ৰোগ প্ৰতিৰোধ ক্ষমতা অতুত ৰাখিবলৈ এই বনৌষধি পানীয় খাব পাৰে…

বিশেষজ্ঞসকলৰ মতে ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল হ’লে সহজে কোনো ধৰণৰ ৰোগে আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে । শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা অতুত ৰখাটো অতি প্ৰয়োজন ।

ৰোগ প্ৰতিৰোধ ক্ষমতা অতুত ৰাখিবলৈ এই বনৌষধি পানীয় খাব পাৰে...

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপায়

Updated On: 

23 Oct 2024 | 07:02 AM

ঋতুৰ পৰিৱৰ্তন, টোপনি অভাৱ আৰু বেছিকৈ চেনি থকা খাদ্য আৰু তেল খোৱাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱাৰ সম্ভাৱনা থাকে । ইয়াৰ ফলত আপোনাৰ শৰীৰত ৰোগে ঠাই ল’ব পাৰে । বিশেষজ্ঞসকলৰ মতে ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল হ’লে সহজে কোনো ধৰণৰ ৰোগে আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে । শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা অতুত ৰখাটো অতি প্ৰয়োজন । এনে পৰিস্থিতিত দৈনন্দিন জীৱনত স্বাস্থ্যসন্মত পানীয় অন্তৰ্ভুক্ত কৰাটো আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ এক সহজ আৰু ফলপ্ৰসূ উপায় হ’ব পাৰে।

আদা,হালধি,নেমু আৰু মৌৰ দৰে খাদ্যত স্বাভাৱিকতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা গুণ থাকে। হালধিত কাৰকুমিন থাকে, যিয়ে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। আদাই প্ৰদাহ কমায় আৰু ডিঙিৰ বিষ ভাল কৰে। নেমুত ভিটামিন চি থাকে, যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ অতি প্ৰয়োজনীয়।

গ্ৰীণ টি আৰু বনৌষধিৰ ইনফিউজন এন্টিঅক্সিডেন্ট গুণৰ বাবে জনাজাত। এন্টিঅক্সিডেন্টে শৰীৰৰ ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু অক্সিডেটিভ ষ্ট্ৰেছ কমায়। গ্ৰীণ টি আৰু কেমোমিলৰ দৰে বনৌষধি চাহ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি পাব।

প্ৰ’বায়’টিক পানীয় যেনে কম্বুচা আৰু কেফিৰত বেক্টেৰিয়া থাকে যিয়ে আমাৰ পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। ইয়াৰ উপৰিও পানী আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ ই আমাৰ শৰীৰৰ কোষলৈ পুষ্টিকৰ পদাৰ্থ প্ৰেৰণ কৰে আৰু ঘামৰ জৰিয়তে বিষাক্ত পদাৰ্থ বাহিৰ কৰে। বনৌষধি চাহৰ লগতে নাৰিকল পানীও অতি উপকাৰী।

অতিৰিক্ত মিঠাযুক্ত খাদ্যই ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰিব পাৰে। এনে পৰিস্থিতিত নূন্যতম চেনি খোৱাৰ অভ্যাস কৰিব লাগে। অত্যাধিক চেনিয়ে তেজৰ চুগাৰৰ মাত্ৰাও বৃদ্ধি কৰিব পাৰে । বিশেষজ্ঞসকলে কয় যে, আপুনি এগিলাচ নেমু দিয়া গৰম পানীৰে দিনটো আৰম্ভ কৰিব পাৰে। দুপৰীয়া গ্ৰীণ টি খাব পাৰে। ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃ্দ্ধি হ’ব ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...