অত্যাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰে কিয় মানুহক নিসংগ কৰি পেলায়? জানক ইয়াৰ কাৰণ…
আজিকালি বহুতৰ মাজত সামাজিক মাধ্যমৰ ব্যৱহাৰ বৃদ্ধি পাইছে। কিন্তু ই আপোনাৰ নিসংগতাৰ কাৰণ হ'ব পাৰে। সামাজিক মাধ্যমে বহু সময়ত মানুহক বাস্তৱ জগতৰ পৰা আঁতৰাই নিয়ে।

নিসংগতা
বৰ্তমান সময়ত, শিশুৰ পৰা বৃদ্ধলৈকে প্ৰায় সকলোৰে মাজত বৃদ্ধি পাইছে সামাজিক মাধ্যমৰ প্ৰভাৱ। কিন্তু ৰীল আৰু ৰিয়েল লাইফৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে। সামাজিক মাধ্যমত হাজাৰ হাজাৰ ফলোৱাৰ থকাৰ পাছতো কেতিয়াবা কিছুমানে বাস্তৱ জীৱনত অকলশৰীয়া অনুভৱ কৰে । নতুন মানুহৰ লগত বন্ধুত্ব গঢ়িবলৈ কিছুমান লোকে সামাজিক মাধ্যম ব্যৱহাৰ কৰে যদিও বেছিভাগ সময় এই সিদ্ধান্ত ভুল ওলায়। কিয়নো সামাজিক মাধ্যম এনে এক জগত, যত প্ৰকৃত আৰু ভুৱাৰ মাজত বিচাৰ কৰা সহজ নহয়।
সামাজিক মাধ্যমৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশ আছে। এই ক্ষেত্ৰত যিমানেই মানুহ গভীৰতালৈ যায় সিমানেই বেছি যেন অশান্তিৰ মাজলৈ গৈ থাকে। অত্যাধিক সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ ফলত মানুহ কেতিয়া অকলশৰীয়া হয় গ’মেই পোৱা নাযায়।
আজিৰ সময়ত যিমানেই বেছি সামাজিক মাধ্যম ব্যৱহাৰ কৰা হয় সিমানেই বেছি অকলশৰীয়া অনুভৱ কৰা হয়।ইনষ্টাগ্ৰাম বা ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত যিমানেই আনৰ সুখ আৰু প্ৰগতিৰ ছবি দেখিব সিমানেই আপোনাৰ ভিতৰত ঈৰ্ষা, তুলনা আৰু নিসংগতাৰ অনুভূতি বাঢ়ি যায়।
সামাজিক বিচ্ছিন্নতা
ছ’চিয়েল আইছলেশ্যন বা সামাজিক বিচ্ছিন্নতাৰ অৰ্থ হ’ল কাৰো লগত কথা পাতিবলৈ মন নযোৱা আৰু মানুহৰ লগত সংযোগ অনুভৱ নকৰা। সামাজিক কাম বা মানুহ আপুনি কমকৈ ভাল পাব ধৰে আৰু লাহে লাহে আপুনি সামাজিক অনুষ্ঠানত অংশ লোৱা বন্ধ কৰে, যাৰ ফলত আপুনি নিসংগতাৰ বলি হৈ পৰে।
নিসংগতা
সামাজিক মাধ্যমৰ আটাইতকৈ ডাঙৰ অসুবিধাটো হ’ল বহুতে সামাজিক মাধ্যমৰ জৰিয়তে নতুন মানুহৰ লগত চিনাকী হয় কিন্তু সেই চিনাকী বাস্তৱত নহয়। সেইবাবে যেতিয়া তেওঁলোকৰ পৰা কোনোৱে অধিক আশা কৰে আৰু সেয়া নাপাই তেতিয়া বেয়া লাগিবলৈ আৰম্ভ কৰে। কিয়নো মুখা-মুখি কথা পতা আৰু ফোন, মেছেজত কথা পতাৰ মাজত পাৰ্থক্য বহুত। ফোনত ইমান ভালকৈ ইজনে-সিজনৰ অনুভৱ বুজিব নোৱাৰে। যাৰ ফলত আপুনি কোৱা কথাখিনিও আনে বুজি নাপায়।
সামাজিক মাধ্যমত বন্ধুত্ব গঢ়ি তুলিলে মাত্ৰ কেইটামান সময়ৰ বাবেহে আনন্দ পোৱা যায়। কিন্তু এটা কথা সত্য যে সামাজিক মাধ্যমত ৫০০-১০০০ বন্ধু থাকিলেও প্ৰকৃত বন্ধু এজনো নাই। ছ’চিয়েল মিডিয়াই ক্ৰমান্বয়ে আপোনাক বাস্তৱ জগত আৰু মানুহৰ পৰা আঁতৰাই পেলায়। যাৰ ফলত মানুহ অকলশৰীয়া হৈ পৰে আৰু নিসংগতাৰ বলি হয়।
ঈৰ্ষা
ছ’চিয়েল মিডিয়াত আনৰ কেৰিয়াৰ, প্ৰেম বা বিভিন্নজনে জীৱনত কৰা ভাল কাম দেখি সেই মানুহজনৰ লগত বহুতে নিজক তুলনা কৰিবলৈ আৰম্ভ কৰে। যাৰ ফলত মানুহৰ মাজত ইৰ্ষা আৰু নিসংগতা বাঢ়ি যায়। আনকি কেতিয়াবা আত্মবিশ্বাস হেৰুৱায় মানুহ ভাঙি পৰা দেখা যায়।
এনে পৰিস্থিতিত এটা সীমা ৰাখি সামাজিক মাধ্যম ব্যৱহাৰ কৰা উচিত। নহ’লে এদিন ই আপোনাক এনে এখন পৃথিৱীলৈ লৈ যাব, য’ত কেৱল থাকিব নিসংগতা।
অন্য খবৰ পঢ়কঃ নিশা কৰিব নালাগে এই ৪টা ভুল, নাহে টোপনি… জানক চিকিৎসকে কি কয়…