শীতকালত উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে ঠাণ্ডা পানীৰে গা ধুব লাগেনে নালাগে?

আজিকালি বিভিন্ন মানুহে উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ সমস্যাত ভোগে। শীতকালত এই সমস্যা বৃদ্ধি হয়। গতিকে এই সময়চোৱাত বেছিকৈ যত্ন লোৱা দৰকাৰ। গতিকে প্ৰশ্ন হয়, এনে ৰোগীয়ে ঠাণ্ডা পানীৰে গা ধুব পাৰেনে?

শীতকালত উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে ঠাণ্ডা পানীৰে গা ধুব লাগেনে নালাগে?

ঠাণ্ডা পানী

Published: 

26 Dec 2025 | 01:28 PM

শীতকালত বহু মানুহে গৰম পানীৰে গা ধোৱা দেখা যায়। কিন্তু অভ্যাসৰ বাবে কিছুমান ঠাণ্ডা পানীৰে গা ধুয়ে। পিছে সকলোৰে শৰীৰ একে নহয়। কিছুমান অভ্যাসে আপোনাৰ শৰীৰত বেয়া প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ আপুনি যদি উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ সমস্যাত ভুগি আছে তেন্তে গা ধোৱাৰ অভ্যাসৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া প্ৰয়োজন।

উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে ঠাণ্ডা পানীত গা ধুব লাগেনে?

এই সন্দৰ্ভত সবিশেষ জনাইছে লেডী হাৰ্ডিং হাস্পতালৰ ডাঃ এল এইচ ঘোটেকাৰে। তেওঁ কয় যে, শীতকালত উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীৰ বাবে ঠাণ্ডা পানীৰে গা ধোৱাটো সাধাৰণতে অসুৰক্ষিত। ঠাণ্ডা পানীৰ সংস্পৰ্শত আহিলে ৰক্ত সঞ্চালনত হঠাৎ পৰিৱৰ্তন হ’ব পাৰে। ইয়াৰ ফলত অস্বস্তি, উদ্বেগ, মূৰ ঘূৰোৱা আদি সমস্যা হ’ব পাৰে। হঠাতে ঠাণ্ডা পানীৰ সংস্পৰ্শলৈ আহিলে কেতিয়াবা শৰীৰত অধিক টান পৰিব পাৰে, যাৰ ফলত উচ্চ ৰক্তচাপ, ডায়েবেটিছৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

যিসকল লোকৰ ৰক্তচাপ বা ব্লাড চুগাৰ বৃদ্ধিৰ সমস্যা থাকে তেনে লোকে ঠাণ্ডা পানীৰে গা ধুলে সমস্যাত পৰিব পাৰে। গতিকে শীতকালত এনে ৰোগীয়ে ঠাণ্ডা পানীৰে গা ধোৱাৰ পৰা বিৰত থাকিব লাগে। কুহুমীয়া পানীৰে গা ধোৱা শৰীৰৰ বাবে ভাল।

সাৱধানাত

উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে শীতকালত গা ধোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব লাগে। গা ধোৱাৰ আগতে শৰীৰক ঠাণ্ডা পৰিৱেশৰ সংস্পৰ্শলৈ অনাৰ পৰা বিৰত থাকক। বাথৰুমৰ উষ্ণতা বেছি কম হ’লে, তেন্তে শৰীৰত সেই উষ্ণতাৰ সৈতে খাপ খাবলৈ অলপ সময় দিয়ক। বেছি ঠাণ্ডা হ’লে গা ধুব নালাগে।

গা ধোৱাৰ সময়ত যাতে ভাগৰ নালাগে।  গা ধোৱাৰ সময়ত মূৰ ঘূৰোৱা, অস্থিৰতা, উশাহত কষ্ট পালে গা ধোৱা বন্ধ কৰক। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰা অধিক পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

গুৰুত্বপূৰ্ণ

  • দৈনিক ৰক্তচাপ আৰু চুগাৰ পৰীক্ষা কৰক।
  • খালী পেট বা দুৰ্বল হৈ থাকিলে গা নুধুব।
  • সুষম আহাৰ গ্ৰহণ কৰক।
  • অধিক জানিবলৈ চিকিৎসকৰ সৈতে যোগাযোগ কৰক।

 

অন্য খবৰ পঢ়কঃ প্ৰস্ৰাৱত দেখা দিয়ে নেকি ডায়েবেটিছৰ লক্ষণ? জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...