৰক্তবাহী নলীৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে আৰু ধমনীত প্লেক জমা হোৱাত কিছু বাধা দিয়ে ইয়াৰ ফলত হৃদৰোগ, হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস পায়।

৩) ৰক্তচাপ নিয়ন্ত্ৰণ কৰেঃ অধ্যয়নত দেখা গৈছে যে নহৰুৱে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে, কিয়নো ই ৰক্তবাহী নলী শিথিল কৰে আৰু ৰক্ত সঞ্চালন উন্নত কৰে। বিশেষকৈ উচ্চ ৰক্তচাপত আক্ৰান্ত লোকৰ বাবে ই উপকাৰী, ইয়াৰ দ্বাৰা হৃদৰোগৰ সম্ভাৱনাও কম হয়।

৪) প্ৰদাহ হ্ৰাস কৰেঃ দীৰ্ঘদিনীয়া প্ৰদাহ সমস্যা বাতবিষ, ডায়েবেটিছ আনকি কিছুমান প্ৰকাৰৰ কেঞ্চাৰৰ সৈতেও জড়িত। নহৰুত থকা এণ্টিঅক্সিডেণ্ট আৰু চালফাৰ যৌগবোৰে শৰীৰৰ প্ৰদাহজনিত সমস্যা কমোৱাত সহায় কৰে। ইয়াৰ ফলত বিষ নিয়ন্ত্ৰণত সহায়ক হয়।

৫) মগজুক সুৰক্ষা দিয়েঃ নহৰুৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণে মগজুৰ কোষক অক্সিডেটিভ চাপ আৰু বয়সৰ লগত জড়িত ক্ষতিৰ পৰা ৰক্ষা কৰে। কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে ই মগজুলৈ তেজৰ সোঁত বৃদ্ধি কৰি এলঝেইমাৰ আৰু ডিমেনচিয়াৰ দৰে স্নায়ুজনিত ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।

মনত ৰাখিব, এনেবোৰ দিশত প্ৰতিদিনে নহৰু খোৱাটো উপকাৰী হ’লেও বেছিকৈ খালে পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। গতিকে পৰিমিত পৰিমাণে অৰ্থাৎ প্ৰতিদিনে ১-২ ফুটাতকৈ অধিক নহৰু খোৱা উচিত নহয় কোনো কোনো দৈহিক সমস্যাৰ ক্ষেত্ৰত নহৰু অপকাৰী হিচাপেও গণ্য কৰা হয় গতিকে কেঁচা নহৰু খোৱাৰ ক্ষেত্ৰত চিকিৎসক তথা বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

মুদ্ৰাস্ফীতিয়ে কোঙা কৰা পাকিস্তানত এটা ৰুটিৰ দাম কিমান জানেনে?
২১ আগষ্টৰ লক্ষ্মী-নাৰায়ণ ৰাজযোগ! কপাল ফুলিব এই ৰাশিৰ লোকৰ...
ভাৰতৰ ১ টকাৰ মূল্য পাকিস্তানত কিমান হয় জানেনে? জানক সকলো...
মদ্যপান কৰাৰ পাছত ভুলতেও নাখাব এইবোৰ খাদ্য, অন্যথা ডাঙৰ ক্ষতিৰ সন্মুখীন হব...!