ওজন হ্ৰাস কৰিবলৈ গ্ৰীণ টি কেনেকৈ খাব লাগে ? সঠিক উপায় জানক…

গ্ৰীণ টি খোৱৰ সঠিক উপায় আৰু সময়ৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। যদি আপুনি ওজন কমাবলৈ গ্ৰীণ টি সেৱন কৰি আছে তেন্তে ইয়াক সেৱন কৰাৰ সঠিক সময় আৰু উপায় জনাটো অতি প্ৰয়োজনীয়।

ওজন হ্ৰাস কৰিবলৈ গ্ৰীণ টি কেনেকৈ খাব লাগে ? সঠিক উপায় জানক...

গ্ৰীণ টি

Published: 

08 Jan 2025 17:18 PM

সকলো লোকে গ্ৰীণ টি খাই ভাল পায় । ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰি থকা লোকসকলে প্ৰায়ে গ্ৰীণ টি সেৱন কৰে । কোৱা হয় যে, গ্ৰীণ টিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে । বিশেষজ্ঞসকলৰ মতে,গ্ৰীণ টিত এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে । ইয়াৰ উপৰিও ইয়াত প্ৰদাহ নিবাৰণকাৰী গুণ আৰু বহু ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়।

কিন্তু গ্ৰীণ টি খোৱৰ সঠিক উপায় আৰু সময়ৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। যদি আপুনি ওজন কমাবলৈ গ্ৰীণ টি সেৱন কৰি আছে তেন্তে ইয়াক সেৱন কৰাৰ সঠিক সময় আৰু উপায় জনাটো অতি প্ৰয়োজনীয়।

আয়ুৰ্বেদ বিশেষজ্ঞ কিৰণ গুপ্তাই কয় যে, যদি কিবা এটা খোৱাৰ পিছত চাহৰ সলনি গ্ৰীণ টি নেমুৰ সৈতে খোৱা হয়, তেন্তে ই অধিক উপকাৰী। কিন্তু স্বাস্থ্যৰ অৱস্থা অনুসৰি প্ৰতিদিনে গ্ৰীণ টি খাব লাগে । উদাহৰণস্বৰূপে, যদি এচিডিটিৰ সমস্যা হয় তেন্তে খালী পেটত গ্ৰীণ টি খাব নালাগে । কাৰণ ই এই সমস্যাটো আৰু বেছি ভয়াৱহ কৰি তুলিব পাৰে। কিন্তু যিসকল লোকে গ্ৰীণ টি খালে কোনো শাৰীৰিক সমস্যা সন্মুখীন নহয়, তেওঁলোকে গ্ৰীণ টিত নেমু মিহলাই খালী পেটত খাব পাৰে ।

যদি কোনো ব্যক্তিৰ এচিডিটিৰ সমস্যা থাকে তেন্তে তেওঁ ফল বা ব্ৰেকফাষ্ট খোৱাৰ ৩০ মিনিটৰ পিছত গ্ৰীণ টি খাব পাৰে। কিন্তু নিজৰ স্বাস্থ্যৰ অৱস্থা আৰু শৰীৰৰ স্বভাৱ অনুসৰি গ্ৰীণ টি খোৱাটো উচিত। ইয়াত কেফেইন থাকে, গতিকে ৰাতি গ্ৰীণ টি খাব নালাগে। লগতে দিনত বেছি পৰিমাণে খাব নালাগে।

গ্ৰীণ টি কেতিয়া কেনেকৈ খাব লাগে আৰু ওজন কমাবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে সেই বিষয়ে আপুনি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজন । গতিকে স্বাস্থ্যৰ বিশেষজ্ঞৰ সৈতে এই বিষয়ত কিছু পৰামৰ্শ গ্ৰহণ কৰক ।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...