ডাক ৱাকৰ বিষয়ে জানেনে? সাধাৰণ যেন লগা এই ব্যায়ামবিধে কৰে দেহৰ অনেক উপকাৰ

আমাৰ শৰীৰৰ বাবে উপকাৰী এক শাৰীৰিক ব্যায়াম হৈছে ডাক ৱাক। নামটোৰ দৰেই এই বিশেষ ব্যায়ামবিধ কৰাৰ সময়ত হাঁহৰ দৰে খোজ কাঢ়িব লাগিব। দেখাত তেনেই সাধাৰণ যেন লাগিলেও কিন্তু ইয়াৰ বহু উপকাৰিতা আছে। এই বিষয়ে চাওঁ আহক।

ডাক ৱাকৰ বিষয়ে জানেনে? সাধাৰণ যেন লগা এই ব্যায়ামবিধে কৰে দেহৰ অনেক উপকাৰ

ডাক ৱাকৰ উপকাৰিতাৰ বিষয়ে জানেনে?

Published: 

03 Jan 2025 20:37 PM

এক সুস্বাস্থ্যৰ বাবে শাৰীৰিক ব্যায়াম অত্যন্ত প্ৰয়োজনীয়। ব্যায়ামে আমাৰ দেহ সুস্থ-সবল আৰু নিৰোগী কৰি ৰাখে। আমাৰ শৰীৰৰ বাবে উপকাৰী এনে এক শাৰীৰিক ব্যায়াম হৈছে ডাক ৱাক। নামটোৰ দৰেই এই বিশেষ ব্যায়ামবিধ কৰাৰ সময়ত হাঁহৰ দৰে খোজ কাঢ়িব লাগিব। এই ব্যায়ামত আঁঠু দুটা বেঁকা কৰি লাহে লাহে বহি সৰু সৰু খোজেৰে আগবাঢ়িব লাগে। ডাক ৱাক কৰাৰ সময়ত ব্যক্তিৰ আঁঠু, উৰু, নিতম্ব আৰু মূল পেশীবোৰত হেঁচা পৰে। দেখাত তেনেই সাধাৰণ যেন লাগিলেও কিন্তু ইয়াৰ বহু উপকাৰিতা আছে।

এই ৱৰ্কআউটে কেৱল পেশী শক্তিশালী কৰাই নহয় শৰীৰৰ নমনীয়তা আৰু ভাৰসাম্য বৃদ্ধি কৰে। লগতে ই আমাৰ দেহৰ আন বহু উপকাৰো সাধন কৰে। এই বিষয়ে চাওঁ আহক-

উৰু আৰু নিতম্ব শক্তিশালী কৰেঃ ডাক ৱাকৰ ফলত উৰু আৰু নিতম্বৰ পেশী সক্ৰিয় হয়। ইয়াৰ দ্বাৰা এই পেশীবোৰৰ শক্তি আৰু নমনীয়তা বৃদ্ধি পায়। গতিকে ডাক ৱাকে আপোনাৰ শৰীৰৰ তলৰ অংশ শক্তিশালী কৰি তোলে।

আঁঠু শক্তিশালী হয়ঃ এই ব্যায়ামে আঁঠুৰ গাঁঠিবোৰ শক্তিশালী কৰে আৰু আঁঠুৰ সমস্যাৰ পৰা সকাহ দিব পাৰে। ইয়াৰ উপৰিও আঁঠুকো নমনীয়তা প্ৰদান কৰে।

পেট আৰু পিঠিৰ পেশী শক্তিশালী হয়ঃ ডাক ৱাকৰ ফলত পেট আৰু পিঠিৰ পেশী শক্তিশালী হয়, যাৰ ফলত আপোনাৰ দেহৰ ভাৰসাম্য উন্নত হয়।

কেলৰি বাৰ্ণঃ এই শাৰীৰিক ব্যায়ামে দেহৰ কেলৰি বাৰ্ণ কৰে। অৰ্থাৎ ওজন কমাবলৈও এই ব্যায়াম অত্যন্ত উপকাৰী।

তলত দিয়া আৰ্হি অনুকৰণ কৰি দেহৰ বাবে অতি উপকাৰী এই ব্যায়ামবিধ কৰিব পাৰিব-

প্ৰথমে ভৰি দুখন কান্ধৰ পৰা পোনে পোনে অলপ বাহিৰলৈ কৰি থিয় হওক। সেই অৱস্থানতে আঁঠু দুটা বেঁকা কৰি চকীত বহিবলৈ লোৱাৰ দৰে কৰি লওক। এই সময়ত পিঠিখন পোন কৰি ৰাখক আৰু শৰীৰটো অলপ আগলৈ বেঁকা কৰি ভাৰসাম্য ৰক্ষা কৰক। হাত দুখন আগলৈ আগবঢ়াই শৰীৰটো ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰক।

তেনে শাৰীৰিক অৱস্থানতে আঁঠু দুটা বেঁকা কৰি সৰু সৰু খোজেৰে আগবাঢ়ক। আঁঠু দুটা যিমান পাৰি বেঁকা কৰি ৰাখিব যাতে উৰু আৰু নিতম্বত অধিক চাপ পৰে আৰু আঁঠুবোৰ শক্তিশালী হয়। এইদৰে ৩০ ছেকেণ্ডৰ পৰা ১ মিনিটলৈকে কৰক আৰু তাৰ পিছত কিছু সময় জিৰণি লওক। এই নিৰ্দিষ্ট সময়ৰ পিছত লাহে লাহে থিয় হৈ পেশীবোৰ শিথিল কৰি তুলিব লাগে।

জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে ইশ্বৰে দিয়ে এই ৫ সংকেত! জানক...
শৰীৰত বেয়া কলেষ্টেৰল কম কৰে এই ৫ খাদ্যই! জানক সকলো...
ইউৰিক এচিড হ’লে এনে খাদ্য হ’ব পাৰে বিপজ্জনক, অন্যথা হ’ব পাৰে অধিক সমস্যা
প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হয় নেকি? হ’ব পাৰে এনে স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা