HIV Symptoms: HIV ৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক চিকিৎসকৰ পৰা…

HIV Symptoms: আজিৰ সময়ত বৃদ্ধি পাইছে HIV সংক্ৰমণৰ ঘটনা। বহু লোক এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। যেতিয়া এই ৰোগ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। গতিকে ইয়াক জনা দৰকাৰ।

HIV Symptoms: HIV ৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক চিকিৎসকৰ পৰা...

Hiv ৰ লক্ষণ

Published: 

01 Dec 2025 14:58 PM

বৰ্তমান সময়ত ৰাজ্যত তীব্ৰগতিত বৃদ্ধি পাইছে HIV ত আক্ৰান্ত ৰোগীৰ সংখ্যা। কম বয়সীয়া যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি বহুতো এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। HIV (Human Immunodeficiency Virus) ভাইৰাছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে। যদি সময়মতে ইয়াৰ চিকিৎসা কৰা নহয় তেন্তে ই এইডছ (Acquired Immunodeficiency Syndrome)লৈ  ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা থাকে। এনেকৈ এই ৰোগ মাৰাত্মক হৈ পৰে।

HIV সংক্ৰমণ তিনিটা পৰ্যায়ত আগবাঢ়ে। প্ৰথম পৰ্যায়ক HIV সংক্ৰমণ, য’ত ভাইৰছ দ্ৰুতগতিত শৰীৰত বিয়পি পৰে। দ্বিতীয় পৰ্যায় ক্লিনিকেল লেটেন্সি, য’ত ভাইৰাছ সক্ৰিয় হৈ থাকে যদিও লক্ষণ কম দেখা যায়। শেষৰটো পৰ্যায় হ’ল এইডছ, য’ত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে।

  • অসুৰক্ষিত যৌন সম্পৰ্ক,
  • HIV ত সংক্ৰমিত ব্যক্তিৰ তেজ বা বেজীৰ সংস্পৰ্শলৈ অহা,
  •  গৰ্ভাৱস্থা বা স্তনপানৰ সময়ত মাতৃৰ পৰা শিশুলৈ আহিব পাৰে,
  •  STI ৰ ফলত,
  • নিষিদ্ধ দ্ৰব্যৰ ব্যৱহাৰ আদি।

লক্ষণ

এই ৰোগৰ লক্ষণ সন্দৰ্ভত জনাইছে লেডী হাৰ্ডিং হাস্পতালৰ ডাঃ এল এইচ ঘোটকাৰে। তেওঁ কয় যে, প্ৰাৰম্ভিক লক্ষণবোৰ বহুতে আওকাণ কৰে। কিন্তু ইয়াক আওকাণ কৰা ঠিক নহয়। সংক্ৰমণৰ ২-৪ সপ্তাহৰ ভিতৰত ৰোগীয়ে জ্বৰ, ডিঙিৰ বিষ, মূৰৰ বিষ, পেশীৰ বিষ, ভাগৰ, দুৰ্বলতা আদি অনুভৱ কৰিব পাৰে। কিছুমান ৰোগীৰ ফোহা,লিম্ফ ন’ড ফুলা, ৰাতি ঘাম ওলোৱা আদি হয়। ইয়াৰোপৰি ওজন দ্ৰুতগতিত কম হোৱা, বাৰে বাৰে ডায়েৰিয়া আদিও এই ৰোগৰ লক্ষণ হ’ব পাৰে।

মহিলাৰ ক্ষেত্ৰত লক্ষণ

  • অনিয়মিত মাহেকীয়া,
  • সঘনাই সংক্ৰমণ
  • জ্বৰ,
  • ভাগৰ,
  • ডিঙিত চৰচৰণি,
  • ফুলা আদি
  • বাৰে বাৰে যোনিৰ সংক্ৰমণ,
  • পেলভিক ইনফ্লেমেটৰী ডিজিজ (PID),
  • শৰীৰত অনবৰত বিষ হোৱা,
  • সন্তান নোহোৱা আদি।

পৰিত্ৰাণৰ উপায়

  • অসুৰক্ষিত যৌন সম্পৰ্ক এৰাই চলক।
  • আনে ব্যৱহাৰ কৰা ব্লেড বা বেজী ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।
  • গৰ্ভাৱস্থাত  HIV পৰীক্ষা কৰক।
  • লক্ষণবোৰ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

 

অন্য খবৰ পঢ়কঃ হ’ব বিপদ! ভুলতো ষ্টীলৰ পাত্ৰত নাৰাখিব এইসমূহ খাদ্য, জানক সকলো…

মহিলাৰ দেহত কৰ্কট ৰোগৰ ৫ টা লক্ষণ কি? জানক...
হাৰ্ট এটেক অহাৰ ১ মাহ পূৰ্বে দেখা দিয়ে এনে লক্ষণ! জানক...
শোৱা গাৰুৰ তলত এটা জালুক ৰাখিলে কি হ’ব? জানক...
লিভাৰৰ প্ৰধান শত্ৰু এই ৫ বিধ খাদ্য, খোৱাৰ পূৰ্বে ভাবক...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী