Holi Skincare Tips: হোলী খেলাৰ আগত ছালত তেল লগোৱাটো কিমান উপকাৰী ? ইয়াৰ সুবিধা আৰু অসুবিধা জানক…

হোলী খেলাৰ আগতে মুখ, চুলি আৰু শৰীৰত তেল লগালে কি হয় ? তাক লৈয়ো বহুতৰে মনত প্ৰশ্ন উত্থাপন হয়। আচলতে ৰঙত থকা ৰাসায়নিক পদাৰ্থই ছাল আৰু চুলিৰ ক্ষতি কৰিব পাৰে ! ৰঙৰ পৰা ৰক্ষা পাবলৈ বহুতে হোলী খেলাৰ আগতে ছালত তেল লগায় ।

Holi Skincare Tips: হোলী খেলাৰ আগত ছালত তেল লগোৱাটো কিমান উপকাৰী ? ইয়াৰ সুবিধা আৰু অসুবিধা জানক...

হোলী

Updated On: 

12 Mar 2025 | 06:12 PM

হোলীত বহুতে শৰীৰ আৰু চুলিত তেল লগাই লয় । কিন্তু ৰং লগোৱাৰ আগতে মুখ, চুলি আৰু শৰীৰত তেল লগালে কি হয় ? তাক লৈয়ো বহুতৰে মনত প্ৰশ্ন উত্থাপন হয়। আচলতে ৰঙত থকা ৰাসায়নিক পদাৰ্থই ছাল আৰু চুলিৰ ক্ষতি কৰিব পাৰে ! ৰঙৰ পৰা ৰক্ষা পাবলৈ বহুতে হোলী খেলাৰ আগতে ছালত তেল লগায় । কিন্তু মনকৰিবলগীয়া যে, সঠিক ধৰণৰ তেল প্ৰয়োগ কৰাৰ লগতে অত্যাধিক ব্যৱহাৰ নকৰিব। যদি আপোনাৰ ছালখন তেলীয়া বা কোনো বিশেষ তেলৰ প্ৰতি এলাৰ্জী হয়, তেন্তে সাৱধান হওক ।

তেল ব্যৱহাৰ কৰিলে ছালত এটা তৰপ গঠন হয়, যাৰ বাবে ৰংবোৰ পোনে পোনে ছালত শোষিত নহয় আৰু সহজে ধুব পাৰি। ৰঙত থকা ৰাসায়নিক পদাৰ্থই খজুৱতি, জ্বলা-পোৰা আৰু এলাৰ্জীৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে । কিন্তু হোলী খেলাৰ আগতে আপুনি যদি তেল ব্যৱহাৰ কৰে তেন্তে সেই বিপদ বহু পৰিমাণে কমি যায়।

ছালৰ বিশেষজ্ঞ তথা চিকিৎসা পৰামৰ্শদাতা ডাঃ ভিনাতা চেট্টীয়ে পৰামৰ্শ দিছে যে, হোলী খেলাৰ আগতে তেল লগোৱাটো ভাল, কিয়নো ই ছালত সুৰক্ষামূলক স্তৰ গঠন কৰে । যাৰ ফলত কৃত্ৰিম ৰঙত থকা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ প্ৰত্যক্ষ সংস্পৰ্শৰ পৰা ছালখনক ৰক্ষা কৰে । ইয়াৰ লগতে ৰং আঁতৰোৱাত সহজ হয়।

হোলীৰ আগত তেল লগালে বেছিভাগ মানুহৰ বাবে উপকাৰী । ছালত কমেড’জেনিক তেল পৰিহাৰ কৰি নন-কমেড’জেনিক বিকল্প বাছি ল’ব লাগে। ইয়াৰ উপৰিও তেল আৰু ছানস্ক্ৰীনৰ সৈতে ডাঠ মইশ্ব’ৰাইজাৰ প্ৰয়োগ কৰিলে সুৰক্ষা বৃদ্ধি পাব পাৰে। হোলী খেলাৰ পিছত সদায় ছালখন লাহে লাহে পৰিষ্কাৰ কৰি হাইড্ৰেটিং ৰুটিন পালন কৰি ছালৰ স্বাস্থ্য বজাই ৰাখিব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...