Dry Skin: শীতকালত ছাল শুকান হৈ পৰিলে কি কৰিব? জানক বিশেষজ্ঞৰ পৰা…

Dry Skin: শীতকালত মানুহৰ শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে। আনকি ছাল শুকান হৈ পৰাও দেখা যায়। এয়া সাধাৰণভাৱে ল'ব নালাগে। শুকান ছালৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি এই সন্দৰ্ভত সবিশেষ জনাইছে বিশেষজ্ঞই।

Dry Skin: শীতকালত ছাল শুকান হৈ পৰিলে কি কৰিব? জানক বিশেষজ্ঞৰ পৰা...

শুকান ছাল

Published: 

11 Jan 2026 | 06:14 PM

সমগ্ৰ দেশত এতিয়া শীত পৰিছে। এই সময়চোৱাত মানুহৰ ছালৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা দেখা যায়। ঠাণ্ডা বতাহ, কম পানী খোৱা, কম সূৰ্যৰ পোহৰৰ বাবে ছালৰ আৰ্দ্ৰতা কমিবলৈ আৰম্ভ কৰে। এনে অৱস্থাত ছাল শুকান (Dry Skin) হৈ পৰা দেখা যায়। এই ছালক কেতিয়াবা টানি ধৰা, খজুৱতি, বগা বগা খোলাৰ দৰে দাগ দেখা দিব পাৰে। গা ধোৱাৰ অভ্যাস, পানীৰ উষ্ণতা, দৈনন্দিন কাম-কাজ, পৰিৱৰ্তিত জীৱনশৈলীয়েও ছালত প্ৰভাৱ পেলায়।

শুকান ছালৰ প্ৰভাৱ কেৱল মুখতে দেখা নাযায়। ইয়াৰ প্ৰভাৱ ভৰি, হাত, ওঁঠ আদিতো দেখা যায়। সময়মতে এই সমস্যাৰ সমাধান নকৰিলে আৰু বেছি হ’ব পাৰে। গতিকে শীতকালত ছালৰ যত্ন লব লাগে। এই সন্দৰ্ভত সবিশেষ জনাইছে মেক্স হাস্পতালৰ ছালৰ বিশেষজ্ঞ ডাঃ সৌম্য সাচদেৱাইয

পৰিত্ৰাণৰ উপায়

শীতকালত শুকান ছালৰ পৰা পৰিত্ৰাণ হোৱা সন্দৰ্ভত ছাল বিশেষজ্ঞগৰাকীয়ে কয় যে, শীতকালত ছালৰ বিশেষ যত্নৰ প্ৰয়োজন হয়, কিয়নো এই বতৰত আৰ্দ্ৰতা কম হয়। দৈনন্দিন সাধাৰণ কিছুমান কামেৰে ছালখন ধুনীয়া কৰি ৰাখিব পাৰে। গা ধোৱাৰ লগে লগে শৰীৰত মইশ্ব’ৰাইজাৰ লগাব লাগে। এনে কৰিলে ছাল শুকান নহয়।

ইয়াৰোপৰি বেছি গৰম পানীৰে গা ধুব নালাগে। হাত ধোৱাৰ পাছতো ক্ৰীম লগাব লাগে। শীতকালত কম পানী খালে ছাল শুকান হব পাৰে। গতিকে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। শোৱাৰ আগতে মুখ, হাত, ভৰিত ক্ৰীম বা তেল লগাব লাগে।

কি ৰোগৰ সম্ভাৱনা

শুকান ছালক আওকাণ কৰিলে বিভিন্ন সমস্যা হ’ব পাৰে। দীৰ্ঘদিন ছাল শুকান হৈ থাকিলে খজুৱতি আৰু জ্বলা পোৰা হ’ব পাৰে। এনে অৱস্থাত ঘাঁ বা সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। কিছুমান ক্ষেত্ৰত একজিমা, ডাৰ্মাটাইটিছৰ দৰে সমস্যা হয়। ইয়াৰোপৰি ছালৰ বাহিৰৰ তৰপ দুৰ্বল হৈ পৰিলে বেক্টেৰিয়া সহজে প্ৰৱেশ কৰিব পাৰে। লগতে ছাল ফাটিলে বিষ, বা তেজ ওলাবও পাৰে।

কি কৰিব

  • প্ৰচুৰ পৰিমাণে পানী খাব।
  • সুষম আহাৰ খাব।
  • ছালৰ যত্ন লওক।
  • বেছি ঠাণ্ডাত ছালখন ঢাকি ৰাখক।
  • অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লওক।

 

অন্য খবৰ পঢ়কঃ প্ৰতিদিনে ৰঙালাউৰ গুটি খালে পুৰুষসকলে কি উপকাৰ পাব? জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...