চৰ্বি কমাবলৈ গ্ৰীষ্মকালত খাওক এইসমূহ খাদ্য, বিশেষজ্ঞৰ পৰা সবিশেষ জানক

গ্ৰীষ্মকালত উষ্ণতা বেছি হোৱাৰ বাবে ব্যায়াম আৰু খাদ্যাভ্যাস সম্পূৰ্ণৰূপে প্ৰভাৱিত হয়। এনে পৰিস্থিতিত চৰ্বি দহন কৰাটো অলপ প্ৰত্যাহ্বানজনক হ’ব পাৰে। গৰমত কোনবোৰ বস্তু খালে সহজে  চৰ্বি কমাব পাৰি বিশেষজ্ঞৰ পৰা জানক।

চৰ্বি কমাবলৈ গ্ৰীষ্মকালত খাওক এইসমূহ খাদ্য, বিশেষজ্ঞৰ পৰা সবিশেষ জানক

ওজন হ্ৰাস

Published: 

10 Mar 2025 | 06:40 AM

লাহে লাহে প্ৰায় আহি পালেহি গ্ৰীষ্মকাল। এনে পৰিস্থিতিত মানুহে নিজৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস সলনি কৰিব লাগিব। বিশেষকৈ যিসকলে নিজৰ চৰ্বি কমাব বিচাৰে, তেওঁলোকে অধিক সাৱধানতা অৱলম্বন কৰিব লাগে । গৰমৰ দিনত উচ্চ উষ্ণতাৰ বাবে ব্যায়াম আৰু খাদ্যাভ্যাস সম্পূৰ্ণৰূপে প্ৰভাৱিত হয়।

পুষ্টিবিদ নমামী আগৰৱালাই কয় যে, যিসকল লোকে ওজন কমাব বিচাৰে তেওঁলোকে ব্যায়ামৰ লগতে খাদ্যত কিছু স্বাস্থ্যকৰ বস্তু অন্তৰ্ভুক্ত কৰিব পাৰে। কেলৰি কম হোৱাৰ বাবে ই চৰ্বি দহন প্ৰক্ৰিয়াত অতি উপকাৰী হ’ব। গ্ৰীষ্মকালত কোনবোৰ বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে জানো আহক।

সতেজ ফলমূল আৰু শাক-পাচলি

গৰমৰ দিনত খাদ্যত তৰমুজ অন্তৰ্ভুক্ত কৰক। এইবিধ ফলত ৯০% পানী থাকে। ইয়াত কেলৰি  খুব কম পৰিমাণে থাকে । ই শৰীৰক হাইড্ৰেট কৰি ৰখাৰ লগতে পেটতো ভৰি থাকে। ইয়াৰ বাহিৰেও আপুনি চালাডত পানী লাও অন্তৰ্ভুক্ত কৰিব পাৰে কমলা, নেমু আৰু অমৰুট আদি ফল-মূলত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যাৰ ফলত বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়। যিয়ে চৰ্বি কমোৱাতো সহায় কৰে।

দৈ

দৈ’ত প্ৰ’টিন আৰু কেলচিয়ামৰ দৰে বস্তু প্ৰচুৰ পৰিমাণে পোৱা যায়। ই হজম শক্তি, হাড়, দাঁত আৰু ছালৰ বাবে উপকাৰী। ওজন বৃদ্ধি ৰোধ কৰাত ই অতি উপকাৰী। দৈত প্ৰ’বায়’টিক থাকে, যিয়ে বিপাকীয় ক্ৰিয়া সুস্থ কৰি ৰখাত সহায় কৰে।

হাৰ্বল পানীয়

গ্ৰীণ টিৰ দৰে হাৰ্বল পানীয়ত এন্টিঅক্সিডেন্ট থাকে, যিয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে। যদি আপুনি চৰ্বি দহন বিচাৰে তেন্তে দিনটোত ২-৩ বাৰ এই পানীয় পান কৰক। ইয়াৰ উপৰিও পদিনা, আদা আৰু নেমুৰ সৈতে এই চাহে চৰ্বি দহনত সহায় কৰে।

বিশেষজ্ঞসকলে কয় যে, চৰ্বি হ্ৰাস কৰিবলৈ দিনটোত ৩ বাৰ আহাৰ গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও আপুনি স্বাস্থ্যসন্মত জলপান বাছি ল’ব লাগে ইয়াৰ ফলত বিপাকীয় ক্ৰিয়া দ্ৰুত হৈ থাকে আৰু আপুনি বেছিকৈ খোৱাৰ প্ৰয়োজন নহয়। গ্ৰীষ্মকালত অত্যধিক ভাজি আৰু গধুৰ খাদ্য পৰিহাৰ কৰক। কিয়নো ই শৰীৰত অতিৰিক্ত কেলৰি জমা কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব