সোৱাদত অনুপম ধনীয়াৰ সৌন্দৰ্য চৰ্চাৰ গুণৰ কথা জানেনে? জানিলে হ’ব উপকৃত….

ধনীয়াৰ সোৱাদ আৰু সুগন্ধিৰ কথা আমি সকলোৱে জানো। কিন্তু এই ধনীয়া যে আমাৰ স্বাস্থ্য আৰু ছাল দুয়োটাৰে বাবে উপকাৰী, সেই বিষয়ে আপুনি জানেনে? ছালৰ যত্নৰ বাবে ধনীয়া বহু ধৰণে ব্যৱহাৰ কৰিব পাৰি। জানো আহক এই বিষয়ে।

সোৱাদত অনুপম ধনীয়াৰ সৌন্দৰ্য চৰ্চাৰ গুণৰ কথা জানেনে? জানিলে হ’ব উপকৃত….

সৌন্দৰ্য চৰ্চাত ধনীয়া

Published: 

23 May 2025 | 06:27 PM

খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ আমি প্ৰায়ে ধনীয়াৰ ব্যৱহাৰ কৰোঁ। ধনীয়াৰ সুগন্ধই খাদ্যৰসিকৰ মন জুৰ কৰায়। ধনীয়াৰ সোৱাদ আৰু সুগন্ধিৰ কথা আমি সকলোৱে জানো। কিন্তু এই ধনীয়া যে আমাৰ স্বাস্থ্য আৰু ছাল দুয়োটাৰে বাবে উপকাৰী, সেই বিষয়ে আপুনি জানেনে? ধনীয়াৰ ব্যৱহাৰে আপোনাৰ ছালৰ উজ্জলতা বৃদ্ধি কৰিব পাৰে। এই ধনীয়াত মেগনেছিয়াম, পটাছিয়াম, ফাইবাৰ, আইৰণ, ভিটামিন চি আৰু এ আদি পুষ্টিকৰ উপাদান পোৱা যায়। আমাৰ সুস্বাস্থ্যৰ বাবে এই পুষ্টিকৰ উপাদানসমূহৰ অত্যন্ত প্ৰয়োজন।

ধনীয়া পাতৰ শীতল প্ৰভাৱ থাকে। এনে পৰিস্থিতিত ই ছালখন ঠাণ্ডা কৰাত সহায় কৰে। সেউজীয়া ধনীয়াৰ পাত ছালৰ যত্নৰ বাবে বহু ধৰণে ব্যৱহাৰ কৰিব পাৰি। জানো আহক এই বিষয়ে-

সেউজীয়া ধনীয়া পাতে ছাল কোমল কৰাত সহায় কৰিব পাৰে। ইয়াত ভিটামিন চি পোৱা যায়। ভিটামিন চি ছালৰ দাগ কমোৱাত উপকাৰী। লগতে ইয়াত থকা এণ্টি এজিং গুণে ছালখন সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে আৰু এণ্টি বেক্টেৰিয়েল গুণে ব্ৰণ কমোৱাত সহায় কৰিব পাৰে। লগতে ছালখন হাইড্ৰেটেড হৈ থাকে।

ধনীয়াৰ টোনাৰ

ধনীয়াৰ পৰিষ্কাৰ পাতসমূহ ভালদৰে উলিয়াই পৰিষ্কাৰ পানীৰে ধুই লওক। এতিয়া কেৰাহী এখনত অলপ পানী দি ধনীয়া পাতখিনি উতলাই লওক। এই পানী টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে বা এই পানীৰে মুখখনো ধুব পাৰে।

এলোভেৰা জেল আৰু ধনীয়া পাত

ধনীয়া পাত পিহি কোমল পেষ্ট বনাওক। এতিয়া ইয়াত এলোভেৰা জেল দিব। এই পেষ্ট ১০ৰ পৰা ১৫ মিনিট মুখত ৰখাৰ পিছত মুখখন পানীৰে ধুব। এই পেষ্টে গৰমৰ দিনত ছালখন সতেজ আৰু ঠাণ্ডা অনুভৱ কৰাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ছালখন হাইড্ৰেটেড কৰি ৰখাতো সহায় কৰিব পাৰে।

ফেচ পেক

পৰিষ্কাৰ ধনীয়া পাত ভালদৰে পিহি লৈ পেষ্ট বনাই লওক। ইয়াৰ পিছত এটা পাত্ৰত পানী অলপ লৈ তাত নিম পাত দি উতলাই লওক। এতিয়া এই পানী ঠাণ্ডা হ’বলৈ দিয়ক। ঠাণ্ডা হোৱাৰ পিছত তাত ধনীয়া পাতৰ পেষ্ট মিহলি কৰি লওক। এই পেষ্ট ১৫ৰ পৰা ২০ মিনিট মুখত ৰখাৰ পিছত মুখখন পৰিষ্কাৰ পানীৰে ধুব লাগে। এই ফেচ পেকটো সপ্তাহত এবাৰ বা দুবাৰতকৈ বেছি ব্যৱহাৰ নকৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...