প্ৰাকৃতিকভাৱে চুলিৰ যত্ন ল’বলৈ এলোভেৰা জেল কেনেকৈ ব্যৱহাৰ কৰিব ? জানক

চুলি যত্ন লওতে ৰাসায়িত পদাৰ্থ ব্যৱহাৰ কৰাৰ উপৰিও প্ৰাকৃতিকভাৱে চুলি যত্ন লোৱাৰ বাবে এলোভেৰা ব্যৱহাৰ কৰিব পাৰে । এলোভেৰাৰ লগত কোনবোৰ বস্তু মিহলাই চুলিখিনি কোমল আৰু প্ৰাকৃতিকভাৱে চিকচিকিয়া কৰি তোলে জানো আহক।

প্ৰাকৃতিকভাৱে চুলিৰ যত্ন লবলৈ এলোভেৰা জেল কেনেকৈ ব্যৱহাৰ কৰিব ? জানক

চুলিৰ যত্ন লোৱাৰ কিছুমান উপায়

Updated On: 

11 Jan 2025 | 12:57 PM

প্ৰত্যেক গৰাকী মহিলাই বৰ্তমান সময়ত চুলি অত্যাধিক যত্ন লয় । মহিলাসকলে বিচাৰে যে,তেওঁলোকৰ চুলি দীঘল আৰু ডাঠ হোৱাৰ উপৰিও দেখাত চিকচিকিয়া হ’ব লাগে । চুলি যত্ন লওতে ৰাসায়িত পদাৰ্থ ব্যৱহাৰ কৰাৰ উপৰিও প্ৰাকৃতিকভাৱে চুলি যত্ন লোৱাৰ বাবে এলোভেৰা ব্যৱহাৰ কৰিব পাৰে । অত্যধিক ধূলি, মলি আৰু সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ ফলত চুলিৰ ক্ষতি হয়। প্ৰটিনৰ অভাৱৰ বাবে চুলিৰ সমস্যা সৃষ্টি হয় । এই সমস্যা শীতকালত বাঢ়ি যায়, কাৰণ মানুহে গৰম পানীৰে চুলি ধুবলৈ আৰম্ভ কৰে। এতিয়াৰ বাবে এলোভেৰাৰ লগত কোনবোৰ বস্তু মিহলাই চুলিখিনি কোমল আৰু প্ৰাকৃতিকভাৱে চিকচিকিয়া কৰি তোলে জানো আহক।

কণী আৰু এলোভেৰা

চুলিৰ চিকচিকিয়া কৰিবলৈ কণীৰ লগত মিহলাই এলোভেৰা জেল লগাব পাৰে। এলোভেৰাই চুলিক হাইড্ৰেট কৰি কোমল কৰি তুলিব, আনহাতে কণী প্ৰটিনৰ ভাল উৎস, সেয়েহে ই চুলিখিনি চিকচিকিয়া কৰাত সহায় কৰে । প্ৰতি সপ্তাহত কণী আৰু এলোভেৰা হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে চুলিৰ স্বাভাৱিকভাৱে চিকচিকিয়া হোৱাই নহয়, চুলি সৰা সমস্যাও দূৰ হয় ।

এলোভেৰা আৰু মেথি

চুলি কোমল আৰু চিকচিকিয়া কৰাৰ পৰা আৰম্ভ কৰি চুলি সৰা ৰোধ কৰালৈকে, আনহাতে উফিৰ পৰা মুক্তি পোৱালৈকে মেথি আৰু এলোভেৰা জেলৰ মাস্কে যথেষ্ট সহায় কৰে । যদি আপুনি কণীৰ গোন্ধ ভাল নাপায় তেন্তে মেথি গুটি তিয়াই পিহি তাৰ লগত এলোভেৰা জেল মিহলাই লওক। এই দুটা বস্তুৰ সংমিশ্ৰণেও কেইদিনমানৰ ভিতৰতে ভাল ফলাফল দিয়ে।

এলোভেৰা আৰু দৈ

ক্ষতিগ্ৰস্ত চুলি যত্ন ল’বলৈ আপুনি দৈ আৰু এলোভেৰাৰ চুলিৰ মাস্ক প্ৰস্তুত কৰিব পাৰে। প্ৰথমে দৈৰ লগত এলোভেৰা জেল মিহলাই লওক। উফি থকা সকলৰ বাবে এই হেয়াৰ মাস্ক অতি উপকাৰী।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব