শীতকালত এদিনত কিমানটা কণী খাব পাৰি? জানক সঠিক উত্তৰ…

শীতকাল পৰিছে। এই সময়ত বহুতে বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভোগে। এনে পৰিস্থিতিত শীতকালত খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া প্ৰয়োজন। প্ৰশ্ন হয়, শীতকালত দিনত কিমানটা কণী খাব পাৰি।

শীতকালত এদিনত কিমানটা কণী খাব পাৰি? জানক সঠিক উত্তৰ...

কণী

Published: 

06 Nov 2025 09:40 AM

ঠাণ্ডাৰ দিনত কণী খোৱা উপকাৰী বুলি কোৱা হয়। কিয়নো ই শৰীৰত গৰম ৰাখে, লগতে ইমিউনিটি বুষ্ট কৰি শৰীৰক শক্তি প্ৰদান কৰে। কণীত থকা প্ৰ’টিন, ভিটামিন ডি আৰু জিংকৰ দৰে উপাদানসমূহে চৰ্দি-কাহৰ দৰে সমস্যাৰ পৰা সকাহ দিব পাৰে। ই ছাল ভালে ৰখাতো সহায় কৰে। কিন্তু বহুতৰ মনত প্ৰশ্ন হয়, শীতকালত এদিনত কিমানটা কণী খাব পাৰি? চৰ্দি-কাহ হ’লে কণী খাব পাৰিনে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এই লেখাটোত উল্লেখ কৰা হ’ল।

দিনত কিমান খাব

শাৰীৰিক কাৰ্যকলাপ কৰি থকাসকলে দিনত ২-৩ টা কণী খাব পাৰে। যদি আপোনাৰ হৃদৰোগ, কলেষ্টেৰলৰ সমস্যা বা আন কোনো সমস্যা আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ। কিয়নো কিছুমান ৰোগৰ বাবে কণী ভাল নহয়।

প্ৰতিদিনে কণী খালে মাংসপেশী, হাড়, মগজুৰ কাৰ্যপ্ৰণালী দ্ৰুত হয়। ইয়াৰ লগতে ই শক্তি প্ৰদান কৰে আৰু পাচনপ্ৰক্ৰিয়া ভাল কৰে। সেয়ে জিম কৰাসকলে বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি দিনত কেইবাটাও কণী খায়।

চৰ্দি-কাহ হ’লে খাব পাৰিনে

হয়, চৰ্দি-কাহ হলেও কণী খাব পাৰি আৰু ই উপকাৰী। কিয়নো ইয়াক থকা জিংক, ভিটামিন ডি আৰু অন্য উপাদানসমূহে শৰীৰ শক্তিশালী কৰি তোলে।

সিজোৱা কণী

সিজোৱা কণী দুঘণ্টাৰ অধিক সময় ৰাখিব নালাগে। বাহি কণী খোৱা স্বাস্থ্যৰ বাবে ভাল নহয়। অৱশ্যে ফ্ৰীজত সঠিকভাৱে সংৰক্ষণ কৰিলে সিজোৱা কণী এসপ্তাহ পৰ্যন্ত ৰাখিব পাৰি।

উল্লেখ্য যে, এই লেখাটোত কিছুমান সাধাৰণ দিশৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰোপৰি হাঁহৰ কণী, মুৰ্গীৰ কণী বা অন্য কণী সকলোৰে নিজা নিজা গুণাগুণ থাকে। গতিকে যদি কিবা ৰোগ আছে, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ মানি চলা ভাল।

 

অন্য খবৰ পঢ়কঃ বৃক্কত পাথৰ হোৱাৰ ৩টা মুখ্য কাৰণ, জানক চিকিৎসকৰ পৰা…

 

হাওঁফাওঁৰ সংক্ৰমণ হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
যকৃত সুস্থ ৰাখিবলৈ খাওক এইসমূহ খাদ্য! জনালে চিকিৎসকে...
প্ৰস্ৰাৱৰ লগত তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? জানক...
ৰাতি ফল খোৱাটো উচিত নে? জানক চিকিৎসকৰ পৰা...