শীতকালত আইৰণৰ অভাৱ পূৰণৰ বাবে এই ৫ বিধ শাক-পাচলি খাবলৈ আৰম্ভ কৰক

আইৰণে পেশীৰ কাৰ্যকলাপ, মগজুৰ বিকাশ, হৰম’নৰ ভাৰসাম্য আৰু শৰীৰৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ স্বাভাৱিক ক্ষমতাক সহায় কৰে। গতিকে আইৰণৰ উত্তম উৎস বুলি গণ্য কৰা এই পাঁচ বিধ শাক-পাচলি খাব পাৰে।

শীতকালত আইৰণৰ অভাৱ পূৰণৰ বাবে এই ৫ বিধ শাক-পাচলি খাবলৈ আৰম্ভ কৰক
Published: 

20 Dec 2025 16:47 PM

শৰীৰৰ অত্যাৱশ্যকীয় খনিজ পদাৰ্থ হৈছে আইৰণ। বিশেষজ্ঞসকলে কয় যে, পৰ্যাপ্ত পৰিমাণৰ আইৰণ অবিহনে শৰীৰে পৰ্যাপ্ত পৰিমাণে সুস্থ ৰক্তকণিকা উৎপন্ন কৰিব নোৱাৰে, যাৰ ফলত ক্লান্তি, দুৰ্বলতা, একাগ্ৰতা কম, ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। ইয়াৰ উপৰিও কোৱা হয় যে, আইৰণে পেশীৰ কাৰ্যকলাপ, মগজুৰ বিকাশ, হৰম’নৰ ভাৰসাম্য আৰু শৰীৰৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ স্বাভাৱিক ক্ষমতাক সহায় কৰে। গতিকে আইৰণৰ উত্তম উৎস বুলি গণ্য কৰা এই পাঁচ বিধ শাক-পাচলি খাব পাৰে।

আইৰণৰ বাবে তালিকাত এই পাঁচ বিধ শাক-পাচলি ৰাখক

চজিনা পাত: আইৰণৰ বাবে চজিনা পাত খাদ্যৰ আঞ্জাত ব্যৱহাৰ কৰিব পাৰে। দালিৰ লগতে চজিনাৰ পাত খাব পাৰে। ইয়াৰ চাটনি বনাব পাৰি। শুকান পাত গুড়ি কৰি ঔষধ হিচাপে গৰম পানীৰ লগত খাব পাৰে।

ৰঙা মৰিচা শাক: আইৰণৰ অভাৱ দূৰ কৰিবলৈ ৰঙা মৰিচা শাক খাব পাৰে। এই শাক জোল বনাই খাব পাৰে বা ভাজি বনাই খাব পাৰে। এই শাক বিধ স্বাস্থ্যৰ বাবে অতি উত্তম।

পালেং শাক: আইৰণৰ বাবে পালেং শাক উপকাৰী। এই শাক বিভিন্ন প্ৰকাৰে খাব পাৰি। আমাৰ অসমীয়া লোকসকলে প্ৰায়ে দালিৰ জলৰ পালেং শাকৰ জোল খায়।

বিট: নেমু বা আমলখি দি খালী পেটত ইয়াৰ ৰস সেৱন কৰিব পাৰে। ই আৰণৰ অভাৱ দূৰ কৰাত সহায় কৰিব পাৰে। ইয়াক চালাড বনাই খাব পাৰে।

ব্ৰকলি: আইৰণৰ অভাৱ দূৰ কৰাৰ বাবে তালিকাত ব্ৰকলি অন্তৰ্ভুক্ত কৰক। বইল আঞ্জাৰ লগতে ব্ৰকলি অন্তৰ্ভুক্ত কৰিব পাৰে। তদুপৰি মাছ আৰু ব্ৰকলিৰ আঞ্জাৰ সোৱাদ অধিক। বিভিন্ন ধৰণে ব্ৰকলি খাব পাৰে।

আইৰণৰ অভাৱত ভুগিছে নেকি ? তালিকাত এই পাঁচ বিধ শাক-পাচলি ৰাখক
ডায়েবেটিছ ৰোগীয়ে খালী পেটত খাওক এইসমূহ খাদ্য, অত্যন্ত উপকাৰী ...
কঠোৰ ব্যায়াম কৰাৰ প্ৰয়োজন নাই ! শৰীৰৰ ওজন স্বাভাৱিকভাৱে হ্ৰাস কৰাৰ ৬টা সহজ টিপছ
সপোনত কাজিয়া দেখাটো কিহৰ ইংগিত জানেনে? সবিশেষ...
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...