ডিঙি, কঁকালত ক’লা দাগ পৰিছে নেকি? হ’ব পাৰে এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

High Blood sugar symptoms: আজিকালি প্ৰায়ভাগ মানুহৰে ব্লাড চুগাৰৰ সমস্যা থাকে। যেতিয়া এই সমস্যা হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। এই লক্ষণসমূহৰ বিষয়ে জানি সময়মতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ডিঙি, কঁকালত কলা দাগ পৰিছে নেকি? হব পাৰে এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ, জানক বিশেষজ্ঞৰ পৰা...

ডিঙি ক'লা পৰা

Published: 

25 Sep 2025 16:45 PM

আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। খাদ্য, জীৱনশৈলী আদিৰ বাবে মানুহে বিভিন্ন সমস্যাত ভুগিব লাগে। এইবোৰৰ বাবে মানুহৰ ব্লাড চুগাৰ পৰ্যন্ত বৃদ্ধি হোৱা দেখা যায়। যদি ইয়াক সময়মতে নিয়ন্ত্ৰণ কৰিব পৰা নাযায় তেন্তে পাছলৈ টাইপ-২ ডায়েবেটিছ হ’ব পাৰে। ইমানেই নহয়, ই মেদবহুলতা, হৃদৰোগ, উচ্চ ৰক্তচাপ, ফেটি লিভাৰ আদিৰ সম্ভাৱনা বৃদ্ধি কৰে।

যেতিয়া শৰীৰত ব্লাড চুগাৰ বৃদ্ধি হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। এনে কেইটামান লক্ষণ তলত উল্লেখ কৰা হ’ল-

পেটৰ চৰ্বিঃ যদি আপোনাৰ পেটৰ চৰ্বি অত্যধিক বৃদ্ধি পাই তেন্তে সাৱধান হোৱা ভাল। কঁকালৰ চাৰিওফালে থকা চৰ্বিৰ সৈতে ইনচুলিন প্ৰতিৰোধ ক্ষমতাৰ সম্পৰ্ক আছে। ভাৰতীয়পুৰুষৰ ক্ষেত্ৰত কঁকাল ৯০ চে.মি. (৩৫ ইঞ্চি)তকৈ অধিক হলে বিপদজনক। আনহাতে ভাৰতীয় মহিলাৰ ক্ষেত্ৰত ৮০ চে.মি. (৩১.৫ ইঞ্চি)তকৈ অধিক হ’লে বেয়া। অত্যধিক চৰ্বি ব্লাড চুগাৰ বৃদ্ধিৰ লক্ষণ হ’ব পাৰে।

ছালত গোটঃ ছালত সৰু সৰু গোট গঠন হোৱাও ব্লাড চুগাৰ বৃদ্ধি হোৱাৰ লক্ষণ হ’ব পাৰে। এনে অৱস্থাত ডিঙি বা কাষৰ ঠাইত সৰু সৰু, কোমল গোটা বস্তু বাঢ়ি যাব পাৰে।

একান্থোছিছ নিগ্ৰিকেন্সঃ এই অৱস্থা ইনচুলিন প্ৰতিৰোধ ক্ষমতাৰ সৈতে জড়িত। ই ডায়েবেটিছ সৃষ্টি কৰিব পাৰে। এই অৱস্থাত শৰীৰৰ ছালৰ ভাঁজসমূহ যেনে ডিঙি, কঁকাল আদিত সামান্য ক’লা ৰঙৰ দাগ হ’ব পাৰে। যদি ডিঙি, কঁকাল আদিৰ ছাল হঠাতে ক’লা হৈ পৰে তেন্তে ইনচুলিন পৰীক্ষা কৰা উচিত।

বিভ্ৰান্তিঃ কোষে গ্লুক’জক ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া মগজুৱে অসুবিধা পায়। ইয়াৰ ফলত মনোযোগত অসুবিধা, কথা পাহৰি যোৱা, বিভ্ৰান্তি, দৃষ্টিশক্তি ম্লান হোৱা আদিৰ সমস্যাই দেখা দিয়ে। এই লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

চেনি খোৱাৰ ইচ্ছাঃ অনবৰতে যদি আপোনাৰ চেনি খাবলৈ মন যায় থাকে তেন্তে ই ইনচুলিন ক্ষমতা প্ৰতিৰোধৰ সমস্যাৰ বাবে হ’ব পাৰে। যেতিয়া কোষে ইনচুলিনৰ প্ৰতি ভাল প্ৰতিক্ৰিয়া নিদিলে তেতিয়া এনে হয়।

যদি এই লক্ষণসমূহ দীৰ্ঘদিন ধৰি হৈ থাকে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল। ইয়াৰোপৰি এই লেখাটোত কিছুমান সাধাৰণ দিশ উল্লেখ কৰা হৈছে। অধিক জানিবলৈ আপুনি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

 

 

অন্য খবৰ পঢ়ক- কান্ধৰ সোঁফালে বিষ হৈ থাকে নেকি? সহজভাৱে নল’ব, হ’ব পাৰে এই ৰোগৰ লক্ষণ, জানক…

প্ৰেমৰ উষ্ণতাৰ ‘লাভ বাইট’ প্ৰেয়সীৰ বাবে হ’ব পাৰে বিপদ! জানেনে কি ঘটিব পাৰে দেহত?
ছালখন কেনেকৈ ডিটক্স কৰিব জানেনে? জানক সহজ উপায়
অনলাইন বজাৰ কৰাৰ সময়ত মনত ৰাখিব এনে কথা, অন্যথা হ’ব পাৰে প্ৰৱঞ্চনাৰ চিকাৰ
আপুনিও খায় নেকি চেনিযুক্ত দৈ? কি হয় জানক...