শৰীৰত আইৰণৰ অভাৱ! মহিলাসকলে ভুলতো আওকান নকৰিব এই ৩ টা লক্ষণ, জানক…
ভাল স্বাস্থ্যৰ বাবে মানুহক পুষ্টিকৰ উপাদানৰ প্ৰয়োজন। যেতিয়া শৰীৰত কিছুমান উপাদানৰ অভাৱ হয় তেতিয়া লক্ষণে দেখা দিয়ে। গতিকে এই লক্ষণসমূহ আওকান কৰিব নালাগে।

আইৰণৰ অভাৱৰ লক্ষণ
পৰিবৰ্তিত জীৱনশৈলী বা খাদ্যৰ বাবে মানুহে বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভোগে। বিশেষকৈ মহিলাসকলৰ দেহত বিভিন্ন সমস্যাই দেখা দিয়ে। তেনে অৱস্থাত মহিলাসকল অধিক সাৱধান হৈ থকা প্ৰয়োজন। মহিলাসকলে ঘৰৰ পৰা আৰম্ভ কৰি অফিচ আদি সকলো দিশ চাব লাগে। যাৰ বাবে বহু মহিলাই নিজৰ স্বাস্থ্যৰ যত্ন লবলৈ সময় নাপায়। আনকি বহু সময়ত তেওঁলোকে খাদ্য খাবলৈও পাহৰি যায়। তেনে অৱস্থাত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে আৰু বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে।
শৰীৰৰ সঠিক যত্নৰ অভাৱ বা খাদ্যৰ ক্ষেত্ৰত কৰা অৱহেলাৰ বাবে বিভিন্ন ৰোগে দেহত স্থান লয়। অষ্টিঅ’পৰ’ছিছ, স্তন কেন্সাৰ, ছাৰ্ভাইকেল কেন্সাৰ, প্ৰস্ৰাৱৰ লগত জড়িত বিভিন্ন সমস্যা মহিলাসকলৰ হোৱা দেখা যায়। ১৫ ৰ পৰা ৪৯ বছৰলৈ এইসমূহ ৰোগৰ আশংকা মহিলাৰ বেছি। গতিকে কিছুমান সাৱধানতা অৱলম্বন কৰিলে এনে সমস্যাৰ পৰা দূৰত থাকিব পৰা যায়।
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ১৫ৰ পৰা ৪৯ বছৰৰ ভিতৰৰ ৩০ শতাংশ মহিলা আৰু ৩৭ শতাংশ গৰ্ভৱতী মহিলা ৰক্তহীনতাত আক্ৰান্ত হয়। ঋতুস্ৰাৱৰ সমস্যা আৰু হৰম’নৰ পৰিৱৰ্তনৰ ফলতো ইয়াৰ সৃষ্টি হ’ব পাৰে। শৰীৰত ৰক্তহীনতা বা আইৰণৰ অভাৱৰ ফলত শক্তিৰ অভাৱ হয়। যেতিয়া শৰীৰত আইৰণৰ অভাৱ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। এই লক্ষণসমূহ বিশেষকৈ মহিলাসকলা আওকান কৰিব নালাগে।
প্ৰধান তিনিটা লক্ষণ
- বহু মহিলাই অধিক ভাগৰ অনুভৱ কৰে। বেছিকৈ কাম নকৰাৰ পাছতে ভাগৰ, উশাহ লোৱাক কষ্ট আদিৰ সৃষ্টি হয়। বহু সময়ত মহিলাৰ ৰক্তহীনতা হলে মূৰ ঘূৰায যেতিয়া এই সমস্যা দীৰ্ঘদিন ধৰি হৈ থাকে তেন্তে এয়া আইৰণৰ অভাৱৰ বাবে হয়।
- বিশেষজ্ঞসকলৰ মতে শৰীৰত আইৰণৰ পৰিমাণ নিয়মিতভাৱে পৰীক্ষা কৰিব লাগে। আইৰণ কম হ’লে ৰক্তকণিকা উৎপাদনত সমস্যা হ’ব পাৰে। যাৰ বাবে শৰীৰত অক্সিজেন যোগান ধৰাত বাধা আহিব পাৰে। ইয়াৰ ফলত ৰক্তহীনতাও হ’ব পাৰে।
- যদি কোনো মহিলাই নিয়মীয়াকৈ ভাগৰুৱা, বা সকলো সময়তে শুই থাকিব বিচাৰে তেন্তে এই লক্ষণসমূহ একেবাৰেই আওকাণ কৰা উচিত নহয়। লগতে ঠাণ্ডা হাত ভৰি ঠাণ্ডা হৈ পৰিব পাৰে। এয়াও ৰক্তহীনতাৰ লক্ষণ হব পাৰে।
অভাৱ দূৰ কৰিবলৈ কি খাব
- খাদ্যত হিম আৰু নন-হিম আইৰণ অন্তৰ্ভুক্ত কৰক।
- পশুজাতীয় খাদ্যত হিম আইৰণ থাকে। (যেনে-মাংস, সাগৰীয় মাছ, গাহৰি, মুৰ্গী, ৰেড মীট আদি)
- উদ্ভিদভিত্তিক খাদ্যত নন-হিম আইৰণ থাকে। (বিন, সেউজীয়া শাক-পাচলি আদি)
- চোইয়াৰ পৰা প্ৰস্তুত হোৱা খাদ্য।
- আলমণ্ড, ৰঙালাউৰ গুটি আদি।
যদি দীৰ্ঘদিন ধৰি এই সমস্যাই দেখা দি আছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।
অন্য খবৰ পঢ়কঃ অনবৰতে দুৰ্বল আৰু ভাগৰুৱা অনুভৱ হৈ থাকে নেকি? তেন্তে হ’ব পাৰে শৰীৰৰ এই সমস্যা, জানক…