মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ অভ্যাস কৰক ধ্যান, জানক ইয়াৰ উপকাৰিতা কি ?

প্ৰতিদিনে ধ্যান অভ্যাস কৰিলে মানসিক শক্তি বৃদ্ধি পায় । মানসিক স্বাস্থ্য যিমানে ভাল হ'ব সিমানে আপুনি সঠিক চিন্তা-চেতনাৰ অধিকাৰী হ'ব । ধ্যান কৰিলে কি কি উপকাৰ হয় জানক...

মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ অভ্যাস কৰক ধ্যান, জানক ইয়াৰ উপকাৰিতা কি ?

ধ্যানৰ উপকাৰিতা

Published: 

21 Jan 2025 18:30 PM

সুস্থ জীৱন-যাপন কৰিবলৈ মনটোক শক্তিশালি কৰি ৰখাটো অতি প্ৰয়োজন । আমাৰ মগজুৰ ওপৰতে সামগ্ৰিক স্বাস্থ্য নিৰ্ভৰ কৰে । মানসিক স্বাস্থ্য যিমানে ভাল হ’ব সিমানে আপুনি কোনো ধৰণৰ চাপ অনুভৱ নকৰাকৈ সকলো কাম সম্পাদন কৰিব পাৰিব । মানসিক স্বাস্থ্য উন্নত কৰিবলৈ জিৰণি লোৱাটো অতি প্ৰয়োজন । ইয়াৰ সমান্তৰালভাৱে মানসিক স্বাস্থ্য উন্নত কৰি ৰাখিবলৈ প্ৰতিদিনে পুৱা ধ্যান অভ্যাস কৰিব পাৰে ।

প্ৰতিদিনে ধ্যান অভ্যাস কৰিলে মানসিক শক্তিও বৃদ্ধি পায় । মানসিক স্বাস্থ্য যিমানে ভাল হ’ব সিমানে আপুনি সঠিক চিন্তা-চেতনাৰ অধিকাৰী হ’ব । ধ্যান কৰিলে কি কি উপকাৰ হয় জানক…

  • প্ৰতিদিনে পুৱা ধ্যান কৰিলে আপুনি মানসিক চাপৰ পৰা মুক্ত হ’ব পাৰিব । ধ্যানে মানসিক চাপ হ্ৰাস কৰে ।
  • ধ্যানে স্মৃতিশক্তি অতুত ৰাখে । শিক্ষাৰ্থীসকলে স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ পুৱা ধ্যান কৰিব পাৰে । ই স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে ।
  • একেদৰে ধ্যানে মগজুৰ কাৰ্যক্ষমতা উন্নত কৰে । প্ৰতিদিনে ধ্যান অভ্যাস কৰিলে চিন্ত-চেতনা উন্নত হোৱাৰ লগতে মগজুৰ কাৰ্যক্ষমতা উন্নত হয় ।
  • টোপনিৰ সমস্যা থাকিলে আপুনি ধ্যান অভ্যাস কৰিব পাৰে । ধ্যানে টোপনি ভাল কৰাত সহায় কৰে । লগতে ই মনৰ উদ্বেগ হ্ৰাস কৰাত সহায় কৰে ।
  • ধ্যান কৰিলে আপোনাৰ মনৰ স্থিতি শক্তিশালি হয় । যিকোনো কামত আপোনাৰ মনোযোগ বৃদ্ধি পাব । কামবোৰ সহজে সম্পাদন কৰাত সফল হ’ব ।
  • ধ্যানে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে । একে সময়তে ধ্যানে আপোনাৰ মনৰ হতাশা দূৰ কৰাত সহায় কৰিব আৰু ধ্যানে আপোনাক এটা সৃষ্টিশীল মনৰ গৰাকী কৰিব ।
এনে খাদ্য গ্ৰহণৰ পূৰ্বে ভাবি লওক হাজাৰবাৰ, অতিমাত্ৰা খালে হ’ব পাৰে বৃক্কৰ ক্ষতি
ভাগ্যত নাথাকিলে বিচৰা বস্তুটো কেনেকৈ নিজৰ কৰিব?
উজ্জ্বল আৰু কোমল ছালৰ বাবে কিদৰে ব্যৱহাৰ কৰিব এলোভেৰা জেল?
টোপনিৰ এনে অভ্যাস হ’ব পাৰে আপোনাৰ জীৱনৰ বিপদ, কৰিব পাৰে হৃদযন্ত্ৰৰ ক্ষতি
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...