জলকীয়া কাটি হাত ধোৱাৰ পিছতো কমা নাই নেকি জ্বলা-পোৰা? কৰক এই কাম, পাব সকাহ

জলকীয়া কটাৰ পিছত কিছুলোকৰ হাতত বহুসময়লৈ এই জ্বলা-পোৰাৰ অনুভৱ থাকে। চাবোন বা হেণ্ড ৱাশ্বেৰে ভালদৰে ধোৱাৰ পিছতো লগে লগে এই সমস্যা হ্ৰাস নহ’ব পাৰে। এনে অৱস্থাত সকাহৰ বাবে কিছুমান সহজ পদ্ধতি অনুসৰণ কৰিব পাৰে।

জলকীয়া কাটি হাত ধোৱাৰ পিছতো কমা নাই নেকি জ্বলা-পোৰা? কৰক এই কাম, পাব সকাহ

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

05 Oct 2025 15:21 PM

মুখৰ জুটি অনুসৰি খাদ্যৰ সোৱাদ তুলিবলৈ আমি আঞ্জাত জলকীয়াৰ ব্যৱহাৰ কৰোঁ বহুলোকৰ বাবে আকৌ জলকীয়া নহলে আঞ্জাৰ সোৱাদেই নালাগে জিভাত এক কথাত জলকীয়া বহু সময়ত হৈ পৰে খাদ্যৰ সোৱাদ বৃদ্ধি কৰা সহজলভ্য মছলা পিছে কেৱল সেই হিচাপত চালেও নহ, জলকীয়াৰ বহু দেহ উপকাৰী গুণো আছে আমেৰিকাৰ কৃষি বিভাগৰ তথ্য অনুসৰি জলকীয়াত প্ৰটিন, ফাইবাৰ, কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম, ভিটামিন চি, ফলেট, ভিটামিন এ, বিটা-কেৰটিন, লুটিন, জিএক্সান্থিন, ভিটামিন কে আৰু ই আদি বহুতো পুষ্টিকৰ উপাদান থাকে

অৰ্থাৎ জিভাত জ্বলা দিলেও জলকীয়াই দেহত মিঠা প্ৰভাৱো পেলায়। সাধাৰণতে জলকীয়া কাটিলে প্ৰায়ে হাতত জ্বলা-পোৰা হ’ব পাৰে। জলকীয়াত থকা কেপচাইচিনৰ বাবে ছালত জ্বলা-পোৰা অনুভৱ হয়। জলকীয়াৰ ভিতৰৰ বগা অংশটো অধিক জ্বলা হয়। যদি এই অংশ ছালৰ সংস্পৰ্শলৈ আহে, তেতিয়া ছালত জ্বলাপোৰা হব পাৰে।

কিছুমান মানুহৰ ছাল বিশেষভাৱে সংবেদনশীল। সেয়ে জলকীয়া কটাৰ পিছত তেওঁলোকৰ হাতত বহুসময়লৈ এই জ্বলাপোৰাৰ অনুভৱ থাকে চাবোন বা হেণ্ড ৱাশ্বেৰে ভালদৰে ধোৱাৰ পিছতো লগে লগে এই সমস্যা হ্ৰাস নহ পাৰে এনে অৱস্থাত সকাহৰ বাবে কিছুমান সহজ পদ্ধতি অনুসৰণ কৰিব পাৰে।

গাখীৰ

যদি জলকীয়া কটাৰ পিছত হাতত জ্বলা-পোৰা অনুভৱ কৰে, তেতিয়া গাখীৰে সকাহ দিব পাৰে। গাখীৰত হাত তিয়াই দিলে তৎক্ষণাত সকাহ পোৱা যায়। নতুবা ঠাণ্ডা গাখীৰৰ সৰ লগাব পাৰে। ইয়াৰ দ্বাৰা তাৎক্ষণিক সকাহ পোৱা যাব।

এলোভেৰা জেল

বহুলোকৰ ঘৰতে এলোভেৰা গছ থাকে। এই প্ৰাকৃতিক ঔষধিবিধ ছালৰ পৰা চুলিলৈকে সকলো কামতে ব্যৱহাৰ কৰিব পাৰি। জলকীয়াৰ জ্বলাপোৰা কমাবলৈও সতেজ এলোভেৰা জেল লগাব পাৰে। তদুপৰি ছালৰ সামান্য পোৰা আৰু কটা আঘাততো এলোভেৰা উপকাৰী।

নেমুৰ ৰস

জলকীয়া কাটিলে হাতত হোৱা জ্বলা-পোৰা কমোৱাত নেমু অতি ফলপ্ৰসূ জলকীয়া কটাৰ পিছত হাতত নেমুৰ ৰস লগালে কিছুসময়ৰ পিছতে সকাহ লাভ কৰিব পাৰে

তেল

এই সমস্যাত সকাহৰ বাবে নাৰিকল তেল বা অলিভ অইলো প্ৰয়োগ কৰিব পাৰে ইয়াৰ উপৰিও ঘিউ লগালেও হাতৰ এই জ্বলাপোৱাৰ কষ্টকৰ অনুভৱৰ পৰা সকাহ লাভ কৰে

ভগৱানৰ আশীৰ্বাদ লাভ কৰিলে কি সংকেত পোৱা যায়? জনালে প্ৰেমানন্দ মহাৰাজে...
হতাশা আৰু ভাগৰৰ ফলত হাৰ্ট এটেক হ’ব পাৰে নেকি?
দূৰ হ'ব আৰ্থিক সমস্যা! পাকঘৰৰ পৰা আজি আঁতৰ কৰক ৫ বস্তু...
আওকাণ নকৰিব, কৰ্কট ৰোগৰ প্ৰথম পৰ্যায়ত দেখা দিয়া ৪ টা সাধাৰণ লক্ষণ জানক