High BP In Winter: পুৱা শুই উঠাৰ পাছত কিয় বৃদ্ধি পাই ৰক্তচাপ? ইয়াৰ লক্ষণ কি, জানক চিকিৎসকৰ পৰা…

High BP Symptoms: শীতকালত বৃদ্ধি পাই উচ্চ ৰক্তচাপৰ সমস্যা। বিশেষকৈ পুৱাৰ ভাগত এই সমস্যা বেছি হ;ব পাৰে। এই অৱস্থাটোক মৰ্নিং হাইপাৰটেনচন বোলা হয়। যেতিয়া এই সমস্যা হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে।

High BP In Winter: পুৱা শুই উঠাৰ পাছত কিয় বৃদ্ধি পাই ৰক্তচাপ? ইয়াৰ লক্ষণ কি, জানক চিকিৎসকৰ পৰা...

উচ্চ ৰক্তচাপ

Published: 

28 Nov 2025 | 07:48 AM

শীতকালত বহু লোকৰে পুৱা শুই উঠাৰ পাছত ৰক্তচাপ বৃদ্ধি (High BP) হোৱা দেখা যায়। যিসকলৰ উচ্চ ৰক্তচাপ, হৃদৰোগ, থাইৰয়ড বা ডায়েবেটিছৰ সমস্যা আছে সেইসকলৰ এনে বেছি হয়। ইয়াৰোপৰি বৃদ্ধ আৰু যাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তাৰো এই সমস্যা হয়। গৰমে ৰক্তবাহী নলী প্ৰসাৰিত কৰি স্বাভাৱিক ৰক্তচাপ বজাই ৰাখে, আনহাতে ঠাণ্ডাত ৰক্তবাহী নলী সংকুচিত কৰি দ্ৰুতগতিত বৃদ্ধি কৰে।

কিয় বৃদ্ধি পায়

ঠাণ্ডা বতৰত শৰীৰক গৰম কৰি ৰখাৰ বাবে ৰক্তবাহী নলীবোৰ সংকুচিত হৈ পৰে। এনে অৱস্থাত হৃদযন্ত্ৰই তেজ পাম্প কৰিবলৈ অধিক কষ্ট কৰিব লাগে। যাৰ বাবে ৰক্তচাপ বৃদ্ধি পায়। ইয়াৰোপৰি শাৰীৰিক কাৰ্যকলাপ কম হৈ পৰে, মানুহে বেছি খাদ্য খাই যাৰ বাবে বৃদ্ধি পায়। ইয়াৰোপৰি নিমখৰ বেছি সেৱন, পানী কম খোৱা, মানসিক চাপ, টোপনিৰ অভাৱ, হঠাতে পুৱা সাৰ পোৱা, টোপনিৰ সমস্যা, শ্বাস-প্ৰশ্বাসজনিত সমস্যা, হৰম’নৰ পৰিৱৰ্তন আদিয়ে ৰক্তচাপ বৃদ্ধি কৰে। শীতকালত পুৱাৰ সময়খিনি সংবেদনশীল, যাৰ বাবে ইয়াৰ সম্ভাৱনা অধিক হয়।

লক্ষণ

শীতকালত পুৱা ৰক্তচাপ বৃদ্ধি পালে কিছুমান লক্ষণে দেখা দিয়ে। এই সন্দৰ্ভত সবিশেষ জনাইছে ৰাজীৱ গান্ধী চিকিৎসালয়ৰ হৃদৰোগ বিভাগৰ ডাঃ অজিত জৈনে। তেওঁ কয় যে পুৱা সাৰ পোৱাৰ সময়ত বা কেইটামান ঘন্টাৰ পাছত অস্বাভাৱিকভাৱে উচ্চ ৰক্তচাপক মৰ্নিং হাইপাৰটেনচন বোলা হয়। যিসকলৰ পূৰ্বৰে পৰা ৰক্তচাপ, মানসিক চাপ, টোপনিৰ অভাৱ আদিৰ সমস্যা আছে সেইসকলৰ এনে বেছি হয়। ইয়াৰ কিছুমান লক্ষণ হ’ল-

  • পুৱা তীব্ৰ মূৰৰ বিষ
  • মূৰ ঘূৰোৱা
  • বুকুৰ ধপধপনি
  • অস্থিৰতা
  • ভাগৰ
  • চকুত চাপ অনুভৱ আদি।

এনে অৱস্থাক আওকাণ কৰিলে ষ্ট্ৰোক, হাৰ্ট এটেক, হৃদৰোগ আদি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে শীতকালত ৰক্তচাপ নিয়ন্ত্ৰণ কৰা অতি আৱশ্যক।

পৰিত্ৰাণৰ উপায়

  • সাৰ পোৱাৰ লগে লগে থিয় নিদিব, লাহে লাহে উঠিব।
  • গৰম কাপোৰ পৰিধান কৰি বাহিৰত ওলাব।
  • ব্যায়াম কৰক।
  • পানী খাই থাকিব।
  • পৰ্যাপ্ত টোপনি লওক।
  • সুষম খাদ্য খাওক।
  • মানসিক চাপ কম কৰক।
  • অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ ব্লাড চুগাৰ বৃদ্ধি পালে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...