হেপাটাইটিছ A আৰু E ত আক্ৰান্ত হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক…

আজিকালি মানুহে বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভোগে। বাৰিষাকালত বিশেষকৈ হেপাটাইটিছ এ আৰু হেপাটাইটিছ ই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পায়।

হেপাটাইটিছ A আৰু E ত আক্ৰান্ত হলে কি কি লক্ষণে দেখা দিয়ে? জানক...

হেপাটাইটিছ

Published: 

29 Jul 2025 | 03:44 PM

বাৰিষাৰ সময়ত হেপাটাইটিছ এ (Hepatitis A) আৰু ই (Hepatitis E) ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে, শিশু, গৰ্ভৱতী মহিলা আৰু যকৃতৰ সমস্যাত আক্ৰান্ত লোকৰ বাবে ই বিপদজনক হ’ব পাৰে। হেপাটাইটিছ এ আৰু ই দুয়োটা ভাইৰাছজনিত ৰোগ, যিয়ে দূষিত পানী আৰু খাদ্যৰ জৰিয়তে বিয়পে। বাৰিষা কালত লেতেৰা পানী, পানী জমা হোৱা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ বাবে এই সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰে।

নতুন দিল্লীৰ বি এল কে-মেক্স হাস্পতালৰ লিভাৰ ট্ৰান্সপ্লাণ্টেচন বিভাগৰ মুৰব্বী ডাঃ অভিদীপ চৌধাৰীয়ে কয় যে দিল্লীত বৃদ্ধি পাইছে এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। যোৱা তিনি সপ্তাহত চিকিৎসালয়ত ভাইৰেল হেপাটাইটিছ ৰোগীৰ সংখ্যা ৪০% বৃদ্ধি পাইছে। তেওঁ কয় যে বহু ৰোগীয়ে অজ্ঞাত আছিল যে হেপাটাইটিছ এ আৰু ই প্ৰতিৰোধৰ বাবেও ভেকচিন উপলব্ধ।

কাৰণ

চৌধাৰীয়ে ইয়াৰ বিশেষ কাৰণৰ বিষয়ে কয়। তেওঁ কয় যে, লেতেৰা পানী খালে এনে ৰোগ হ’ব পাৰে। ইয়াৰোপৰি ই গৰ্ভৱতী মহিলাৰ বাবে বিপদজনক হ’ব পাৰে। ইয়াৰোপৰি যকৃতৰ সমস্যা থকা লোকসকলৰ বাবেও ই মাৰাত্মক হ’ব পাৰে। আনকি ইয়াৰ ফলত যকৃত বিকল হৈ পৰিব পাৰে। বাৰিষা এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পায়।

প্ৰতি বছৰে ২ কোটি লোক আক্ৰান্ত হয়

WHO (World Health Organization)ৰ তথ্য অনুসৰি, বিশ্বজুৰি প্ৰতি বছৰে ২ কোটি লোক হেপাটাইটিছ ই আক্ৰান্ত হয়। বেছি সংখ্যকলোক আক্ৰান্ত হয় ভাৰতত।

লক্ষণ

  • ভাগৰুৱা,
  • বমি,
  • পেটৰ বিষ
  • চৰ্দি
  • প্ৰস্ৰাৱ ক’লা
  • জণ্ডিচ
  • দুৰ্বল
  • জ্বৰ আদি।

সময়মতে চিকিৎসা লওক

এনে লক্ষণ দেখা দিলে সময়মতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ। যদি চিকিৎসা পলমকৈ আৰম্ভ কৰা হয় তেন্তে এই ৰোগে যকৃতৰ গুৰুতৰ ক্ষতি কৰিব পাৰে।

প্ৰতিকাৰৰ উপায়

  • বিশুদ্ধ পানী,
  • সুষম খাদ্য,
  • সজাগতা
  • পৰিষ্কাৰ-পৰিচ্ছন্নতা,
  • বাৰিষা বিশেষ যত্ন।

 

 

অন্য খবৰ পঢ়কঃ মহে কামোৰাৰ ফলত হোৱা চিকুংগুনিয়াৰ লক্ষণসমূহ কি কি জানেনে? জানক বিশেষজ্ঞৰ পৰা…

গুপ্তাংগৰ অত্যন্ত গোন্ধ ওলাই নেকি… এয়া কি ৰোগৰ লক্ষণ?
ডাকঘৰৰ এই আঁচনিসমূহে দিব আপোনাক যথেষ্ঠ লাভ, জানক ক'ত কেনেকৈ কৰিব জমা
শীতকালত পেটৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ খাওক এইবোৰ খাদ্য...
এই অভ্যাস ত্যাগ কৰক, কেনেধৰণৰ খাদ্যই কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে ? জানক
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...