হৃদযন্ত্ৰ দুৰ্বল হ’লে শৰীৰে দিয়ে এই ৫টা সংকেত! জানক চিকিৎসকৰ পৰা…

আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ হৃদযন্ত্ৰ। গতিকে ইয়াৰ যত্ন লোৱা আৱশ্যক। যেতিয়া মানুহৰ হৃদযন্ত্ৰ দুৰ্বল হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

হৃদযন্ত্ৰ দুৰ্বল হলে শৰীৰে দিয়ে এই ৫টা সংকেত! জানক চিকিৎসকৰ পৰা...

হৃদযন্ত্ৰ

Published: 

15 Aug 2025 13:40 PM

আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ হৃদযন্ত্ৰ (Heart)। ই শৰীৰৰ কোষসমূহলৈ তেজ পাম্প কৰি অক্সিজেন আৰু পুষ্টিকৰ উপাদানৰ যোগান ধৰে। যেতিয়া হৃদযন্ত্ৰ দুৰ্বল হয় তেতিয়া এই প্ৰক্ৰিয়া কিছু দুৰ্বল হৈ পৰে।  যেতিয়াই তেজ পাম্প কৰিব নোৱাৰে তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। গতিকে এই লক্ষণসূহ চিনাক্ত কৰি সময়মতে চিকিৎসা গ্ৰহণ কৰা প্ৰয়োজন। হৃদযন্ত্ৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰিলে শৰীৰে দিয়া কেইটামান লক্ষণ এই লেখাটোত উল্লেখ কৰা হ’ল।

এপ’ল’ হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগৰ ডাঃ বৰুণ বংছালে কয় যে, হৃদযন্ত্ৰৰ সমস্যাৰ লগত জড়িত এটা সাধাৰণ লক্ষণ হ’ল উশাহ-নিশাহ লোৱাত অসুবিধা। অলপ কাম কৰিলে ভাগৰ লগা বা উশাহ গধুৰ হোৱা, কেইটামান চিৰি বগালে উশাহত সমস্যা আদি সংকেত হ’ব পাৰে। কেতিয়াবা এনে সমস্যা হোৱা সাধাৰণ কথা, কিন্তু বাৰে বাৰে যদি এনে সমস্যাই দেখা দিয়ে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

লক্ষণ

শৰীৰত ফুলাঃ  হৃদযন্ত্ৰ দুৰ্বল হ’লে পৰ্যাপ্ত পৰিমাণৰ তেজ শৰীৰৰ অংগবোৰে লাভ নকৰে। যাৰ ফলত শৰীৰত তৰল পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে। এনেক্ষেত্ৰত ভৰি, গোৰোহা, ভৰিৰ আঙুলি বা পেটৰ চাৰিওফালে ফুলিব পাৰে। ইয়াৰ ফলত জোতা পিন্ধাত সমস্যা, ভৰিত বিষ আদি অনুভৱ হ’ব পাৰে। সাধাৰণতে এই বিষ পুৱা কম আৰু নিশা বেছি হয়।

ভাগৰ আৰু দুৰ্বলতাঃ হৃদযন্ত্ৰৰ সমস্যা হ’লে প্ৰায়ে ভাগৰ আৰু দুৰ্বল অনুভৱ হ’ব পাৰে। জিৰণি লোৱাৰ পাছতে এই সমস্যা থাকে। কোনো কাম নকৰাকৈ,জিৰণি লোৱাৰ পাছতো যদি ভাগৰ লাগি থাকে আৰু দুৰ্বল অনুভৱ হৈ থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

দ্ৰুত বা অনিয়মিত হৃদস্পন্দনঃ হৃদস্পন্দন দ্ৰুত, লেহেমীয়া বা অনিয়মিত হোৱা হৃদযন্ত্ৰৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। কেতিয়াবা পেনিক লাগিব পাৰে। ই হাৰ্টৰ সমস্যাৰ এক গুৰুত্বপূৰ্ণ লক্ষণ।

মূৰ ঘূৰোৱা বা মূৰ্চ্ছা যোৱাঃ হৃদযন্ত্ৰ দুৰ্বল হ’লে শৰীৰৰ অন্যান্য অংশৰ লগতে মগজুলৈও পৰ্যাপ্ত পৰিমাণৰ তেজৰ নাযায়। যাৰ ফলত ৰোগীৰ সঘনাই মূৰ ঘূৰোৱা, মূৰটো লঘু হোৱা বা হঠাতে অজ্ঞান হোৱা আদি সমস্যা হ’ব পাৰে।

অন্যান্য গুৰুতৰ লক্ষণ

  • বুকুৰ বিষ বা চাপ,
  • ভোক কমি যোৱা,
  • ওজন কমি যোৱা
  • টোপনিৰ সময়ত উশাহ লোৱাত কষ্ট পোৱা আদি ।

যদি এই লক্ষণসমূহে দেখা দিয়ে,তেন্তে তৎক্ষণাত বিশেষজ্ঞ চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।

কেনেকৈ প্ৰতিৰোধ কৰিব?

  • সুষম খাদ্য গ্ৰহণ কৰক।
  • ব্যায়াম কৰক।
  • খোজ কাঢ়িব লাগে।
  • ৰক্তচাপ, ডায়েবেটিছ, কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখক।
  • পৰ্যাপ্ত টোপনি,
  • মানসিক চাপৰ পৰা আঁতৰি থাতত।
  • ধূমপান নকৰিব।
  • মদ্যপান নকৰিব।
  • জাংক ফুডৰ পৰা আঁতৰি থাকক।

 

অন্য খবৰ পঢ়কঃ শৰীৰত আইৰণৰ অভাৱ! মহিলাসকলে ভুলতো আওকান নকৰিব এই ৩ টা লক্ষণ, জানক…

আপোনাৰো বিবাহ হোৱা নাই নেকি? জপ কৰক এই বিশেষ মন্ত্ৰ
তিয়ঁহ ক্ৰয় কৰাৰ সময়তে তিতা হ’ব নেকি কিদৰে জানিব পাৰিব? চাওক কিছু সহজ উপায়
জীৱনলৈ ভাল দিন আহিলে সপোনে দিয়ে এইসমূহ সংকেত...
পেটৰ সংক্ৰমণ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...