Uric Acid: ইউৰিক এচিড বৃদ্ধি হ’লে দেখা দিয়ে এইসমূহ সাধাৰণ লক্ষণ, কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

ইউৰিক এচিডৰ মাত্ৰা অধিক হোৱাৰ সমস্যা আজিকালি সাধাৰণ হৈ পৰিছে। প্ৰাৰম্ভিক লক্ষণবোৰ প্ৰায়ে মৃদু হয়, প্ৰায়ে সৰু বুলি উপেক্ষা কৰা হয়। তৎকালীনভাৱে সমাধান নকৰিলে স্বাস্থ্যজনিত গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই বিষয়ে ডাঃ সুভাষ গিৰিৰ পৰা অধিক জানো আহক ।

Uric Acid: ইউৰিক এচিড বৃদ্ধি হলে দেখা দিয়ে এইসমূহ সাধাৰণ লক্ষণ, কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

ইউৰিক এচিড

Updated On: 

11 Oct 2025 22:45 PM

খাদ্য আৰু কোষৰ বিভাজনৰ ফলত শৰীৰত উৎপন্ন হোৱা এক ৰাসায়নিক পদাৰ্থ ইউৰিক এচিড। ই তেজত দ্ৰৱীভূত হৈ বৃক্কৰ জৰিয়তে প্ৰস্ৰাৱত নিৰ্গত হয়। যদি শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি যায় বা বৃক্কে ইয়াক সঠিকভাৱে বাহিৰ কৰিব নোৱাৰে তেন্তে ইয়াৰ মাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পায়। উচ্চ প্ৰটিনযুক্ত খাদ্য, মদ্যপান, মেদবহুলতা, জীৱনশৈলীৰ দুৰ্বল অভ্যাস, পানীৰ অপৰ্যাপ্ত পৰিমাণে ইউৰিক এচিডৰ মাত্ৰা অধিক হোৱাৰ মূল কাৰণ। তদুপৰি কিছুমান বিশেষ ৰোগ আৰু ঔষধে ইউৰিক এচিডৰ মাত্ৰাতো প্ৰভাৱ পেলাব পাৰে। ইউৰিক এচিডৰ মাত্ৰা অধিক হ’লে শৰীৰত ফুলা আৰু বিষ হ’ব পাৰে।

উচ্চ ইউৰিক এচিডৰ ফলত হোৱা আটাইতকৈ সাধাৰণ সমস্যা হ’ল গাউট, যাৰ ফলত গাঁঠিৰ তীব্ৰ বিষ আৰু ফুলি উঠে। ইউৰিক এচিডৰ ফলত বৃক্কত পাথৰো হ’ব পাৰে, যাৰ ফলত প্ৰস্ৰাৱ কৰাত অসুবিধা, বিষ, সংক্ৰমণ আদি হ’ব পাৰে। দীৰ্ঘদিন ধৰি ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ’লে হাৰ্ট এটেক, উচ্চ ৰক্তচাপ, বৃক্কৰ গুৰুতৰ সমস্যা হ’ব পাৰে। ই শৰীৰত প্ৰদাহ আৰু অক্সিডেটিভ ষ্ট্ৰেছ বৃদ্ধি কৰি হাড় আৰু পেশীত প্ৰভাৱ পেলায়। ফলস্বৰূপে মানুহে প্ৰায়ে প্ৰথম অৱস্থাত মৃদু লক্ষণসমূহক আওকাণ কৰে, যাৰ ফলত ৰোগটো ক্ৰমান্বয়ে অধিক ভয়াৱহ হৈ পৰে।

উচ্চ ইউৰিক এচিডৰ লক্ষণসমূহ কি কি?

আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ ডাঃ সুভাষ গিৰিয়ে কৈছে যে উচ্চ ইউৰিক এচিডৰ প্ৰাৰম্ভিক লক্ষণবোৰ প্ৰায়ে মৃদু আৰু সাধাৰণ ক্লান্তি বা গাঁঠিৰ বিষ বুলি ভুল কৰা হয়। সাধাৰণ লক্ষণসমূহ হ’ল গাঁঠিবোৰ বিশেষকৈ বুঢ়া আঙুলি, আঁঠু আৰু ভৰিৰ গোৰোহাত হঠাতে বিষ আৰু ফুলা, ৰঙা পৰা, উষ্ণতা, জঠৰতাও হ’ব পাৰে।

গুৰুতৰ ক্ষেত্ৰত গাউটৰ আক্ৰমণৰ লগে লগে হঠাৎ তীব্ৰ বিষ হয়, যিটো নিশা বেছি হ’ব পাৰে। কিছুমান লোকৰ বৃক্কত পাথৰ হোৱা, প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা হোৱা, বা সঘনাই প্ৰস্ৰাৱ কৰা আদিও অনুভৱ কৰে। তদুপৰি ভাগৰুৱা, পেশীৰ দুৰ্বলতা, কেতিয়াবা জ্বৰ আদিও হ’ব পাৰে। যদি এই লক্ষণসমূহ স্থায়ী হৈ থাকে তেন্তে তৎকালীন চিকিৎসা পৰীক্ষা আৰু চিকিৎসা কৰাটো অতি প্ৰয়োজনীয়, কিয়নো ইয়াক আওকাণ কৰিলে দীৰ্ঘম্যাদীভাৱে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ইউৰিক এচিড কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি

  • প্ৰটিন আৰু উচ্চ পিউৰিনযুক্ত খাদ্য হ্ৰাস কৰক।
  • দৈনিক কমেও ৭ৰ পৰা ৮ গিলাচ পানী খাব লাগে।
  • চেনিযুক্ত পানীয় আৰু মদ পৰিহাৰ কৰক।
  • লঘু ব্যায়াম কৰক বা নিয়মিতভাৱে খোজ কাঢ়িব।
  • মেদবহুলতা হ্ৰাস কৰিবলৈ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক।
  • চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ আৰু পৰিপূৰক গ্ৰহণ কৰক।
  • মানসিক চাপ কম কৰিবলৈ যোগাসন আৰু ধ্যান অভ্যাস কৰক।

লগতে পঢ়ক: ডিঙিৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত দেখা দিয়ে এইসমূহ লক্ষণ, চিকিৎসকৰ পৰা জানক…

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...