মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ অভ্যাস কৰক ধ্যান, জানক ইয়াৰ উপকাৰিতা কি ?

প্ৰতিদিনে ধ্যান অভ্যাস কৰিলে মানসিক শক্তি বৃদ্ধি পায় । মানসিক স্বাস্থ্য যিমানে ভাল হ'ব সিমানে আপুনি সঠিক চিন্তা-চেতনাৰ অধিকাৰী হ'ব । ধ্যান কৰিলে কি কি উপকাৰ হয় জানক...

মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ অভ্যাস কৰক ধ্যান, জানক ইয়াৰ উপকাৰিতা কি ?

ধ্যানৰ উপকাৰিতা

Published: 

21 Jan 2025 | 06:30 PM

সুস্থ জীৱন-যাপন কৰিবলৈ মনটোক শক্তিশালি কৰি ৰখাটো অতি প্ৰয়োজন । আমাৰ মগজুৰ ওপৰতে সামগ্ৰিক স্বাস্থ্য নিৰ্ভৰ কৰে । মানসিক স্বাস্থ্য যিমানে ভাল হ’ব সিমানে আপুনি কোনো ধৰণৰ চাপ অনুভৱ নকৰাকৈ সকলো কাম সম্পাদন কৰিব পাৰিব । মানসিক স্বাস্থ্য উন্নত কৰিবলৈ জিৰণি লোৱাটো অতি প্ৰয়োজন । ইয়াৰ সমান্তৰালভাৱে মানসিক স্বাস্থ্য উন্নত কৰি ৰাখিবলৈ প্ৰতিদিনে পুৱা ধ্যান অভ্যাস কৰিব পাৰে ।

প্ৰতিদিনে ধ্যান অভ্যাস কৰিলে মানসিক শক্তিও বৃদ্ধি পায় । মানসিক স্বাস্থ্য যিমানে ভাল হ’ব সিমানে আপুনি সঠিক চিন্তা-চেতনাৰ অধিকাৰী হ’ব । ধ্যান কৰিলে কি কি উপকাৰ হয় জানক…

  • প্ৰতিদিনে পুৱা ধ্যান কৰিলে আপুনি মানসিক চাপৰ পৰা মুক্ত হ’ব পাৰিব । ধ্যানে মানসিক চাপ হ্ৰাস কৰে ।
  • ধ্যানে স্মৃতিশক্তি অতুত ৰাখে । শিক্ষাৰ্থীসকলে স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ পুৱা ধ্যান কৰিব পাৰে । ই স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে ।
  • একেদৰে ধ্যানে মগজুৰ কাৰ্যক্ষমতা উন্নত কৰে । প্ৰতিদিনে ধ্যান অভ্যাস কৰিলে চিন্ত-চেতনা উন্নত হোৱাৰ লগতে মগজুৰ কাৰ্যক্ষমতা উন্নত হয় ।
  • টোপনিৰ সমস্যা থাকিলে আপুনি ধ্যান অভ্যাস কৰিব পাৰে । ধ্যানে টোপনি ভাল কৰাত সহায় কৰে । লগতে ই মনৰ উদ্বেগ হ্ৰাস কৰাত সহায় কৰে ।
  • ধ্যান কৰিলে আপোনাৰ মনৰ স্থিতি শক্তিশালি হয় । যিকোনো কামত আপোনাৰ মনোযোগ বৃদ্ধি পাব । কামবোৰ সহজে সম্পাদন কৰাত সফল হ’ব ।
  • ধ্যানে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে । একে সময়তে ধ্যানে আপোনাৰ মনৰ হতাশা দূৰ কৰাত সহায় কৰিব আৰু ধ্যানে আপোনাক এটা সৃষ্টিশীল মনৰ গৰাকী কৰিব ।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...