Holi 2025: হোলীত আবিৰৰ পৰা কেনেকৈ ৰক্ষা কৰিব চুলি? এনেদৰে লওক যত্ন

বজাৰত উপলব্ধ বেছিভাগ ৰঙতে ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে কেৱল ছালেই নহয়, চুলিৰো ক্ষতি কৰিব পাৰে। এনে ক্ষেত্ৰত চুলিৰ ক্ষতি নহ'বলৈ হোলীৰ দিনা কিছু টিপছ মানি চলিব পাৰে।

Holi 2025: হোলীত আবিৰৰ পৰা কেনেকৈ ৰক্ষা কৰিব চুলি? এনেদৰে লওক যত্ন

হোলীত আবিৰৰ পৰা কেনেকৈ ৰক্ষা কৰিব চুলি?

Published: 

02 Mar 2025 | 10:39 PM

হোলীত আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিব দেশৰ আকাশ-বতাহ। বহুতে ৰঙেৰে খেলি ভাল পায়, আনহাতে কিছুমানে ৰঙৰ পৰা আঁতৰি থাকিব বিচাৰে। যদি আপুনিও হোলীত ৰঙেৰে খেলি ভাল পায়, তেন্তে ছালৰ লগতে চুলিৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। বেছিভাগ মানুহৰ ৰঙৰ পৰা ছালখনক ৰক্ষা কৰিবলৈ বহু চেষ্টা কৰে, কিন্তু ৰাসায়নিক পদাৰ্থ মিহলি ৰঙে আপোনাৰ চুলিৰো বহু ক্ষতি কৰিব পাৰে। গতিকে কিছু টিপছ অনুসৰণ কৰি হোলীত ৰঙৰ পৰা চুলি ৰক্ষা কৰিব পাৰিব।

আজিকালি ল’ৰাবোৰেও চুলিৰ যত্নৰ লয়, কিন্তু বিশেষকৈ ছোৱালীয়ে দামী সামগ্ৰীৰ পৰা আৰম্ভ কৰি ঘৰুৱা উপায়লৈকে সকলো চেষ্টা কৰে। হোলীত অলপ অসাৱধানতাৰ বাবে আপোনাৰ ধুনীয়া চুলিখিনি নষ্ট হ’ব পাৰে আৰু আপোনাৰ সকলো কঠোৰ পৰিশ্ৰম অপচয় হ’ব পাৰে।

কেনেকৈ ৰক্ষা কৰিব?

চুলি খোলা ৰাখিব নালাগে

হোলীতো চুলি খোলা ৰখাৰ ইয়াৰ ফলত অধিক ক্ষতি হব পাৰে, গতিকে চুলি বান্ধি ৰাখক। হোলীৰ অনুষ্ঠানত নিশ্চয়কৈ মূৰত টুপী পিন্ধিব। ইয়াৰ ফলত আপোনাৰ চুলি বহু পৰিমাণে ৰঙৰ পৰা সুৰক্ষিত হৈ থাকিব।

চুলিত তেল লগাওক

হোলী খেলাৰ আগতে চুলিত তেল লগাই ভালদৰে খোপা বান্ধক। তেলত নেমু মিহলাই লগালে ভাল। আপুনি সৰিয়হ, আলমণ্ড, নাৰিকলৰ তেল ব্যৱহাৰ কৰিব পাৰে।

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...