ডায়েবেটিছৰ ফলত হ’ব পাৰে চকুৰ নানা ৰোগ! এনে লক্ষণ দেখা পালেই হওক সাৱধান

ডায়েবেটিছে শৰীৰৰ তেজৰ সোঁত আৰু স্নায়ুত যথেষ্ট প্ৰভাৱ পেলায়। লগতে এই ৰোগে চকুত থকা সৰু সৰু স্নায়ুৰ ক্ষতি কৰে। দীৰ্ঘদিন ধৰি তেজত চেনিৰ পৰিমাণ বাঢ়ি থাকিলে চকুৰ শিৰাত প্ৰভাৱ পৰে।

ডায়েবেটিছৰ ফলত হ’ব পাৰে চকুৰ নানা ৰোগ! এনে লক্ষণ দেখা পালেই হওক সাৱধান

ডায়েবেটিছৰ ফলত হ’ব পাৰে চকুৰ এনে ৰোগ

Updated On: 

25 Aug 2025 | 11:26 AM

সাম্প্ৰতিক সময়ত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। এই ডায়েবেটিছ দুই প্ৰকাৰৰ- টাইপ ১ আৰু টাইপ ২। টাইপ ১ ডায়েবেটিছত শৰীৰে ইনচুলিন উৎপাদন কৰিবলৈ সক্ষম নহয়, আনহাতে টাইপ ২ত শৰীৰে ইনচুলিন সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম নহয়। অস্বাস্থ্যকৰ খাদ্যাভ্যাস, মানসিক চাপ, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, জিনীয় কাৰক ইত্যাদি ডায়েবেটিছৰ ৰোগী বৃদ্ধি পোৱাৰ মূল কাৰণ হিচাপে বিশেষজ্ঞসকলে চিনাক্ত কৰিছে। সময়মতে যত্ন নল’লে ডায়েবেটিছে শৰীৰত বিস্তৰ প্ৰভাৱ পেলাব পাৰে।

আনকি ই চকু, বৃক্ক আৰু হৃদযন্ত্ৰৰ দৰে গুৰুত্বপূৰ্ণ অংগসমূহৰ ক্ষতিসাধন কৰিব পাৰে। ডায়েবেটিছে শৰীৰৰ তেজৰ সোঁত আৰু স্নায়ুত যথেষ্ট প্ৰভাৱ পেলায়। লগতে এই ৰোগে চকুত থকা সৰু সৰু স্নায়ুৰ ক্ষতি কৰে। দীৰ্ঘদিন ধৰি তেজত চেনিৰ পৰিমাণ বাঢ়ি থাকিলে চকুৰ শিৰাত প্ৰভাৱ পৰে। ইয়াৰ ফলত ৰেটিনাৰ ওপৰত চাপ বৃদ্ধি পায় আৰু দৃষ্টিশক্তি হেৰুৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

ডায়েবেটিছ ৰোগত চকুৰ ছানি পৰা, গ্ল’ক’মা, ৰেটিনোপেথী আদি সমস্যা হ’ব পাৰে। গতিকে নিয়মীয়াকৈ চকুৰ পৰীক্ষা কৰাটো অত্যন্ত প্ৰয়োজনীয়। ডায়েবেটিছ ৰোগত চকুৰ বহু লক্ষণ দেখা দিব পাৰে। প্ৰথম অৱস্থাত দৃষ্টিশক্তি ম্লান হোৱা, পোহৰত জিলমিল দেখা, ওচৰ বা দূৰৰ বস্তুবোৰ স্পষ্টকৈ নেদেখা আদি এনে কিছু সাধাৰণ লক্ষণ।

লাহে লাহে ৰেটিনাত প্ৰভাৱ পৰিলে আনকি দৃষ্টিশক্তি হেৰুৱাব পাৰে আৰু ৰং চিনি পোৱাত অসুবিধা হ’ব পাৰে। কিছুমান মানুহৰ চকুৰ সন্মুখত হঠাৎ দাগ বা ভাসমান ক’লা দাগ দেখাবলৈ আৰম্ভ কৰে। ইয়াৰ উপৰিও চকুৰ বিষ, ৰঙা পৰা, শুকান হোৱা বা সঘনাই চকু টিপিয়াই থকা আদি সমস্যাও দেখা যায়। সময়মতে চিকিৎসা নকৰিলে চকুৰ গুৰুতৰ ৰোগ বা অন্ধও হ’ব পাৰে।

এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সাধাৰণ লক্ষণে দেখা দিলেই সাৱধান হোৱা প্ৰয়োজন। চাওঁ আহক চকুৰ এনে সমস্যা কিদৰে প্ৰতিৰোধ কৰিব পাৰি-

সময়ে সময়ে আপোনাৰ তেজৰ চেনিৰ মাত্ৰা পৰীক্ষা কৰক।

স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক, মিঠাৰ পৰিমাণ হ্ৰাস কৰক আৰু কম তেলযুক্ত খাদ্য খাওক।

দৈনিক ব্যায়াম আৰু যোগাসন কৰক।

ধূমপান আৰু মদ্যপান পৰিহাৰ কৰক।

বছৰত এবাৰ হ’লেও সম্পূৰ্ণ চকুৰ পৰীক্ষা কৰাব লাগে।

দৃষ্টিশক্তিৰ কোনো পৰিৱৰ্তন বা কোনো অস্বাভাৱিক লক্ষণ দেখা পালে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব