গ্ৰীষ্মকালত এই ৫টা ভুলে হৈ পৰে হিট ষ্ট্ৰ’কৰ কাৰণ! জানক সুৰক্ষিত হৈ থকাৰ উপায়…

Summer Health Tips: সূৰ্যৰ প্ৰচণ্ড উত্তাপৰ লগতে গৰম বতাহৰ বাবে হিট ষ্ট্ৰ’ক ৰ আশংকা যথেষ্ট বৃদ্ধি পায়। ইয়াৰ বাবে ৰোগীৰ অৱস্থা কেতিয়াবা অতি ভয়াৱহ হৈ পৰে। মানুহৰ নিজৰ কিছুমান ভুলৰ ফলতো হিট ষ্ট্ৰ’ক হয়। এই ক্ষেত্ৰত কি কি কথা মনত ৰাখিব লাগে জানো আহক।

গ্ৰীষ্মকালত এই ৫টা ভুলে হৈ পৰে হিট ষ্ট্ৰ’কৰ কাৰণ! জানক সুৰক্ষিত হৈ থকাৰ উপায়...

হিট ষ্ট্ৰ’কৰ কাৰণ

Updated On: 

19 Apr 2025 13:01 PM

গ্ৰীষ্মকালত হিট ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়। এজন লোক হিট ষ্ট্ৰ’কত আক্ৰান্ত হ’লে তেওঁৰ শৰীৰৰ উষ্ণতা বৃদ্ধি পায়। ৰোগীজনক তীব্ৰ মূৰৰ বিষ, চকু পানী ওলোৱা, বমি-বমি ভাৱ, অস্থিৰতা, ভ্ৰম হোৱা, হৃদস্পন্দন বৃদ্ধি, উশাহ-নিশাহ দ্ৰুত, মূৰ ঘূৰোৱা আৰু অজ্ঞান হৈ পৰা আদি দেখা যায়। এই লক্ষণসমূহ দেখা পোৱাৰ লগে লগে আক্ৰান্ত ব্যক্তিজনক উষ্ণতা কম তথা আৰামদায়ক আৰু মুকলি ঠাইত বহিবলৈ দিব লাগে। ইয়াৰ উপৰিও তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে। গৰমক পৰাস্ত কৰিবলৈ এক সঠিক ৰুটিনৰ অতি প্ৰয়োজনীয়। বহু সময়ত নিজৰ ভুলৰ বাবে, জানি-বুজি হওক বা অজানিতে হওক, এজন লোক হিট ষ্ট্ৰ’কৰ বলি হ’ব পাৰে। এনে পৰিস্থিতিত কিছুমান সৰু সৰু কথা মনত ৰখাৰ প্ৰয়োজন।

হিট ষ্ট্ৰ’ক হ’ল শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা, অৰ্থাৎ শৰীৰে নিজকে শীতল কৰি ৰাখিবলৈ অক্ষম হোৱা অৱস্থা। এই পৰিস্থিতিক হাইপাৰথাৰ্মিয়া বুলিও কোৱা হয়, য’ত ব্যক্তিক তৎকালীন চিকিৎসাৰ প্ৰয়োজন হয়, নহ’লে কেতিয়াবা হিট ষ্ট্ৰ’ক মাৰাত্মক হ’ব পাৰে। কি কি কাৰণত হিট ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি পায় জানো আহক।

তৰল পদাৰ্থ নোখোৱা

হিটষ্ট্ৰ’কৰ পৰা হাত সাৰিবলৈ শৰীৰত হাইড্ৰেটেড হৈ থকাটো অতি প্ৰয়োজনীয়। বহুতে পানী কমকৈ খায়, যাৰ ফলত ডিহাইড্ৰেচন হয়। গৰমৰ বাবে শৰীৰৰ উষ্ণতা যথেষ্ট বৃদ্ধি পাব পাৰে, যাৰ ফলত হিট ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। গ্ৰীষ্মকালত প্ৰচুৰ পৰিমাণে পানী খোৱাৰ লগতে বেলৰ , নেমু, কমলা আদিৰ চৰবৎ, ছাছ, আম পান্না, নাৰিকলৰ পানী ইত্যাদি তৰল পদাৰ্থ সেৱন কৰিব লাগে।

