গৰ্ভাৱস্থাত কিয় হয় IBS ৰোগ? জানক কাৰণ, লক্ষণ আদি সকলো…

আই বি এছ মহিলাৰ ক্ষেত্ৰত হোৱা এক সাধাৰণ ৰোগ ।  প্ৰায় প্ৰতি ১০ গৰাকী মহিলাৰ ভিতৰত ৪ গৰাকীৰ এই ৰোগত আক্ৰান্ত হয়। কিন্তু ইয়াৰ বিষয়ে জনা দৰকাৰ।

গৰ্ভাৱস্থাত কিয় হয় IBS ৰোগ? জানক কাৰণ, লক্ষণ আদি সকলো...

গৰ্ভাৱস্থা

Published: 

06 Mar 2025 | 03:27 PM

গৰ্ভাৱস্থাত প্ৰায় বেছিভগ মহিলাই আই বি এছ (Irritable Bowel Syndrome) ৰোগত আক্ৰান্ত হোৱা দেখা যায়। এয়া এক সাধাৰণ কথা। কিন্তু গৰ্ভাৱস্থাত কিয় আই বি এছ হয় আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি এই সন্দৰ্ভত মহিলাসকলে জনাটো দৰকাৰ। এই সন্দৰ্ভত স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ অনামিকা সিঙে কয় যে, গৰ্ভাৱস্থাত শৰীৰত বহু হৰম’নৰ পৰিৱৰ্তন ঘটে, যাৰ ফলত পাচনতন্ত্ৰত প্ৰভাৱ পৰে। যদি কোনো মহিলাৰ গৰ্ভাৱস্থাত প্ৰজেষ্টেৰন আৰু ইষ্ট্ৰজেন হৰম’নৰ মাত্ৰা বৃদ্ধি পায়, তেন্তে ই পাচনতন্ত্ৰতো প্ৰভাৱ পেলায়।

ডাঃ অনামিকাই কয় যে, গৰ্ভাৱস্থাত যদি এগৰাকী মহিলাই মানসিক চাপত ভুগে তেন্তে ই পাচনতন্ত্ৰত প্ৰভাৱিত কৰে। ই আই বি এছৰ কাৰণ হ’ব পাৰে। ইয়াৰ মূল কাৰণ হৈছে ভালদৰে খাদ্য গ্ৰহণ নকৰা । গৰ্ভাৱস্থাত অধিক টেঙা বা চৰ্বিযুক্ত খাদ্য সেৱন কৰিলে আই বি এছৰ সমস্যা বৃদ্ধি পাব পাৰে।

যদি গৰ্ভাৱস্থাত মহিলাসকলে আটা, নিমখ, চেনি বেছিকৈ খাই বা খাদ্যত প্ৰটিন আৰু ভিটামিনৰ অভাৱ হয়, তেন্তে এই ৰোগো হ’ব পাৰে। বেয়া জীৱনশৈলীও এই ৰোগৰ কাৰণ। গৰ্ভাৱস্থাত ব্যায়ম পৰিহাৰ কৰিব লাগে কিন্তু চিকিৎসকৰ পৰামৰ্শ অনুসৰি লঘু ব্যায়াম আৰু যোগাসন কৰিব পাৰি।

সাধাৰণ ৰোগ

আই বি এছ মহিলাৰ ক্ষেত্ৰত হোৱা এক সাধাৰণ ৰোগ ।  প্ৰায় প্ৰতি ১০ গৰাকী মহিলাৰ ভিতৰত ৪ গৰাকীৰ এই ৰোগত আক্ৰান্ত হয়। কিন্তু যদি এই ৰোগ দীৰ্ঘদিন ধৰি থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। কিয়নো ইয়াৰ ফলত মহিলাৰ স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে।  যদি কোনো মহিলাৰ গৰ্ভাৱস্থাত প্ৰতিদিনে পেটৰ বিষ, অত্যধিক গেছ গঠন আৰু বদহজম আদি সমস্যা হয়, তেন্তে এইবোৰ আই বি এছৰ লক্ষণ।

কেনেকৈ সাৱধানে থাকিব

  • অধিক পানী খাব লাগে: দিনটোত কমেও সাত গিলাচ
  • খাদ্যত ফলমূল আৰু সেউজীয়া শাক-পাচলি  অন্তৰ্ভুক্ত কৰক
  • দিনটোত কেইবাবাৰো সৰু সৰু আহাৰ খাব লাগে
  • মানসিক চাপৰ পৰা মুক্ত থাকিব।
  • চিকিৎসকৰ পৰামৰ্শ অনুসৰি লঘু ব্যায়াম কৰক।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...