পুৱাৰ ভাগত আপোনাৰো আছে নেকি এনে অভ্যাস? সাৱধান, ভুগিব পাৰে বহু সমস্যাত….

পুৱা শুই উঠি একাপ চাহ বা কফি খোৱাৰ অভ্যাস প্ৰায় অধিকাংশ লোকৰে থাকে। বহু লোকে চাহৰ পৰিৱৰ্তে পুৱা ব্লেক কফি খোৱাটো পছন্দ কৰে। পিছে পুৱা খালী পেটত এইদৰে ব্লেক কফি খোৱাৰ অভ্যাস ভাল নে বেয়া?

পুৱাৰ ভাগত আপোনাৰো আছে নেকি এনে অভ্যাস? সাৱধান, ভুগিব পাৰে বহু সমস্যাত....

প্ৰতিনিধিত্বমূলক ছবি

Published: 

06 Apr 2025 | 08:34 PM

পুৱা শুই উঠি একাপ চাহ বা কফি খোৱাৰ অভ্যাস প্ৰায় অধিকাংশ লোকৰে থাকে। বহু লোকৰ ক্ষেত্ৰত এই অভ্যাস এনে হৈ পৰে যে চাহ বা কফিকাপ সময়মতে নাপালেই অস্থিৰতা অনুভৱ কৰে। সেয়ে খালী পেটতে চাহ বা কফি একাপ হাতত তুলি লয় এই লোকসকলে। কিছুসংখ্যক লোকে আকৌ পুৱা গাখীৰ খোৱাত সমস্যাৰ সন্মুখীন হয় বাবে ৰঙা চাহ তথা ব্লেক কফি খোৱাটো পছন্দ কৰে। পিছে পুৱা খালী পেটত এইদৰে ব্লেক কফি খোৱাৰ অভ্যাস ভাল নে বেয়া? এই বিষয়ত বহু লোকেই ভালদৰে জ্ঞাত নহয় বা নূন্যতম ধাৰণা নাই।

অধ্যয়নত দেখা গৈছে যে খালী পেটত কফি খালে পেটত অধিক এচিড উৎপন্ন হয়। কিছুমান ক্ষেত্ৰত খালী পেটত কফি খালে গেষ্ট্ৰিকৰ সমস্যা যেনে পেটৰ আলচাৰ, অন্ত্ৰৰ বিকাৰ, বুকু জ্বলাপোৰা কৰা, বমি, বদহজম আদিৰ সৃষ্টি হোৱা বুলি প্ৰমাণিত হৈছে। যিসকল লোকৰ ক্ষেত্ৰত আকৌ গাখীৰ খোৱাতো সমস্যা আছে, তেওঁলোকে গাখীৰ নোহোৱাকৈ ব্লেক কফি সেৱন কৰিব লগা হয়।

কিন্তু বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে ব্লেক কফি স্বাস্থ্যৰ বাবে উপকাৰী নহয়। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ব্লেক কফি খোৱাৰ ফলত বদহজমৰ লক্ষণেও দেখা দিব পাৰে। পাচনতন্ত্ৰৰ সমস্যা যেনে গেষ্ট্ৰাইটিছ, আলচাৰ, বা এচিড ৰিফ্লাক্স থকা লোকে খালী পেটত ব্লেক কফি খাব নালাগে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে। গৰ্ভৱতী মহিলা বা স্তনপান কৰাই থকা মহিলাসকলেও খালী পেটত ব্লেক কফি খোৱা উচিত নহয়।

খালী পেটত ব্লেক কফি খালে কঁপনি, হৃদস্পন্দন বৃদ্ধি, মূৰৰ বিষ আদিও হ’ব পাৰে। ব্লেক কফিয়ে টোপনিৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ শুবলৈ যোৱাৰ পূৰ্বে ব্লেক কফি খোৱাৰ পৰা বিৰত থাকক। লগতে যদি আপুনি মানসিক চাপত ভুগিছে ​​তেতিয়াও ব্লেক কফি খোৱা বন্ধ কৰাটো ভাল। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...