Banana: ৰাসায়নিক পদাৰ্থৰ দ্বাৰা পকোৱা কল কেনেকৈ চিনি পাব? জানক ৪টা সহজ টিপচ…

Banana: আজিকালি শাক-পাচলিৰ পৰা আৰম্ভ ফল-মূললৈ, প্ৰায় সকলোতে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। কল পকোৱাৰ ক্ষেত্ৰতো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে একাংশই। গতিকে আপুনি কেনেকৈ জানিব কলত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা বুলি?

Banana: ৰাসায়নিক পদাৰ্থৰ দ্বাৰা পকোৱা কল কেনেকৈ চিনি পাব? জানক ৪টা সহজ টিপচ...

কল

Published: 

07 Dec 2025 20:02 PM

কল শৰীৰৰ বাবে এক উপকাৰী ফল। কলত বিভিন্ন প্ৰকাৰৰ পুষ্টিকৰ উপাদান থাকে। কিন্তু আজিকালি বজাৰত ভাল কল (Banana) বিচাৰি পোৱাতো অত্যন্ত কঠিন। কিয়নো বেছিভাগ কল বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ দি পকোৱা হয়। কাৰ্বাইড কেমিকেলৰ দ্বাৰা পকোৱা কল খালে শৰীৰৰ বিভিন্ন ক্ষতি হয়। কিন্তু এই ক্ষেত্ৰত কেনেকৈ আপুনি প্ৰাকৃতিকভাৱে পকোৱা কল চিনি পাব? ইয়াৰ আছে বিশেষ ৪ টা উপায়।

ৰংঃ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা পকোৱা কল আপুনি ৰঙৰ দ্বাৰা চিনাক্ত কৰিব পাৰে। ৰাসায়নিকৰ দ্বাৰা পকোৱা কল পাতল হালধীয়া আৰু চিকচিকীয়া হয়। ইয়াৰোপৰি মাজত যদি সামান্য সেউজীয়া ৰং দেখা পাই তেন্তে জানিব যে এই কল ৰাসায়নিকভাৱে পকোৱা হৈছে। কিন্তু যদি কল গাঢ় হালধীয়া আৰু কলা দাগ থাকে তেন্তে এয়া প্ৰাকৃতিকভাৱে পকোৱা কল হ’ব পাৰে।

গোন্ধঃ যদি কল মিঠা আৰু তীব্ৰ গোন্ধ থাকে তেন্তে এয়া প্ৰাকৃতিকভাৱ পকোৱা হ’ব পাৰে। কিন্তু যদি কলৰ পৰা ৰাসায়নিক পদাৰ্থৰ গোন্ধ ওলাই তেন্তে এয়া কেমিকেলৰ দ্বাৰা পকোৱা হ’ব পাৰে। এয়া কোনো বিহতকৈ কম নহয়।

পানীৰে কেনেকৈ চিনিব

ইয়াৰ বাবে আপুনি এটা বাচনত পানী লৈ তাত কলটো তিয়াই দিব। যদি কলটো পানীৰ তলত ডুব যায় তেন্তে বুজিব যে কলটো প্ৰাকৃতিকভাৱে পকা, যদি কলটো ডুবি নাযায় তেন্তে জানিব কল পকাবলৈ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছে। ইয়াৰোপৰি ৰাসায়নিক পদাৰ্থৰ দ্বাৰা পকোৱা কল চাৰিওফালৰ পৰা দেখাত বেলেগ বেলেগ। যদি কল প্ৰাকৃতিকভাৱে পকা হয় তেন্তে চাৰিওফালে একেই দেখি।

 

অন্য খবৰ পঢ়কঃ ৩০ দিন প্ৰতিদিনে ৩ লিটাৰকৈ পানী খালে কি হ’ব? জানক বিশেষজ্ঞৰ পৰা…

লিভাৰ চিৰ’ছিছ কেনেকৈ চিনিব? আগতীয়াকৈ দেখা দিয়া লক্ষণবোৰ জানক
যকৃতৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
পুৱা দেখা পোৱা এই ৫ টা বস্তু হ'ব পাৰে শুভ দিনৰ সংকেত! জানক...
চকু দুৰ্বল হোৱাৰ আৰম্ভণিতে এইসমূহ লক্ষণে দেখা দিয়ে, জানক...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...