আপোনাৰ ছালেই প্ৰকাশ কৰে ডায়েবেটিছৰ সম্ভাৱনা! চাওক কিদৰে পাব ইঙ্গিত…

বহু সময়ত কোনো স্পষ্ট লক্ষণ দেখা নোপোৱাৰ বাবে বা পৰীক্ষা নকৰাৰ বাবে কিছু লোকে ডায়েবেটিছত আক্ৰান্ত হোৱাৰ কথা জ্ঞাত নোহোৱাকৈ থাকে। যেতিয়ালৈ এই বিষয়ে জানিব পাৰে, তেতিয়ালৈ তেজত চেনিৰ মাত্ৰা যথেষ্ট বৃদ্ধি পায়। পিছে আমি বহুসময়ত আমাৰ ছালৰ পৰাই ডায়েবেটিছৰ লক্ষণৰ ইঙ্গিত লাভ কৰোঁ। ছালে কিদৰে ডায়েবেটিছৰ ইঙ্গিত দিয়ে চাওঁ আহক।

আপোনাৰ ছালেই প্ৰকাশ কৰে ডায়েবেটিছৰ সম্ভাৱনা! চাওক কিদৰে পাব ইঙ্গিত…

ডায়েবেটিছৰ লক্ষণ

Published: 

30 Jan 2025 | 11:19 PM

ডায়েবেটিছ বৰ্তমান সময়ৰ এক চিন্তনীয় সমস্যা। অত্যন্ত উদ্বেগজনকভাৱে এইসময়ত বৃদ্ধি পাইছে ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা। পূৰ্বে কেৱল বয়োজ্যেষ্ঠ লোকৰ ক্ষেত্ৰতহে ডায়েবেটিছৰ সমস্যা দেখিবলৈ পোৱা গৈছিল যদিও সাম্প্ৰতিক সময়ত যুৱক যুৱতীসকলৰ মাজতো ডায়েবেটিছৰ আগ্ৰাসন পৰিলক্ষিত হৈছে। মূলতঃ অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবেই নতুন প্ৰজন্মই এই সমস্যাৰ সন্মুখীন হোৱা বুলি চিকিৎসক তথা বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। সেয়ে অৱশ্যে বহু লোকৰ মাজত এতিয়া স্বাস্থ্য সচেতনতা বৃদ্ধি পাইছে।

অৱশ্যে বহু সময়ত কোনো স্পষ্ট লক্ষণ দেখা নোপোৱাৰ বাবে বা পৰীক্ষা নকৰাৰ বাবে কিছু লোকে ডায়েবেটিছত আক্ৰান্ত হোৱাৰ কথা জ্ঞাত নোহোৱাকৈ থাকে। যেতিয়ালৈ এই বিষয়ে জানিব পাৰে, তেতিয়ালৈ তেজত চেনিৰ মাত্ৰা যথেষ্ট বৃদ্ধি পায়। পিছে আমি বহুসময়ত আমাৰ ছালৰ পৰাই ডায়েবেটিছৰ লক্ষণৰ ইঙ্গিত লাভ কৰোঁ। ছালে কিদৰে ডায়েবেটিছৰ ইঙ্গিত দিয়ে চাওঁ আহক-

শুকান ছাল

চিকিৎসকে কয় যে যদি আপোনাৰ ছালখন হঠাতে শুকান হৈ পৰে, ইয়াৰ অৰ্থ হৈছে আপোনাৰ শৰীৰত কোনো সমস্যাই দেখা দিছে। বিশেষকৈ হাতৰ তলুৱা, আঁঠু, ভৰিৰ তলুৱা শুকাবলৈ আৰম্ভ কৰিলে আৰু খজুৱতিৰ সমস্যা হ’লে অলপ সচেতন হোৱাৰ প্ৰয়োজন। এনেক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত হ’ব।

আঘাতৰ ফলত হোৱা ঘাঁ

যদি শৰীৰৰ কোনো অংশত আঘাতৰ বাবে ঘাঁৰ সৃষ্টি হয় আৰু সেই ঘাঁ যথেষ্ট লাহে লাহে শুকায়, তেতিয়া ডায়েবেটিছৰ সম্ভাৱনা থাকিব পাৰে। কাৰণ তেজত চেনিৰ মাত্ৰা বেছি হ’লে তেজ জমা হোৱাত বিলম্ব হয় আৰু ইয়াৰ ফলত ঘাঁ ভাল হ’বলৈ অধিক সময় লাগে।

সঘনাই ছালৰ সমস্যা

আপোনাৰ ছালত যদি খজুৱতি, ছাল ক’লা পৰা, শুষ্কতা আদি সমস্যা সঘনাই হয়, তেতিয়া ডায়েবেটিছৰ সমস্যা হ’ব পাৰে। গতিকে এনে সমস্যা সঘনাই হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

ক’লা দাগ আৰু ভৰি ফুলি উঠা

যদি কিলাকুটি, আঁঠু আদি অংশত ক’লা দাগে দেখা দিয়ে আৰু বহু চেষ্টাৰ পিছতো এই সমস্যা দূৰ নহয় তেতিয়া আপুনি সচেতন হোৱাৰ প্ৰয়োজন। তদুপৰি যদি অলপ সময় চকীত বহি থকাৰ বাবেই আপোনাৰ ভৰি দুখন ফুলি উঠে, সেয়াও ডায়েবেটিছৰে লক্ষণ হ’ব পাৰে। গতিকে এই লক্ষণসমূহ দেখা পালে লগে লগে চিকিৎসকৰ কাষ চাপিব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...