আপুনিও দাঁতৰ সমস্যাৰে যুঁজি আছে নেকি? এই ঘৰুৱা উপায়েৰে চিকচিকিয়া কৰি তোলক আপোনাৰ দাঁত

আজিকালি বহুলোকে দাঁতত বিভিন্ন সমস্যাত ভুগি আছে। দামী টুথপেষ্ট ব্যৱহাৰ কৰাৰ পিছতো তেওঁলোকৰ দাঁত পৰিষ্কাৰ হৈ জিলিকি নাথাকে। আজি জানো আহক ঘৰুৱা উপায়েৰে কেনেকৈ দাঁত চাফা কৰিব...

আপুনিও দাঁতৰ সমস্যাৰে যুঁজি আছে নেকি? এই ঘৰুৱা উপায়েৰে চিকচিকিয়া কৰি তোলক আপোনাৰ দাঁত

আপুনিও দাঁতৰ সমস্যাৰে যুঁজি আছে নেকি?

Updated On: 

24 Jan 2025 | 03:00 PM

দাঁতৰ কিবা নহয় কিবা সমস্যা বহু লোকৰ হৈ থাকে। বিভিন্নজনে প্ৰায়ে অভিযোগ কৰে যে ইমান দামী টুথপেষ্ট ব্যৱহাৰ কৰাৰ পিছতো তেওঁলোকৰ দাঁত জিলিকি নাথাকে। যদি আপুনিও এই ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে আপোনাৰ দাঁতৰ বাবে কিছুমান ঘৰুৱা উপায় অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে।

দাঁত ব্ৰাছ কৰাই হওক বা দাঁতৰ জিলিকনিৰ বা মুখৰ দুৰ্গন্ধ আঁতৰোৱাই হওক। দাঁতৰ বাবে এই সহজ ঘৰুৱা উপায় অৱলম্বন কৰি সকলো সমস্যা দূৰ কৰিব পাৰে। গতিকে জানক সেই ঘৰুৱা উপায়বোৰ কি কি?

  • দাঁত চিকচিকিয়া কৰিবলৈ বেকিং চ’ডা এচামুচ, মিহি নিমখ আৰু মিহি চেনি এচামুচ লৈ মিহলাই বটলত ৰাখিব আৰু দৈনিক ইয়াৰ সহায়ত দাঁত পৰিষ্কাৰ কৰক।
  • সৰিয়হৰ তেলত নিমখ মিহলাই ৰাতিপুৱা আৰু গধূলি ব্যৱহাৰ কৰিলে দাঁতৰ ৰক্তক্ষৰণ, দাঁতৰ গুৰি আৰু দাঁতৰ বিষৰ পৰা সকাহ পোৱা যায়। ইয়াৰ ফলত আপোনাৰ দাঁতবোৰো চিকচিকিয়া হ’ব।
  • নেমুৰ ৰস কিছু বেকিং চ’ডাৰ লগত মিহলাই পেষ্ট বনাওক। এতিয়া দাঁতবোৰ ভালদৰে ঘঁহি পৰিষ্কাৰ কৰক। এতিয়া প্ৰস্তুত কৰা পেষ্টখিনি ব্ৰাছৰ সহায়ত দাঁতত ভালদৰে লগাওক।
  • ৰাতিপুৱা দাঁত ব্ৰাছ কৰাৰ আগতে এচামুচ নাৰিকল তেল মুখত ভৰাই ভালদৰে দাঁতৰ চাৰিওফালে ১৫ মিনিটৰ বাবে লাগি থাকিব দিব। তাৰ পিছত কুহুমীয়া পানীৰে ধুই দিয়ক। এই পদ্ধতি সপ্তাহত দুবাৰৰ পৰা তিনিবাৰকৈ কৰক। আপোনাৰ দাঁতবোৰ উজ্জ্বল হৈ পৰিব।
  • ৰাতিপুৱা ব্ৰাছ কৰাৰ পিছত সমান পৰিমাণৰ আপেল চাইডাৰ ভিনেগাৰ আৰু পানীৰে গাৰ্গ কৰিলে মুখৰ দুৰ্গন্ধৰ পৰা সকাহ পোৱাত সহায় কৰে। কিন্তু মনত ৰাখিব যে সপ্তাহত দুবাৰতকৈ অধিক ভিনেগাৰ ব্যৱহাৰ নকৰিব।
  • এক চামুচ হালধি আৰু এক চামুচ নাৰিকল তেলত ২-৩ টোপালপদিনাৰ তেল মিহলি কৰি লওক। আৰু দাঁতত এই মিশ্ৰণ প্ৰয়োগ কৰক।
  • সতেজ এলোভেৰাৰ ৰস বা তাৰ পৰা প্ৰস্তুত কৰা কৰা জেল দাঁতত লগাব পাৰে। তাৰ পিছত ব্ৰাছেৰে মালিচ কৰি ধুই পেলাব। এইদৰে কেইসপ্তাহমানৰ ভিতৰতে আপোনাৰ দাঁতৰ জিলিকনি ঘূৰি আহিব।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...