শীতকালত সপ্তাহত কিমানবাৰ চুলি ধুব লাগে? কেনেধৰণৰ শ্বেম্পু ব্যৱহাৰ কৰিব লাগে, বিশেষজ্ঞৰ পৰা জানো আহক

Winter Hair Wash: শীতকালত চুলিৰ প্ৰতি অধিক সাৱধানতা অৱলম্বন কৰিব লাগে। এই বতৰত বিশেষজ্ঞই গা ধোৱা আৰু চুলি ধোৱাৰ ওপৰত পৰামৰ্শ দি থাকে। কিন্তু সপ্তাহত কিমান দিন চুলি ধুব লাগে আৰু কোনটো শ্বেম্পু ব্যৱহাৰ কৰিব লাগে বহুসময়ত আমি গম নাপাও।

শীতকালত সপ্তাহত কিমানবাৰ চুলি ধুব লাগে? কেনেধৰণৰ শ্বেম্পু ব্যৱহাৰ কৰিব লাগে, বিশেষজ্ঞৰ পৰা জানো আহক

শীতকালত সপ্তাহত কিমানবাৰ চুলি ধুব লাগে?

Updated On: 

06 Dec 2024 | 06:47 AM

Hair Washing In Winters: চুলি যিমানেই যত্ন ল’ব সিমানেই শক্তিশালী হৈ থাকিব আৰু উজ্জ্বল হৈ থাকিব। আমি যেনেকৈ আমাৰ স্বাস্থ্যৰ যত্ন লওঁ, তেনেকৈয়ে চুলিৰ যত্ন লোৱাটোও গুৰুত্বপূৰ্ণ। আজিকালি বেছিভাগ মানুহেই বেয়া জীৱনশৈলীৰ বাবে চুলি সৰা আৰু উফিৰ দৰে সমস্যাৰ সন্মুখীন হৈছে। চুলি সৰা বন্ধ কৰাটো সহজ নহয়।

দিল্লীৰ শ্ৰীবালাজী একচন মেডিকেল ইনষ্টিটিউটৰ ডাঃ বিজয় সিংঘালে (চিনিয়ৰ কনচালটেণ্ট, ডেৰ্মাট’লজিষ্ট) কয় যে, বহু কাৰণত চুলি সৰে, যেনে শৰীৰত ভিটামিনৰ মাত্ৰা কম হোৱা, জেনেটিক্স বা যিকোনো চিকিৎসাজনিত অৱস্থা। শীতকালত চুলিক অধিক যত্নৰ প্ৰয়োজন হয়। চুলিৰ বিশেষ যত্ন অতি গুৰুত্বপূৰ্ণ কাৰণ ঠাণ্ডা আৰু শুকান বতাহে চুলি শুকান বা দুৰ্বল কৰি তুলিব পাৰে। গোটেই দিনটো বাহিৰত ঘূৰি ফুৰাৰ বাবে চুলি আৰু মূৰৰ ছালত ধূলি আৰু মলি জমা হয়। যাৰ বাবে আমি লেতেৰা অনুভৱ কৰি চুলি ধুই দিও। কিন্তু সপ্তাহত কিমানবাৰ ধুব জানো আহক।

কিমানবাৰ ধুব চুলি?

চুলি ধোৱাৰ লগতে মূৰৰ ছালৰ যত্ন লোৱাটোও গুৰুত্বপূৰ্ণ। শীতকালত চুলিৰ উন্নত স্বাস্থ্যৰ বাবে চুলি ধোৱাৰ পদ্ধতি অলপ বেলেগ। ঠাণ্ডা বতৰত চুলিত প্ৰাকৃতিক তেল আৰু আৰ্দ্ৰতা থাকে, যাৰ বাবে চুলি কম শুকান হৈ পৰে। বিশেষজ্ঞসকলে কয় যে, এই বতৰত চুলি বেছিকৈ ধোৱাৰ প্ৰয়োজন নাই। শীতকালত সপ্তাহত ২-৩ বাৰ চুলি ধুলে ভাল। বেছি ধুলে চুলি দুৰ্বল হয়। অৱশ্যে আপোনাৰ চুলিৰ ধৰণৰ ওপৰতো নিৰ্ভৰ কৰে।

কুহুমীয়া তেল লগাব লাগে

শীতকালত চুলি ধোৱাৰ আগতে কুহুমীয়া তেলেৰে মালিচ কৰিব লাগে। যদি আপোনাৰ চুলি তেলতেলীয়া হয় তেন্তে সপ্তাহত তিনিবাৰলৈকে চুলি ধুব পাৰে। যদি আপোনাৰ চুলি শুকান তেন্তে সপ্তাহত দুবাৰকৈ চুলি ধুলে ভাল। ইয়াৰ চুলি বেছি চিঙি নাযায় আৰু বেছি সময় ভালে থাকে।

কেনেধৰণৰ চেম্পুৰে চুলি ধুব?

শীতকালত চুলি ধুবলৈ কোমল আৰু মইশ্ব’ৰাইজিং শ্বেম্পু ব্যৱহাৰ কৰিব লাগে। শ্বেম্পুত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ যেনে, ছালফেট আদি থাকিব নালাগে কাৰণ এইবোৰে চুলিৰ প্ৰাকৃতিক আৰ্দ্ৰতাৰ ক্ষতি কৰে। মৌ, নাৰিকল তেল বা আমলা-মেথি আদি প্ৰাকৃতিক উপাদান থকা শ্বেম্পু চুলিৰ বাবে ভাল। এইবোৰৰ পৰা চুলিত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে।

কণ্ডিচনাৰ লগাব লাগে

ইয়াৰ উপৰিও শ্বেম্পুৰ পিছত কণ্ডিচনাৰ ব্যৱহাৰ কৰাটোও অতি প্ৰয়োজনীয়। ইয়াৰ ফলত চুলি কোমল আৰু মসৃণ হৈ থাকে। চুলি ধোৱাৰ পিছত টাৱেল বা গামোচাৰে শুকুৱাই ল’ব নালাগে। চুলিত হেয়াৰ ড্ৰায়াৰ কম ব্যৱহাৰ কৰক কাৰণ ইয়াৰ ফলত চুলি আৰু শুকান হ’ব পাৰে। এইদৰে সৰু সৰু বস্তুবোৰৰ যত্ন ল’লে শীতকালত আপোনাৰ চুলি সুস্থ আৰু সুন্দৰ হৈ থাকিব।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব