এজন ব্যক্তিয়ে প্ৰতিদিনে কিমান পৰিমাণৰ নিমখ খাব লাগে ? এই সন্দৰ্ভত WHO ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা…

বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে, সাধাৰণ নিমখৰ সলনি কম ছডিয়ামযুক্ত নিমখ খাদ্যত ব্যৱহাৰ কৰিব লাগে। প্ৰতিদিনে কিমান পৰিমাণৰ নিমখ খাবলৈ পৰামৰ্শ দিছে বিশ্ব স্বাস্থ্য সংস্থাই ?

এজন ব্যক্তিয়ে প্ৰতিদিনে কিমান পৰিমাণৰ নিমখ খাব লাগে ? এই সন্দৰ্ভত WHO ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা...

নিমখ

Published: 

02 Feb 2025 | 12:37 PM

নিমখ কমকৈ খাবলৈ আহ্বান জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই। বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে, সাধাৰণ নিমখৰ সলনি কম ছডিয়ামযুক্ত নিমখ খাদ্যত ব্যৱহাৰ কৰিব লাগে। এই পৰামৰ্শ কেৱল প্ৰাপ্তবয়স্ক আৰু সুস্থ ব্যক্তিৰ বাবেহে দিয়া হৈছে। গৰ্ভৱতী মহিলা, শিশুৰ ক্ষেত্ৰত স্বাভাৱিক নিমখ খাবলৈ পৰামৰ্শ দিয়া হৈছে। এই লোকসকলে সাধাৰণ নিমখ খাব পাৰে । উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাই খাদ্যত প্ৰতিদিনে ২ গ্ৰাম ছডিয়ামৰ ব্যৱহাৰ হ্ৰাস কৰাৰ পৰামৰ্শ দিছে।

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি এজন ব্যক্তিয়ে প্ৰতিদিনে ৫ গ্ৰাম নিমখ খাব লাগে, কিন্তু গড় হিচাপত ভাৰতীয় লোকে প্ৰতিদিনে ১০ গ্ৰাম নিমখ খায়। অতিৰিক্ত নিমখ সেৱন কৰিলে শৰীৰত ছডিয়ামৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত বহুতো শাৰীৰিক সমস্যাৰ সৃষ্টি হয়।

বিশ্ব স্বাস্থ্য সংস্থাৰ এই পৰামৰ্শক বিশেষজ্ঞসকলে সমৰ্থন কৰিছে । বিশেষজ্ঞসকলে কয় যে, WHOৰ নিৰ্দেশনা ভাৰতীয় লোকৰ বাবে অধিক উপযোগী। ভাৰতীয় সকলে নিমখ খাদ্যত ব্যৱহাৰ কৰা উপৰিও সকলোৰে কেঁচা নিমখ খোৱাৰ অভ্যাস আছে । ভাৰতীয়সকলে খাদ্যত অধিক নিমখ ব্যৱহাৰ কৰে। এনে পৰিস্থিতিত স্বাস্থ্য সংস্থাৰ এই সিদ্ধান্ত ভাৰতীয়ৰ বাবে গুৰুত্বপূৰ্ণ।

মনকৰিবলগীয়া যে সামগ্ৰিক স্বাস্থ্যৰ বাবে বেছিকৈ নিমখ খোৱাটো একেবাৰে অপকাৰী । নিমখ খালে ৰক্তচাপ দ্ৰুতগতিত বৃদ্ধি পায়। ইয়াৰ ফলত হাৰ্ট এটেক আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও নিমখৰ অত্যাধিক ব্যৱহাৰে ব্যক্তিৰ বৃক্ক, যকৃত আৰু তেজতো প্ৰভাৱ পেলায়। অতিৰিক্ত নিমখ সেৱন কৰিলে তেজৰ শিৰাত পানীৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ফলত বহু ধৰণৰ ৰোগ হ’ব পাৰে।

বেছিকৈ নিমখ খোৱাৰ অপকাৰিতা কি ?

  1. নিমখ বেছিকৈ খালে ৰক্তচাপ বৃদ্ধি পাব পাৰে । বিশেষকৈ উচ্চ ৰক্তচাপত ভুগি থকা লোকসকলৰ বাবে কেঁচা নিমখ একেবাৰে বেয়া ।
  2. নিমখ বেছিকৈ খালে ৰক্তচাপ বৃদ্ধি কৰাৰ লগতে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ।
  3. অত্যাধিক নিমখ সেৱনে আমাৰ হাড়বোৰতো প্ৰভাৱ পেলায় । অত্যাধিক নিমখ খালে শৰীৰৰ হাড় দুৰ্বল হয় ।
  4. নিমখে পেটৰ সমস্যা সৃষ্টি কৰিব পাৰে । ইয়াৰ লগতে বৃক্ক ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে ।
  5. নিমখে শৰীৰৰ ওজন বৃদ্ধি কৰিব পাৰে । সমান্তৰালভাৱে ছাল সমস্যা সৃষ্টি কৰাৰ সম্ভাৱনা থাকে । গতিকে সামগ্ৰিক স্বাস্থ্যৰ বাবে নিমখ কমকৈ খাব লাগে ।
কেনে আছে আপোনাৰ স্বাস্থ্য, হৈছে নেকি সমস্যা! নখৰ এনে লক্ষণে দিব পূৰ্বাভাস
গৰ্ভাৱস্থাত কিমান সুৰক্ষিত শাৰীৰিক সম্পৰ্ক? জানক সন্তানৰ ওপৰত পৰে নেকি প্ৰভাৱ
যুৱকসকলে কিয় প্ৰেমত পৰে বয়সীয়াল নাৰীৰ, আঁৰৰ কাৰণ কি?
সূৰ্যাস্তৰ পাছত আনক নিদিব এই ৫বিধ বস্তু!
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি