ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? জানি লওক ইয়াক দূৰ কৰাৰ যাদুকৰী ঘৰুৱা কৌশল

ঘৰত নিগনি দেখা পোৱাটো স্বাভাৱিক। কিন্তু কেতিয়াবা ঘৰত হঠাৎ নিগনিৰ উপদ্ৰৱ বাঢ়ি যায়। ই কেৱল ৰোগ বিয়পোৱাই নহয়, ঘৰত ৰখা সামগ্ৰীৰো ক্ষতিসাধন কৰে। যদি আপুনি ঘৰত নিগনিৰ উপদ্ৰৱ শেষ কৰিব বিচাৰে, তেন্তে এই লেখাটো আপোনাৰ বাবে।

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? জানি লওক ইয়াক দূৰ কৰাৰ যাদুকৰী ঘৰুৱা কৌশল

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ?

Updated On: 

02 Aug 2025 11:49 AM

ঘৰত এটা নিগনি এবাৰ প্ৰৱেশ কৰিলে গোটেই ঘৰখনত উপদ্ৰৱ আৰম্ভ কৰে। ঘৰত লেতেৰা বিয়পোৱাৰ লগতে বস্তুবোৰো নষ্ট কৰি পেলায়। কেতিয়াবা কাপোৰ, কেতিয়াবা খাদ্য সামগ্ৰী নষ্ট কৰে। ঘৰত নিগনি থকাৰ বাবেও বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

এনে পৰিস্থিতিত সময়মতে ইয়াক ঘৰৰ পৰা খেদি দিয়াটো জৰুৰী। যদিও বজাৰত নিগনিৰ বিহ পোৱা যায় কিন্তু সেইবোৰ কৰাটো অনুচিত। আপুনি ঘৰত ৰখা কিছুমান প্ৰাকৃতিক বস্তুৰে নিগনি খেদি পঠিয়াব পাৰিব। সেইবোৰ কি কি বস্তু জানো আহক…

কৰ্পূৰ ব্যৱহাৰ কৰক

নিগনি খেদি পঠিয়াবলৈ কৰ্পূৰ অতি উত্তম বিকল্প। কৰ্পৰ দিলে আপোনাৰ ঘৰত নিগনি বিচৰণ নকৰিব। আচলতে ইয়াৰ গোন্ধ ইমানেই বেছি যে ইয়াৰ পৰা নিগনি পলাই যায়। যদি আপোনাৰ ঘৰত নিগনি থাকে তেন্তে ঘৰৰ চুকত কৰ্পূৰ ৰাখক। অথবা কৰ্পূৰ জ্বলাই তাৰ ধোঁৱাও ঘৰত বিয়পাই দিব পাৰে। ইয়াৰ ফলত নিগনিবোৰ ঘৰৰ পৰা আঁতৰি যাব।

দালচেনিও ফলপ্ৰসূ

যদিও খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে ভাৰতীয় ঘৰত ডালচেনি ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি জানেনে যে নিগনি খেদিবলৈও ডালচেনি অতি ফলপ্ৰসূ। ইয়াৰ বাবে প্ৰথমে দালচেনিৰ গুড়ি বনাই ঘৰৰ চুক-কোণত ৰাখিব লাগে। নিগনিয়েও ইয়াৰ গোন্ধ ভাল নাপায় আৰু আপোনাৰ ঘৰৰ পৰা আঁতৰি যায়।

তেজ পাতেও নিগনি খেদে

তেজ পাতে নিগনিৰ পৰা মুক্তি পাবলৈ সহায় কৰে। ইয়াৰ গোন্ধৰ বাবে নিগনি ঘৰৰ পৰা পলাই যায়। নিগনি থকা ঘৰৰ ঠাইত ৮-১০ টা তেজপাত ৰাখক।

নহৰু আৰু জালুক ব্যৱহাৰ

নহৰু আৰু জালুকৰ গোন্ধটোও বৰ উগ্ৰ। নিগনিয়ে যিটো একেবাৰে ভাল পায়। মাত্ৰ নহৰু আৰু জালুক পিহি গুড়ি বনাব আৰু তাৰ পিছত এটা বল বনাই ঘৰৰ চুকে-কোণত ৰাখিব। এইদৰে নিগনিৰ উপদ্ৰৱৰ পৰা ৰক্ষা পৰিব।

কুকুৰাৰ কণী কিয় বিভিন্ন ৰঙৰ হয়? বিজ্ঞানে ক'লে...
কোনবোৰ ৰোগে শৰীৰৰ ওজন বৃদ্ধি কৰে? চিকিৎসকৰ পৰা জানক
দাঁতৰ ৰং দূৰ হ’ব নিমিষতে, গুটখা ত্যাগ কৰাৰ লগতে এনে খাদ্যাভ্যাসৰো কৰক পৰিৱৰ্তন
অপৰাজিতা ফুল ব্যৱহাৰ কৰিলে কি কি ৰোগৰ পৰা হাত সাৰিব জানেনে?