মাছৰ মূৰ খাই ভাল পায় নেকি? ই কি কি ক্ষেত্ৰত উপকাৰী ?

মাছ খাই ভাল পোৱা সকলৰ ভিতৰত মাছৰ মূৰ খাই ভাল পোৱা লোকো আছে। বহুতে কয় যে, মাছৰ মূৰ খোৱাটো শৰীৰৰ বাবে উপকাৰী। প্ৰকৃত সত্য কি?

মাছৰ মূৰ খাই ভাল পায় নেকি? ই কি কি ক্ষেত্ৰত উপকাৰী ?

মাছৰ আঞ্জা

Published: 

28 Jul 2025 | 03:47 PM

অসমীয়া পৰম্পৰাগত মাছৰ আঞ্জা খুবেই জনপ্ৰিয়। আমিষভোজীসকলৰ ভিতৰত মাংস যিমানে ভাল পায়, তাতকৈ বেছি মাছ ভাল পোৱাৰ লোকৰ সংখ্যা বেছি বুলি ক’লেও ভুল নহ’ব। মাছ খাই ভাল পোৱা সকলৰ ভিতৰত মাছৰ মূৰ খাই ভাল পোৱা লোকো আছে। বহুতে কয় যে, মাছৰ মূৰ খোৱাটো শৰীৰৰ বাবে উপকাৰী।

প্ৰকৃত সত্য কি? এই বিষয়ে বিশেষজ্ঞসকলে কি কয়? তেওঁলোকৰ মতে, মাছৰ মূৰৰ সঁচাকৈয়ে স্বাস্থ্য উপকাৰিতা আছেনে! আপুনিও মাছৰ মূৰ খাই ভাল পায় নেকি? যদি ভাল পায় তেন্তে এই উপকাৰিতাবোৰৰ বিষয়ে জনাটো অতি দৰকাৰী। বহুতে প্ৰতিদিনে ঘৰত মাছ আঞ্জা ৰান্ধে। বহুতে মাছৰ মূৰেৰে বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰে।

মাছৰ মাথা খোৱাৰ উপকাৰিতা

১) মাছৰ মূৰত কম বেছি পৰিমাণে সকলো ধৰণৰ পুষ্টিকৰ উপাদান থাকে।

২) মাছৰ মূৰত থকা ওমেগা-৩ ফেটি এচিডে মগজুৰ কোষক সুস্থ কৰি ৰখাত সহায় কৰে।

৩) চকুৰ যত্নৰ বাবে মাছৰ মূৰ ফলপ্ৰসূ। ইয়াত ভিটামিন A থাকে। মাছৰ মূৰ খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়। কেৱল সেয়াই নহয়, চকুৰ সমস্যাও নহয়।

৪) মাছৰ মূৰত ওমেগা-৩ ফেটি এচিড থাকে। ই মানসিক বিষণ্ণতা হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ লগতে মাছৰ মূৰ খালে হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে বুলি কোৱা হয়।

৫) মাছৰ মূৰে হাড়ৰ সুস্বাস্থ্য বজাই ৰাখিব পাৰে। ইয়াত কেলচিয়াম আৰু অন্যান্য খনিজ পদাৰ্থ থাকে। এইবোৰে হাড় মজবুত কৰে।

৫) মাছৰ মূৰ ছালৰ বাবেও অতি উপকাৰী। ইয়াত থকা ভিটামিন আৰু ফেটি এচিডে ছালখন আৰ্দ্ৰ কৰি ছালখনক সুস্থ কৰি ৰখাত সহায় কৰে।

বি:দ্ৰ – এই প্ৰতিবেদনত উল্লেখ কৰা তথ্য বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় প্ৰতিবেদনৰ পৰা আহৰণ কৰা হৈছে। এই ক্ষেত্ৰত TV9 অসমীয়াই কোনো দায়িত্ব নলয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব