ৰাতি টোপনি ভাল নহয় নেকি ? টোপনি উন্নত কৰাৰ কেইটামান উপায় জানক…

ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত যথেষ্ট মানসিক চাপ থাকে আৰু ইয়াৰ বাবে ৰাতি শুবৰ সময়ত মনত অস্থিৰতাৰ সৃষ্টি হয় । ই আপোনাৰ ভাল টোপনি অহাত বাধা দিয়ে । যদি এই সমস্যা দীৰ্ঘদিন ধৰি থাকে তেন্তে ই কেৱল মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱাই নহয় শাৰীৰিক সমস্যাৰো সৃষ্টি কৰে। গতিকে ভাল টোপনিৰ বাবে কি কৰিব লাগে জানক ।

ৰাতি টোপনি ভাল নহয় নেকি ? টোপনি উন্নত কৰাৰ কেইটামান উপায় জানক...

টোপনি ভাল কৰাৰ উপায়

Updated On: 

19 Nov 2024 | 12:03 AM

সুস্বাস্থ্যৰ বাবে ভাল টোপনি অহাটো অতি প্ৰয়োজন । ৰাতিৰ ভাল টোপনিয়ে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থকাত সহায় কৰে । ৰাতি টোপনি নহা বা যদি আপোনাৰ টোপনি ভাল নহয় তেন্তে আপোনাৰ স্বাস্থ্য়জনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে । মনটো শান্তি হৈ থাকিবলৈ হ’লে টোপনি ভাল হোৱাটো অতি প্ৰয়োজন । যদি আপুনি ৰাতি শোৱাৰ সময়ত বাৰে বাৰে সাৰ পাই থাকে বা গভীৰ নিশালৈকে টোপনি নাহে তেন্তে ই আপোনাৰ স্বাস্থ্যজনিত সমস্যা সৃষ্টি কৰিব পাৰে ।

ৰাতি ভাল টোপনি আহিবলৈ আপুনি কিছুমান উপায় গ্ৰহণ কৰিব পাৰে । ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত যথেষ্ট মানসিক চাপ থাকে আৰু ইয়াৰ বাবে ৰাতি শুবৰ সময়ত মনত অস্থিৰতাৰ সৃষ্টি হয় । ই আপোনাৰ ভাল টোপনি অহাত বাধা দিয়ে । যদি এই সমস্যা দীৰ্ঘদিন ধৰি থাকে তেন্তে ই কেৱল মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱাই নহয় শাৰীৰিক সমস্যাৰো সৃষ্টি কৰে। গতিকে ভাল টোপনিৰ বাবে কি কৰিব লাগে জানক ।

ভাল টোপনিৰ অহাৰ উপায়

  • আজিকালি সকলোৰে হাতত স্মাৰ্টফোন আছে । স্মাৰ্টফোনৰ জৰিয়তে সামাজিক মাধ্যম ব্যৱহাৰ কৰাই হওক বা আন আন কামত গভীৰ নিশালৈকে স্মাৰ্টফোন ব্যৱহাৰ কৰে । ইয়াৰ ফলত আপুনি হয়তো সাৰ পাই থাকে। এই অভ্যাসে আপোনাৰ টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। মনটোক শান্ত কৰি ৰাখিবলৈ শোৱাৰ প্ৰায় এঘণ্টা আগতে ফোন, টিভি, লেপটপ আদিৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজনীয়।
  • যদি আপুনি কিছু কামৰ বাবে চিন্তিত হৈ আছে আৰু ইয়াৰ বাবেই মনটো শান্ত কৰি ৰাখিব পৰা নাই । তেন্তে ইয়াৰ পৰা হাত সাৰিবলৈ পৰিকল্পিতভাৱে কামটো কৰিবলৈ আৰম্ভ কৰক । অৰ্থাৎ আপুনি অফিচৰ কামবোৰ পৰিকল্পনাভাৱে কৰিবলৈ আৰম্ভ কৰক । ইয়াৰ ফলত আপোনাৰ চিন্তা হ্ৰাস পাব।
  • ভাল টোপনিৰ বাবে যোগাসন অভ্যাস কৰিব পাৰে । যোগাসনে শৰীৰক জিৰণি দিয়াই নহয় মানসিকভাৱে শিথিলতা অনুভৱ কৰায় । যাৰ ফলত টোপনি উন্নত হয়।
  • যদি আপুনি মানসিক চাপৰ বাবে ৰাতি সাৰ পায়, তেন্তে ইয়াৰ পৰা সকাহ পাবলৈ হালধি বা জাঁইফলৰ গুড়িৰ সৈতে মিহলি কুহুমীয়া গাখীৰ খাব লাগে। এই দুয়োটা মিশ্ৰণে ষ্ট্ৰেছ হৰম’ন হ্ৰাস কৰি টোপনি ভাল কৰাত সহায় কৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...