Burn Marks Remove : আপোনাৰ শৰীৰত জুয়ে পোৰা দাগ আছে নেকি? ঘৰুৱা উপায়েৰে কৰক দূৰ

ছালত জুয়ে পোৰাৰ চিন থাকিলে দেখিবলৈ বেয়া দেখি। যাৰ ফলত প্ৰায়ে মানুহে নিজৰ প্ৰিয় কাপোৰ পিন্ধিব নোৱাৰে। এই দাগবোৰ কিছু ঘৰুৱা উপায়েৰে কমাব পাৰি।

Burn Marks Remove : আপোনাৰ শৰীৰত জুয়ে পোৰা দাগ আছে নেকি? ঘৰুৱা উপায়েৰে কৰক দূৰ

আপোনাৰ শৰীৰত জুয়ে পোৰা দাগ আছে নেকি?

Updated On: 

21 Oct 2025 | 04:53 PM

কাম কৰি থাকোঁতে বহু সময়ত হাত বা শৰীৰৰ আন অংশ গৰম পাত্ৰত হাতখন লাগে বাল তেল চিটিকি আহে, যাৰ ফলত ছাল জ্বলি যায়। কিন্তু এই দাগবোৰ সময়ৰ লগে নাইকিয়া হৈ নাযায়। এনে পৰিস্থিতিত আমি আপোনালোকক কিছুমান উপযোগী ঘৰুৱা উপায় দিছো যিয়ে এই পোৰা চিনবোৰ আঁতৰোৱাত সহায় কৰিব পাৰে।

নাৰিকল তেল

নাৰিকল তেল অলপ গৰম কৰক। ইয়াৰ দ্বাৰা পোৰা অংশত ১০ মিনিট মালিচ কৰক। প্ৰায় এঘণ্টামান ছালত থাকিব দিব। এই প্ৰক্ৰিয়াটো দিনটোত প্ৰায় তিনি-চাৰিবাৰ পুনৰাবৃত্তি কৰক।

আলু

আলু এটা দুভাগ কৰি কাটি লওক। তাৰে ৰসেৰে দাগটোত লগাই দিব। প্ৰায় ২০ মিনিট এনেদৰে কৰি ১০ মিনিট মান ছালত ৰস শুকুৱাবলৈ দিব। তাৰ পিছত ঠাণ্ডা পানীৰে সেই ঠাইখিনি ধুব। এই প্ৰক্ৰিয়াটো দিনটোত দুবাৰকৈ পুনৰাবৃত্তি কৰক।

মৌ

এটা বাটিত দুচামুচ মৌ লৈ তাত এচিকুট হালধি দিব। ভালদৰে মিহলাই লোৱাৰ পিছত পোৰা দাগটোত লগাব লাগে। ১৫ মিনিটৰ পিছত ঠাণ্ডা পানীত ডুবাই কপাহী এটাৰে পৰিষ্কাৰ কৰি লওক। এই মিশ্ৰণটো দৈনিক এবাৰকৈ লগাব।

এলোভেৰা

এলোভেৰাই কেৱল পোৰা ঠাইৰ জ্বলন অনুভূতি নিৰাময় কৰাই নহয় ই শৰীৰৰ দাগ আঁতৰাই পেলায়। এটা বাটিত এক চামুচ গোলাপ জলৰ লগত সতেজ এলোভেৰা মিহলাই লওক। মিশ্ৰণটো প্ৰায় আধা ঘণ্টামান ছালত থৈ দিব। ইয়াৰ পিছত ঠাণ্ডা পানীৰে ধুব। ভাল ফলাফলৰ বাবে এই মিশ্ৰণটো দিনটোত প্ৰায় দুবাৰকৈ প্ৰয়োগ কৰিব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব