দুৰ্বলতা, পেটৰ বিষ…হ’ব পাৰে যকৃতৰ এই ডাঙৰ সমস্যাৰ লক্ষণ, জনালে চিকিৎসকে…

Hepatitis B Symptoms: যকৃতৰ লগত জড়িত এটা ৰোগ হ'ল হেপাটাইটিছ বি। যেতিয়া এই ৰোগ হয় বিশেষ কোনো লক্ষণে দেখা নিদিয়ে। কিন্তু ইয়াৰ সময়মতে চিকিৎসা নকৰিলে ই মাৰাত্মক হ'ব পাৰে। গতিকে কিছুমান দিশৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন।

দুৰ্বলতা, পেটৰ বিষ...হব পাৰে যকৃতৰ এই ডাঙৰ সমস্যাৰ লক্ষণ, জনালে চিকিৎসকে...

হেপাটাইটিছ বিৰ লক্ষণ

Published: 

03 Dec 2025 | 06:50 PM

আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। কিন্তু কিছুমান লক্ষণ মানুহে সাধাৰণ বুলি আওকাণ কৰি চলে। যদি আপোনাৰ প্ৰায়ে ভাগৰুৱা, দুৰ্বল, পেটৰ বিষ, ছালৰ খজুৱতি হৈ থাকে তেন্তে সহজভাৱে লোৱা ঠিক নহয়। কিয়নো ই যকৃতৰ ৰোগ হেপাটাইটিছ বি (Hepatitis B)ৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। হেপাটাইটিছ এনে এক ৰোগ যাক নিয়ন্ত্ৰণত নাৰাখিলে ই যকৃতৰ সম্পূৰ্ণ ক্ষতি কৰিব পাৰে। মদ্যপান, ড্ৰাগছ সেৱন কৰাসকলৰ হেপাটাইটিছ হোৱাৰ সম্ভাৱনা বেছি থাকে। এই ৰোগ কেইবাবিধ হ’ল-হেপাটাইটিছ এ, হেপাটাইটিছ বি, হেপাটাইটিছ চি, কিন্তু হেপাটাইটিছ বিক আটাইতকৈ বিপজ্জনক বুলি গণ্য কৰা হয়।

হেপাটাইটিছ বি

এই ৰোগৰ সময়মতে চিকিৎসা নকৰিলে ই যকৃতৰ ক্ষতি কৰিব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে ছাৰ গংগা ৰাম চিকিৎসালয়ৰ ইনষ্টিটিউট অৱ গেষ্ট্ৰ’এণ্টেৰ’লজি, লিভাৰ এণ্ড পেনক্ৰিয়াটিক বিলিয়াৰী ছায়েন্সৰ অধ্যক্ষ ডাঃ অনিল অৰোৰাই। তেওঁৰ মতে, যোৱা কেইটামান বছৰৰ পৰা এই ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

লক্ষণ অবিহনে

হেপাটাইটিছ বি কোনো লক্ষণ নোহোৱাকৈ শৰীৰত বিয়পে। ই সংক্ৰমিত তেজ আৰু শৰীৰৰ তৰল পদাৰ্থৰ জৰিয়তে বিয়পে। উদাহৰণস্বৰূপে, হেপাটাইটিছ বি ৰোগী এজনক যদি ট্ৰান্সফিউজ কৰা হয় তেন্তে অসুৰক্ষিত যৌন সম্পৰ্কৰ জৰিয়তে আৰু আক্ৰান্ত মাতৃৰ পৰা সন্তানলৈ ই বিয়পিব পাৰে।

চিন্তাৰ কথা এয়াই যে, এই ৰোগৰ লক্ষণ কেতিয়াবা দেখা নিদিয়ে। প্ৰাৰম্ভিক অৱস্থাত ৫০ ৰ পৰা ৬০ শতাংশ ৰোগীৰ ক্ষেত্ৰত কোনো লক্ষণ দেখা নায়ায। ৰোগীয়ে ভাগৰ, বিভ্ৰান্তি, জণ্ডিছ, পেটৰ বিষ আদি অনুভৱ কৰাৰ সময়লৈকে এই ভাইৰাছে ইতিমধ্যে ক্ষতি কৰে যকৃতৰ। এনে অৱস্থাত ই মাৰাত্মক হ’ব পাৰে।

লক্ষণ

ডাঃ আৰোৰাই কয় যে, যদি কোনো লোকে ভাগৰ , দুৰ্বলতা, পেটৰ বিষ আদি আওকাণ কৰে তেন্তে বেয়া। এই লক্ষণসমূহ ৩-৪ দিনতকৈ অধিক দিন থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। চিকিৎসা পলম হলে ই যকৃতৰ ক্ষতি কৰিব পাৰে।

প্ৰতিৰোধৰ উপায়

  • হেপাটাইটিছ বি ভেকচিন লওক
  • অসুৰক্ষিত যৌন সম্পৰ্ক পৰিহাৰ কৰক
  • লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ লওক।

 

 

অন্য খবৰ পঢ়কঃ Cucumber: হ’ব ডাঙৰ সমস্যা! এইসকল লোকে ভুলতো খাব নালাগে তিয়ঁহ, জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...