খাদ্যৰ পৰা বিচনাখনলৈ সকলোতে পৰুৱা নেকি? তেন্তে জানক ইয়াক খেদাৰ ৪টা সহজ আৰু ঘৰুৱা উপায়…

ঘৰত পৰুৱা থকা সাধাৰণ কথা। কিন্তু যদি বহু পৰুৱা ওলাই থাকে তেন্তে ই অশান্ত দিয়ে। অৱশ্যে আপুনি ঘৰুৱা উপায়ৰ দ্বাৰা এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

খাদ্যৰ পৰা বিচনাখনলৈ সকলোতে পৰুৱা নেকি? তেন্তে জানক ইয়াক খেদাৰ ৪টা সহজ আৰু ঘৰুৱা উপায়...

পৰুৱা খেদাৰ উপায়

Updated On: 

06 Nov 2025 | 10:30 AM

ঘৰত পৰুৱা থকা সাধাৰণ কথা। কিন্তু কেতিয়াবা পৰুৱাই বহুত অশান্তি দিয়ে। খাদ্যৰ পৰা আৰম্ভ কৰি বিচনাখনলৈকে সকলোতে বগাই ফুৰে। বাৰে বাৰে আঁতৰাই পঠিওৱা হয় যদিও আকৌ আহে। কিছুমান পৰুৱাই কামুৰিলে এলাৰ্জি হোৱাও দেখা যায়। পৰুৱা খেদিবলৈ বহুতে কেমিকেলযুক্ত প্ৰডাক্টৰ ব্যৱহাৰ কৰে যদিও ই ক্ষতিকাৰক হ’ব পাৰে। এনে ক্ষেত্ৰত আপুনি কিছুমান ঘৰুৱা উপায়ৰ দ্বাৰা পৰুৱা খেদিব পাৰে। ইয়াৰ ফলত কাৰো একো ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে।

৪টা উপায়

নেমু আৰু ভিনেগাৰঃ এই পদ্ধতিৰ বাবে আপোনাক নেমু আৰু ভিনেগাৰৰ প্ৰয়োজন হ’ব। ইয়াৰ বাবে এটা স্প্ৰে কৰিব পৰা বটলত নেমু ৰসৰ সৈতে অলপ পানী আৰু ভিনেগাৰ মিহলাই লওক। পাছত য’ত বেছিকৈ পৰুৱা থাকে তাত স্প্ৰে কৰক। ইয়াৰ গোন্ধ পৰুৱাই ভাল নাপাই, যাৰ বাবে পলাই যায় আৰু ঘূৰি নাহে।

পদিনাঃ পৰুৱাই তীব্ৰ গোন্ধ সহ্য কৰিব নোৱাৰে। ইয়াৰ বাবে আপুনি পদিনা ব্যৱহাৰ কৰিব পাৰে। এই উপায়ৰ বাবে আপুনি কেইটামান পদিনা পাত ল’ব আৰু য’ত বেছিকৈ পৰুৱা জমা হৈ থাকে তাত থৈ দিব। ইয়াৰোপৰি পদিনাৰ পাতত পানী মিহলাই সেয়া স্প্ৰে কৰিব পাৰে।

তেজপাতঃ এই উপায়ৰ বাবে এটা বাচনত পানী ভালদৰে উতলাই লওক আৰু তাত ৪-৫টা তেজপাত দিয়ক। পাছত অলপ নিমখ দি আৰু ৫-৭ মিনিট উতলাব। এই মিশ্ৰণখিনি ঠাণ্ডা কৰি স্প্ৰেৰ বটলত ভৰাই ল’ব। পাছত য’ত বেছিকৈ পৰুৱা ওলাই তাত স্প্ৰে কৰি দিব। তেজপাতৰ গোন্ধ পালে মহ, মাখি, পোক-পৰুৱা আদি গুচি যায়।

জালুকঃ এই উপায়ৰ বাবে আপোনাক জালুকৰ প্ৰয়োজন হ’ব। জালুক অলপ গুড়ি কৰি খিৰিকী, দুৱাৰ বা যত বেছিকৈ পৰুৱা থাকে তাত দি দিব। এনে কৰিলে পৰুৱা আঁতৰি যাব।

 

অন্য খবৰ পঢ়কঃ শীতকালত এদিনত কিমানটা কণী খাব পাৰি? জানক সঠিক উত্তৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...