গৰমৰ দিনত বৃদ্ধি পাই হিট ষ্ট্ৰ’কৰ আশংকা, ইয়াৰ লক্ষণ কি, কেনেকৈ পৰিত্ৰাণ পাব, জানক চিকিৎসকৰ পৰা…

Heat stroke: গৰমৰ দিনত বৃদ্ধি পাই হিট ষ্ট্ৰ'কৰ আশংকা। ইয়াৰ পৰা হাত সাৰিবলৈ মানুহে কিছুমান সাৱধানতা অৱলম্বন কৰা দৰকাৰ। ইয়াৰ বিষয়ে সবিশেষ জনাইছে এইমছক চিকিৎসকে।

গৰমৰ দিনত বৃদ্ধি পাই হিট ষ্ট্ৰ’কৰ আশংকা, ইয়াৰ লক্ষণ কি, কেনেকৈ পৰিত্ৰাণ পাব, জানক চিকিৎসকৰ পৰা...

হিট ষ্ট্ৰোক (প্ৰতীকী ফটো)

Published: 

09 Jun 2025 | 06:06 PM

গৰমে দহিছে ৰাজ্য। গৰমৰ দিনত বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দিয়ে। গতিকে এই দিনকেইটাত সাৱধানে থকা ভাল। বৰষুণৰ অন্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া উষ্ণতা বৃদ্ধি পাইছে। এনে পৰিস্থিতত হিট ষ্ট্ৰ’কৰ আশংকাও যথেষ্ট বৃদ্ধি পাইছে। হিট ষ্ট্ৰ’ক হৈছে এনে এক গুৰুতৰ অৱস্থা য’ত হঠাতে শৰীৰৰ উষ্ণতা বহু পৰিমাণে বৃদ্ধি পায় আৰু ই মাৰাত্মকও হ’ব পাৰে। কেতিয়াবা ইয়াৰ বাবে মানুহে প্ৰাণো হেৰুয়ায়। এই সন্দৰ্ভত এইমছৰ চিকিৎসকে জনাই যে কিছু সাৱধানতা অৱলম্বন কৰিলে ইয়াৰ পৰা হাত সাৰিব পাৰি।

এই লেখাটোত এইমছৰ চিকিৎসকে দিয়া পাঁচটা সহজ উপায়ৰ উল্লেখ কৰা হৈছে। যি গ্ৰহণ কৰিলে আপুনি সুৰক্ষিত হৈ থাকিব পাৰিব। এইমছ দিল্লীৰ চিকিৎসা বিভাগৰ অতিৰিক্ত অধ্যাপক ডাঃ নীৰজ নিশ্বলে এই টিপছ দিছে।

ৰ’দৰ পৰা আঁতৰি থাকক

গ্ৰীষ্ণকালত দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৪ বজালৈ সূৰ্যৰ পোহৰ অতি প্ৰবল হয়। এই সময়চোৱাত হিট ষ্ট্ৰ’কৰ আশংকা বৃদ্ধি পায়। গতিকে প্ৰয়োজনীয়া নহ’লে এই সময়চোৱাত ৰ’দত ওলাই যাব নালাগে। ঘৰৰ ভিতৰতে থাকিব লাগে। যদি বাহিৰলৈ যাবলগীয়া হয় তেতিয়া ছাটি, টুপি বা স্ক্ৰাফ লৈ যোৱা প্ৰয়োজনীয়। মূৰটো ঢাকি ৰাখিব লাগে।

পানী বা তৰল পদাৰ্থ

গৰমৰ দিনত বহু ঘাম ওলায়। তেনে অৱস্থাত ঘামৰ দ্বাৰা শৰীৰৰ পৰা পানী আৰু নিমখ নোহোৱা হয়। এনে অৱস্থাত হিট ষ্ট্ৰ’ক হ’ব পাৰে। গতিকে গোটেই দিনটো প্ৰচুৰ পৰিমাণে পানী খাব লাগে। লগতে নেমু পানী, নাৰিকল পানী,জলজীৰা, গ্লুক’জ আদি তৰল পদাৰ্থ খাই থাকিব লাগে। পানী পৰিষ্কাৰ আৰু সতেজ হোৱা প্ৰয়োজনীয়।

পাতল কাপোৰ

গ্ৰীষ্মকালত কাপোৰেও বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চিকিৎসকৰ মতে, গৰমত ঢিলা কপাহী, পাতল ৰঙৰ কাপোৰ পৰিধান কৰিব লাগে। যাতে বায়ু চলাচল কৰিব পাৰে । টাইট আৰু চিন্থেটিক কাপোৰে শৰীৰৰ উষ্ণতা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত হিট ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি পায়।

শৰীৰ ঠাণ্ডা

শৰীৰ ঠাণ্ডা ৰখাৰ চেষ্টা কৰিব লাগে। কিন্তু আপুনি যদি গৰমত বাহিৰৰ পৰা আহিছে তেন্তে লগে লগে এচিৰ তলত যাব নালাগে বা গা ধুব নালাগে। প্ৰথমে ফেনৰ তলত কিছু সময় বহি ল’ব। শৰীৰৰ উষ্ণতা স্বাভাৱিক অৱস্থালৈ অহাৰ পাছত গা ধুব।ঠাণ্ডা পানীৰে মুখ-হাত-ভৰি ধুব লাগে। তিতা টাৱেলেৰে ডিঙি, মূৰ আদি শীতল কৰি ৰাখিব লাগে।

লক্ষণ

  • মূৰ ঘূৰোৱা,
  • তীব্ৰ মূৰৰ বিষ,
  • বমি,
  • অধিক জ্বৰ,
  • ঘাম নলোৱা
  • শৰীৰ ৰঙা বা শুকান হোৱা আদি।

এনে অৱস্থাত তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰি ব্যক্তিজনক শীতল ঠাইলৈ লৈ যাব লাগে। লগতে তিতা কাপোৰেৰে গাটো মচি দিব লাগে। যদিহে ব্যক্তিজনৰ চেতনা থাকে তেন্তে ঠাণ্ডা পানী খাবলৈ দিব লাগে।

 

অন্য খবৰ পঢ়কঃ আঁঠু আৰু ভৰিৰ বিষ হ’ব পাৰে এই গুৰুতৰ ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...