কম বয়সতে হৈছে নেকি উচ্চ ৰক্তচাপৰ সমস্যা? চিকিৎসকে জনালে নিয়ন্ত্ৰণৰ উপায়…
উচ্চ ৰক্তচাপ আজিৰ সময়ত এক ডাঙৰ সমস্যা। যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে বিভিন্নজনে এই সমস্যাত ভোগা দেখা যায়। গতিকে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখা দৰকাৰ। ই অন্য ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে।

উচ্চ ৰক্তচাপ
আজিকালি কমবয়সীয়া যুৱক-যুৱতীসকলো উচ্চ ৰক্তচাপৰ সমস্যাত ভোগা দেখা যায়। ৩০ ৰ পৰা ৩৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ মাজত এই সমস্যা বৃদ্ধি হোৱা দেখা যায়। বেয়া জীৱনশৈলী, খাদ্য, মানসিক চাপ আদি কাৰণত উচ্চ ৰক্তচাপ (High BP)ৰ সমস্যা হয়। যদি এয়া অনিয়ন্ত্ৰিত হয় তেন্তে হাৰ্ট এটেকৰ পৰা আৰম্ভ কৰি ষ্ট্ৰোকলৈকে বিভিন্ন ৰোগ হ’ব পাৰে। গতিকে এয়া নিয়ন্ত্ৰণত থকা দৰকাৰ।
এই সন্দৰ্ভত সবিশেষ জনাইছে দিল্লীৰ জিটিবি হাস্পতালৰ চিকিৎসা বিভাগৰ ডাঃ অজিত কুমাৰে। তেওঁ কয় যে, উচ্চ ৰক্তচাপে মানুহক নীৰৱে আক্ৰমণ কৰে। এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ সাধাৰণতে দেখা নিদিয়ে। বহু সময়ত লক্ষণ দেখা দিলেও এইবোৰ বহুতে সাধাৰণ বুলি আওকাণ কৰে। এই ৰোগ ক্ৰমান্বয়ে বাঢ়ি আহে।
লক্ষণ
- মূৰৰ বিষ
- মূৰত গধুৰতা
- মূৰ ঘূৰোৱা
- উদ্বেগ
- দৃষ্টিশক্তি ম্লান
- ভাগৰ
- অস্থিৰতা
কাৰণ
চিকিৎসকগৰাকীয়ে কয় যে, উচ্চ ৰক্তচাপৰ বহু কাৰণ আছে। বেয়া খাদ্য সবাতোকৈ সাধাৰণ কাৰণ। ইয়াৰোপৰি বেছিকৈ ফাষ্টফুড খোৱা, অধিক নিমখ খোৱা আদিৰ ফলতো ৰক্তচাপ বাঢ়ে। লগতে অত্যধিক মানসিক চাপ, দীৰ্ঘসময় বহি কাম কৰা, টোপনিৰ অভাৱ, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আদিৰ ফলতো ৰক্তচাপ বৃদ্ধি পায়।
কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
খাদ্যৰ দ্বাৰা উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি। খাদ্যত অতি কম নিমখ ব্যৱহাৰ কৰিব লাগে। প্ৰতিদিনে ৫ গ্ৰামতকৈ অধিক নিমখ খাব নালাগে। ইয়াৰোপৰি পেকেটত ৰখা খাদ্য, জাংক ফুড আদি খাব নালাগে। চিকিৎসকগৰাকীৰ মতে, মানসিক চাপ পৰিহাৰ কৰাৰ বাবে যোগাসন কৰক। ওজন নিয়ন্ত্ৰণ কৰাও দৰকাৰ। জীৱনশৈলী পৰিবৰ্তন কৰা দৰকাৰ। যদি দীৰ্ঘদিন এই সমস্যা হৈ থাকে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
অন্য খবৰ পঢ়কঃ ৪০ বছৰৰ পাছতো ছালত নপৰে বয়সৰ প্ৰভাৱ! নিশা শোৱাৰ পূৰ্বে কৰক এই কাম…