High BP: শীতকালত বৃদ্ধি পাই উচ্চ ৰক্তচাপৰ সমস্যা! ৰোগীসকলে কি কি দিশৰ ওপৰত গুৰুত্ব দিব লাগে, জানক চিকিৎসকৰ পৰা…

High BP In Winter: উচ্চ ৰক্তচাপ আজিৰ দিনত এক ডাঙৰ সমস্যা। শীতকালত এই সমস্যা বেছিকৈ হোৱা দেখা যায়। এনে ক্ষেত্ৰত উচ্চ ৰক্তচাপ ৰোগীসকলে শীতকালত কিছুমান দিশৰ ওপৰত গুৰুত্ব দিয়া ভাল।

High BP: শীতকালত বৃদ্ধি পাই উচ্চ ৰক্তচাপৰ সমস্যা! ৰোগীসকলে কি কি দিশৰ ওপৰত গুৰুত্ব দিব লাগে, জানক চিকিৎসকৰ পৰা...

উচ্চ ৰক্তচাপ

Updated On: 

19 Nov 2025 | 09:17 PM

আজিকালি প্ৰায়ভাগ মানুহে উচ্চ ৰক্তচাপৰ সমস্যাত ভোগা দেখা যায়। শীতকালত এই ৰোগ আৰু অধিক ভয়াবহ হৈ পৰে। শীতকালত উষ্ণতা কম হোৱাৰ ফলত শৰীৰৰ সিৰা সংকুচিত হৈ পৰে, যাৰ ফলত ৰক্তচাপ স্বাভাৱিকভাৱে বৃদ্ধি পোৱা দেখা যায়। ঠাণ্ডা বতাহে শৰীৰক চাপ দিয়ে যাৰ ফলত তেজৰ সোঁত বজাই ৰাখিবলৈ হৃদযন্ত্ৰই বেছিকৈ কাম কৰিব লাগে। ইয়াৰোপৰি ঠাণ্ডাত মানুহে শাৰীৰিক কাৰ্যকলাপ কম কৰে যাৰ ফলত ওজন বৃদ্ধি পাই আৰু ৰক্তচাপ অনিয়ন্ত্ৰিত হয়। যাৰ বাবে শীতকালত উচ্চ ৰক্তচাপ অধিক বিপদজনক হৈ পৰে।

শীতকালত ৰক্তচাপ বৃদ্ধি

শীতকালত ৰক্তচাপ বৃদ্ধি হলে হৃদযন্ত্ৰৰ লগত জড়িত বিভিন্ন সমস্যা হ’ব পাৰে। উচ্চ ৰক্তচাপৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰোক, হাৰ্ট ফেইল, বৃক্কৰ সমস্যা আদি হোৱাৰ আশংকা বাঢ়ে। শীতকালত তেজৰ সঞ্চালন লেহেমীয়া হোৱাৰ ফলত বুকুৰ বিষ, মূৰ ঘূৰোৱা, মূৰ গধুৰ, উশাহ লোৱাত কষ্ট, ভাগৰ, ভৰি ফুলা আদি হ’ব পাৰে। কিছুমান মানুহৰ হঠাতে ৰক্তচাপ বৃদ্ধি পাব পাৰে, যাৰ ফলত দৃষ্টিশক্তি ম্লান হোৱা, নাকৰ পৰা তেজ ওলোৱা, বহুত মূৰৰ বিষ আদি হ’ব পাৰে। এই লক্ষণবোৰ দেখা দিলে আওকাণ কৰিব নালাগে।

কি কৰিব

এই সন্দৰ্ভত সবিশেষ জনাইছে লেডী হাৰ্ডিং হাস্পতালৰ ডাঃ এল এইচ ঘোটেকাৰে। তেওঁ কয় যে. শীতকালত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে কিছুমান সাৱধানতা অৱলম্বন কৰা অতি প্ৰয়োজন।

  • শৰীৰ গৰম কৰি ৰাখক।
  • গৰম কাপোৰ পৰিধান নকৰাকৈ বাহিৰত নোলাব।
  • তেজৰ সঞ্চালন ভালে ৰাখিবলৈ প্ৰতিদিনে শাৰীৰিক কাৰ্যকলাপ কৰক।
  • খোজ কাঢ়িব পাৰে, যোগাসন কৰিব পাৰে।
  • নিখম কমকৈ খাব।
  • ভজা-পোৰা বস্তু খোৱা পৰিহাৰ কৰিব।
  • পৰ্যাপ্ত পৰিমাণৰ পানী খাব।
  • মদ্যপান আৰু ধূমপানে ৰক্তচাপ বৃদ্ধি কৰে, গতিকে এইবোৰ পৰিহাৰ কৰক।
  • সময়মতে ঔষধ খাওক আৰু নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰক।
  • মানসিক চাপ কম কৰক।

পৰিত্ৰাণৰ উপায়

  • পুৱা ঠাণ্ডা বতাহত বাহিৰলৈ নাযাব।
  • গৰম পানীৰে গা ধুব।
  • BP পৰীক্ষা কৰক।
  • সূৰ্যৰ পোহৰত অলপ বহিব।
  • পৰ্যাপ্ত টোপনি যাওক।
  • অধিক তথ্যৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লওক।

 

অন্য খবৰ পঢ়কঃ হ’ব সৰ্বনাশ! এইসকল লোকে ভুলতো নাখাব অমিতা, জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...