অত্যাধিক সুৰা বা কেফেইন সেৱন কৰা

মদ্যপানেও শৰীৰক ডিহাইড্ৰেট কৰে। যাৰ ফলত হিট ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও মদৰ আন বহুতো গুৰুতৰ লোকচান আছে। গ্ৰীষ্মকালত কেফেইন অৰ্থাৎ চাহ আৰু কফি কম পৰিমাণে সেৱন কৰিব লাগে। কিছুমান মানুহৰ দিনটোৰ ভিতৰত বেছিকৈ চাহ বা কেইবাকাপ কফি খোৱাৰ অভ্যাস থাকে, যাৰ ফলত আপুনি হিট ষ্ট্ৰ’কৰ বলি হ’ব পাৰে।

ৰ’দত ওলালে সাৱধান নোহোৱা

হিটষ্ট্ৰ’কৰ পৰা হাত সাৰিবলৈ বহুত ৰ’দ দিয়াৰ সময়ত বাহিৰলৈ ওলাই নাযাবলৈ চেষ্টা কৰিব লাগে। অৰ্থাৎ দুপৰীয়া ১২ বজাৰ পৰা দুপৰীয়া প্ৰায় ৩ বজালৈকে ঘৰৰ ভিতৰত থাকিব লাগে। বহু সময়ত মানুহে বাহিৰলৈ ওলাই যোৱাৰ সময়ত বা গৰমত ৰ’দত কাম কৰাৰ সময়ত সৰু সৰু কথাবোৰত গুৰুত্ব নিদিয়ে। যেনে মূৰ ঢাকি নোলোৱা। যদি আপুনি বাহিৰলৈ ওলাই যাব বা কিবা কাম আছে, তেন্তে পাতল ৰঙৰ কপাহী কাপোৰেৰে মূৰটো ঢাকি ৰাখক। মাজে মাজে বিৰতি লৈ ছাঁলৈ যাওক। ইলেক্ট্ৰলাইট পাউদাৰ লগত ৰাখি পানীত মিহলাই পান কৰক, যাৰ ফলত শক্তি পোৱা যাব। ইয়াৰ ফলত শৰীৰটোও জলসিঞ্চিত হৈ থাকিব।

কাৰ্বনেটেডযুক্ত পানীয় খোৱা

যদি আপুনিও গৰমৰ দিনত শীতল পানীয় বেছিকৈ খায়, তেন্তে ইয়াৰ ফলত হিট ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি পায়। বহুতে ভাবে যে কাৰ্বনেটেড পানীয় তৰল আৰু লগতে গৰমৰ পৰা সকাহ দিয়ে, সেয়েহে মানুহে চিন্তা নকৰাকৈয়ে সেইবোৰ খায়। কিন্তু ইয়াৰ বাবে শৰীৰত পানীৰ লগতে ইলেক্ট্ৰলাইট কমি যায়। ফলত আন বহুতো স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে।

ব্ৰেকফাষ্ট  নকৰা

এই ব্যস্ত জীৱনত মানুহৰ খাদ্যাভ্যাসৰো যথেষ্ট অৱনতি ঘটিছে। প্ৰায়ে মানুহে কামলৈ যাবলৈ বা ৰাতিপুৱা খৰখেদাকৈ স্কুল-কলেজ পোৱাৰ বাবে ব্ৰেকফাষ্ট এৰি দিয়ে। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ বহু ক্ষতি হয়। যদি আপুনি গ্ৰীষ্মকালত ভোকত থাকে তেন্তে হিট ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি পায়। যদি আপুনি ব্ৰেকফাষ্ট কৰিব নোৱাৰে তেন্তে তৰমুজ, খৰমুজ, তিয়হ আদি ফল কাটি পেক কৰি লৈ বাটত খাব পাৰে।

কি কথাত বিতুষ্ট চেন্নাইৰ অনুৰাগী! নায়কৰ দৰে খেলিও খলনায়কৰ দৰে ব্যৱহাৰ পালে নেকি কুৰাণে?
জিভাত বগা তৰপ পৰিছে নেকি? তেন্তে এই সহজ উপায়ৰ দ্বাৰা কৰক আঁতৰ...
অনবৰতে মন বেয়া লাগি থাকে নেকি? জানক ডিপ্ৰেছনৰ লক্ষণসমূহ...
গৰমৰ দিনত আপোনাৰ অত্যাধিক মূৰৰ বিষ হয় নেকি? কাৰণ জানক